বহু দিনৰ আগৰ কথা। বাৰানসীৰ এটা মন্দিৰৰ আগ চোতালত এদিন শূন্যৰ পৰা হঠাতেই এখন সোণৰ থাল পৰিল। মন্দিৰৰ পুৰোহিতে আগবাঢ়ি গৈ আথে-বেথে থালখন তুলি ল’লে। এনেতে শূন্যৰ পৰাই কোনোবাই কোৱা শুনিবলৈ পালে—‘‘ৰাজ্যৰ যিজন লোকেই আটাইতকৈ সাধু, দয়ালু আৰু পৰোপকাৰী তেওঁকেই এই থালখন দিবা।’’
দৈৱবাণীমতে সেই ৰাজ্যৰ আটাইতকৈ সাধু আৰু পৰোপকাৰী বুলি খ্যাতি থকা লোকজন এদিন মন্দিৰলৈ অহাত পুৰোহিতে তেওঁক থালখন দান কৰিলে। মানুহজনে দেখিবলৈ পালে যে সেইখন দেখোন সোণৰ নহয় এখন লোৰ থালহে। তেওঁ লগে লগে ঘূৰাই দিলেহি। কিন্তু কি আচৰিত, পুৰোহিতৰ হাতত পৰাৰ লগে লগে থালখন আকৌ সোণৰ হৈ পৰিল।
ইয়াৰ পাছত পুৰোহিতে ৰাজ্যৰ অনেক গণ্য-মান্য লোকক থালখন দান কৰিলে। সকলোৰে ক্ষেত্ৰত কিন্তু একেই হ’ল। সকলোৱে লোৰ থালখন আনি পুৰোহিতক ঘূৰাই দিব ধৰিলে। ইয়াৰ পাছত পুৰোহিতৰ বুজিবলৈ বাকী নাথাকিল যে আগপাতত খোৱা সকলো দেখোন গভাইত চোৰেই। পুৰোহিতজন তথাপি হতাশ নহ’ল। তেওঁ প্রকৃত সাধু আৰু পৰোপকাৰী লোকৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিলে।
এনেতে আলি মন্দিৰটোত প্রতিবছৰে পালন কৰা সেই পৰ্বৰ দিনটো আহি পালেহি। সেই পৱিত্র দিনত ৰাজ্যৰ অনেক প্রজাই মন্দিৰত গোট খায়হি। এইবাৰো অসংখ্য মানুহৰ সমাগম হৈছে। বিভিন্ন মানুহৰ মাজতে ওলালহি মাটিত বাগৰি বাগৰি অহা এগৰাকী কুষ্ঠৰোগী। প্রখৰ ৰ’দত মাটিত বাগৰি অহা ৰোগীজনে পিয়াহত আকুল হৈ ‘পানী’, ‘পানী’ বুলি অতি কাতৰভাবে দৰ্শনাৰ্থী ভক্তসকলক এটুপি পানী বিচাৰিলে। কিন্তু কোনেও তেওঁৰ ফালে ঘূৰিকে নাচালে। বৰং লেই লেই চেই চেই কৰি তাক তাৰপৰা খেদিবলৈহে ধৰিলে। এনেতে এজন মানুহে মাটিৰ পাত্র এটাত পানী ভৰাই আনি ৰোগীজনক বৰ যতনেৰে খুৱাই দিলে।
কোনো ভয়, কোনো সংকোচ নকৰাকৈ তেওঁৰ পিনে আচৰিত হৈ চাব ধৰিলে। ফটাচিটা কাপোৰ পিন্ধা এজন তেনেই সাধাৰণ লোক। কিন্তু মুখ মণ্ডলত উজলি উঠিছিল দয়া-কৰুণাৰ কোমল আভা। এই লোকজনৰ কাম আৰু আচৰণে পুৰোহিতৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁ হৰ্ষচিত্তে সোণৰ থালখন লোকজনৰ হাতত তুলি দিলে আৰু তাৰ প্রতিক্রিয়ালৈ অপেক্ষা কৰিলে। এইবাৰ কিন্তু থালখনৰ একো বিকাৰ নঘটিল। দীৰ্ঘদিনৰ মূৰত প্রকৃত সাধু এজনৰ সন্ধান পাই পুৰোহিতজনে পৰম শান্তি লভিলে।
0 comments:
Post a Comment