
কিন্তু সেই বুলি জীৱন নিৰাশ নহ’ল। মানুহে এদিন চৰাইৰ দৰে আকাশত উৰিব পাৰিবই— এই স্বপ্ন সি তাৰ বুকুৰ মাজত বহন কৰি লৈ ফুৰিল।
ত্ৰিশ পুৰুষৰ পিছত লিওনাৰ্ডো দ্য ভিঞ্চিয়ে এটা উৰিব পৰা যন্ত্ৰৰ কেতবোৰ ছবি আঁকি উলিয়ালে। ছবিবোৰ ইমান সুন্দৰ আছিল যে সেইবোৰত চকু পৰিলেই বুকুৰ মাজত এটা যন্ত্ৰণা অনুভৱ হয়। ছবিবোৰ আঁকি শেষ কৰি তেওঁ নিজৰ টোকা বহীত এটা সৰু বাক্য লিখিলে: “মই মানুহৰ কাৰণে ডেউকা সাজিম।” কিন্তু লিওনাৰ্ডোৰ সপোন নফলিয়ালে।
মানুহে উৰি ফুৰা দেখিবলৈ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হ’ল।
কিন্তু জীৱনে তাৰ স্বপ্ন বুকুৰ মাজত বহন কৰি লৈ ফুৰিল। আৰু কেইবাপুৰুষ পাৰ হৈ গ’ল। মানুহে ভাবিবলৈ ধৰিলে যে মানুহৰ পক্ষে উৰা সম্ভৱ নহয়, কাৰণ সেইটো ঈশ্বৰৰ ইচ্ছা নহয়। কিন্তু মানুহে এদিন সঁচাকৈয়ে আকাশলৈ উৰা মাৰিলে।
জীৱন তাকেই বোলে— যি এবাৰৰ কাৰণেও হতাশ বা ভগ্নোদ্যম নহৈ তিনি হাজাৰ বছৰ ধৰি একেটা উদ্দেশ্যত লাগি থাকিব পাৰে। ব্যক্তি বিশেষ ব্যৰ্থ হ’ব পাৰে, কিন্তু জীৱন সদায় জয়ী হয়। ব্যক্তিৰ মৃত্যু হয়; কিন্তু জীৱন, অক্লান্ত আৰু অপৰাজেয়। জীৱন চিৰকাল নিজৰ বাটত আগুৱাই গৈ থাকে বিস্মিত হৈ, সোণৰ সোলেং বিচাৰি, ভাঙি, পাতি, চেষ্টা কৰি, পৰীক্ষা-নিৰীক্ষা কৰি, এবাৰ উঠি এবাৰ নামি, সিদ্ধি লাভ কৰি, আশা কৰি, সপোন দেখি...
জীৱন নিজৰ বাটত আগুৱাই গৈ থাকে চিৰকাল।
0 comments:
Post a Comment