মোৰ ‘মা’ৰ মোমায়েক মানে মোৰ মামা ককা। তেখেত ঢুকোৱা আজি প্ৰায় এবছৰ হৈছে। মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথাত তেখেতৰ বৰঙণি আছিল অপৰিসীম। মই মেট্ৰিক দিবলৈ লোৱাৰ সময়তে তেখেত ১৫ দিনমান থকাকৈ আমাৰ ঘৰলৈ আহিছিল। সেইসময়ত মই মানুহজনক ভালেই পাইছিলো কিন্তু বৰকৈ পঢ়া-শুনা কথাবোৰ কৈ থাকে কাৰণেই হয়তো একধৰণৰ বিৰক্তিবোধ জাগি উঠিছিল আৰু এতিয়া তেখেতক কৃতজ্ঞতা জনাবলৈ হয়তো মোৰ শব্দৰ আকাল হ’ব। তেখেতেই মোক বাতৰি-কাকত পঢ়িবলৈ শিকাইছিল, সময়ৰ অপব্যয় কৰিবলৈ বাৰেপতি হাক দিছিল, বিদ্যালয়ৰ কিতাপবোৰ পঢ়াৰ মাজতেই অন্য কিতাপবোৰ পঢ়িবলৈ জোৰ দি কৈছিল। তেখেতৰ ভাষাত সেইবোৰ আছিল ‘বাহিৰা কিতাপ’। এই বাহিৰা কিতাপবোৰৰ মাজত তেখেতে কিন্তু গল্প, উপন্যাসক সাঙুৰি ল’বলৈ সমূলি বাধা দিছিল। তেখেতে মোলৈ গুৱাহাটীৰ পৰা অসংখ্য নহ’লেও গণিব পৰা কেইখনমান জ্ঞানগৰ্ভ কিতাপ আনি দিছিল। মই বাধ্য হৈছিলো সেইবোৰ পঢ়িবলৈ, অন্ততঃ তেখেত আমাৰ ঘৰত থকা দিনকেইটাত। প্ৰকৃতাৰ্থত তেখেত এগৰাকী জ্ঞানী ব্যক্তি আছিল যি সময়, জীৱন আৰু জ্ঞানৰ মূল বুজিছিল। অৱশ্যে মই সেইকথাক মেট্ৰিক পৰীক্ষা দি উঠিয়েই উপলব্ধি কৰিছিলো যদিও তাক কামত খটুৱাব পৰা নাছিলো আৰু আজি এবছৰমানৰ পৰা সেই কথাটোক লৈ মই মাজে-সময়ে নিজৰ ওচৰতে অনুতাপ কৰিবলগীয়া হৈ আহিছে। কিন্তু বৰ্তমানে মই তেখেতে দেখুৱাই যোৱা সেই পথটোৰেই খোজ দি আছো তাকে লৈ মোৰ আজি উলাহৰ সীমা নাই।
এটা সঁচা কথা, সময়তকৈ ভাল আৰু সঠিক শিক্ষাগুৰু মানুহৰ বাবে কোনো হ’ব নোৱাৰে। মামা ককাই মোক বাৰে বাৰে জীৱনৰ বাবে এটা সঠিক পথ দেখুৱাই দিওঁতেও যাক অৱহেলা কৰিছিলো সেই সুমতি মোক সময়ে দিলে। জ্ঞানতকৈ ডাঙৰ শক্তি আন একো হ’ব নোৱাৰে যি এন্ধাৰৰ পৰা পোহৰলৈ যোৱা জীৱনৰ কণ্টকময় পথটো ফুলৰ পাহিৰে ৰঙীণ কৰি তোলে। বাৰ্টাণ্ড ৰাচেলে কৈছিল, “ভয়েই হ'ল অন্ধবিশ্বাসৰ প্ৰধান উৎস আৰু ভয়েই নৃশংসতাৰো কাৰণ। জ্ঞানেহে ভয়, জগতত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস দূৰ কৰিব পাৰিব।”
আজি ময়ো মামা ককাৰ দৰে ক’ব খোজো যে আপোনালোকেও কিতাপ পঢ়ক, বিভিন্ন বাতৰি-কাকত পঢ়ক আৰু আনকো পঢ়াৰ প্ৰতি উৎসাহিত কৰক। এই জীৱনকাল সীমিত, কিন্তু জ্ঞান সীমাহীন।

0 comments:
Post a Comment