বৰ্তমান সময়ত মানুহে মানুহক বৰকৈ তোষামোদ কৰে। তোষামোদ কৰি কৰিয়েই সেইবোৰ মানুহে আপোনাৰ অন্তৰৰ নিচেই কাষত অৱস্থান কৰিব পৰাৰ ক্ষমতাখিনি আদায় কৰি লয়। এইক্ষেত্ৰত ‘প্ৰশংসাপ্ৰিয় মানুহ’বোৰ খুব বেছিকৈয়ে আক্ৰান্ত হয়। তেওঁলোকে সঁচা প্ৰশংসা আৰু তোষামোদৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নোৱৰা হয়। তোষামোদকাৰী মানুহবোৰে এই প্ৰশংসাপ্ৰিয় মানুহবোৰক অন্ধ কৰি তোলে।
এইখিনিতে আপোনালোকক এটা কাহিনী কওঁ—
এসময়ত জেৰুজালেমত চল’মান নামেৰে এজন জ্ঞানী ৰজা আছিল। তেওঁৰ পৰিষদবৰ্গৰ মাজৰ ভালেকেইজনে সুবিধা পালেই ৰজাৰ গুণ-গৰিমা গাই ৰজাক তোষামোদ কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰজাৰ প্ৰিয়পাত্ৰ হ’বলৈ চেষ্টা কৰিছিল। ৰজাই তেওঁলোকৰ সেই তোষামোদ ভাল নাপাইছিল আৰু তেওঁলোকক লাজ দিবলৈকে ৰজাই উপায় চিন্তা কৰি আছিল।
এদিন ৰজা সাগৰৰ পাৰলৈ ফুৰিবলৈ গ’ল, লগত আছিল তেওঁৰ পৰিষদবৰ্গ। জোৱাৰৰ পৰা সাগৰত ঢৌ আহিছিল। সেই ঢৌ সাগৰৰ পাৰৰ পিনে আহি আছিল। এইদৰে ৰজাই ঢৌ চাই থাকোতেই এজন পৰিষদে ৰজাৰ মন ভাল লগাবলৈ বুলি ক’লে, ‘‘মহাৰাজ, সাগৰৰ ঢৌ পাৰলৈ অহাত আপুনি আমনি পাইছে। আপুনি হুকুম দিলে সাগৰৰ ঢৌ ইয়াৰপৰা আঁতৰি যাব।’’ সেই কথাত আন তোষামোদকাৰী পৰিষদ কেইজনেও লগ দি ঢৌয়ে ৰজাৰ হুকুম মনাৰ কথাত জোৰ দিলে। জ্ঞানী ৰজাই তোষামোদকাৰী সকলক লাজ দিয়াৰ এটা সুবিধা পালে। ৰজাই হাত জোকাৰি ঢৌবোৰ আঁতৰি যাবলৈ হুকুম দিলে।
ঢৌবোৰ আঁতৰি নোযোৱাত তোষামোদকাৰী পৰিষদবোৰ লাজত পৰিল আৰু তেতিয়াৰ পৰা তেওঁলোক অলপ সাৱধান হ’ল। এয়া ইংলেণ্ডৰ এটা পুৰণি আখ্যান।
উইলিয়াম হেজলিট নামৰ বিখ্যাত ব্যক্তি গৰাকীয়ে কৈছে—
‘‘পৃথিৱীত লাখ লাখ মানুহক নিতৌ মানুহেই হত্যা কৰিব ধৰিছে। কিন্তু আমি জানো এই হতভগীয়া মানুহবোৰৰ কথা এবাৰলৈ চিন্তা কৰিছো? নাই কৰা। আমি চিন্তাত মৰিছো আমাৰ হাতৰ আঙুলিত পোৱা সামান্য আঘাতৰ যন্ত্ৰণাক লৈ।’’
মানুহবোৰ স্বাৰ্থপৰ হৈ পৰিছে ক্ৰমাৎ। মাত কথাত মিঠা যিমান বাঢ়িছে, অন্তৰৰ তিতাও সিমানেই বাঢ়িছে। মানুহক অন্ধভাৱে বিশ্বাস কৰাটো আজিৰ দিনত এটা মাৰাত্মক ভুল। সঁচা কথা, আপুনি চল-চাতুৰিৰে আপোনাৰ শুভাকাংক্ষীৰ পৰীক্ষা লওক। তাতেই গম পাব কোনে আপোনাক নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে আৰু কোনে আপোনাক নিঃস্বাৰ্থভাৱে ভালপায়।

0 comments:
Post a Comment