(প্রথম খণ্ড)
এগৰাকী ৰজাৰ মনত ভাব হৈছিল যে তেওঁ যদি তিনিটা কথা জানে, তেন্তে তেওঁ কেতিয়াও কোনো কামতেই অকৃতকাৰ্য নহয়। সেই কথাকেইটা আছিল— কোনো এটা কাম আৰম্ভ কৰাৰ উচিত সময় কোনটো? কোনবোৰ মানুহক তেওঁ গুৰুত্ব দিব? আৰু তেওঁৰ বাবে কৰিবলগীয়া কোনটো কাম অধিক গুৰুত্বপূৰ্ণ?
সেয়ে ৰজাই তেওঁৰ ৰাজ্যৰ চাৰিওফালে দূত পঠিয়াইছিল আৰু যিজনে এই প্ৰশ্ন তিনিটাৰ সঠিক উত্তৰ দিব পাৰিব, ৰজাই তেওঁক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
বহুত জ্ঞানী লোক ৰজাৰ ওচৰলৈ আহিছিল, কিন্তু সকলোৱে ৰজাৰ প্ৰশ্ন কেইটাৰ পৃথক পৃথক উত্তৰহে দিছিল।
প্ৰথম প্ৰশ্নৰ উত্তৰত কিছুসংখ্যকে কৈছিল—
ৰজাই এখন সময়সূচী প্ৰস্তুত কৰিব লাগে আৰু সেই সময়সূচীখন নিৰ্ভূলভাৱে পালন কৰিব লাগে। ইয়াৰ ফলত ৰজাই প্ৰতিটো কাম সঠিক সময়ত আৰু নিয়াৰিকৈ কৰিব পাৰিব। আন কোনোৱে আকৌ কৈছিল— কোনো এটা কাম কৰিবলৈ আগতীয়াকৈ সঠিক সময় নিৰ্ণয় কৰাটো অসম্ভৱ। ৰজাই সকলো কথাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। অৰ্থহীন আমোদ-প্ৰমোদ ত্যাগ দিব লাগিব আৰু সময়ত আৱশ্যকীয় কামবোৰ কৰি যাব লাগিব। আকৌ আন এজনে কৈছিল— ৰজাক জ্ঞানীলোকেৰে গঠিত এখন সমিতিৰ আৱশ্যক, যিয়ে ৰজাক সঠিক সময়ত সহায় কৰিব পাৰে। এইটো প্ৰয়োজনীয় আছিল কাৰণ কাৰো সহায় নোহোৱাকৈ কোনো এজন লোকৰ বাবে সঠিক সময়ত নিৰ্ভুলভাৱে কাম কৰাৰ সিদ্ধান্ত লোৱাটো এটা অসম্ভৱ কথা। কিন্তু তেতিয়া আন এজনে কৈছিল— কিছুমান কাম আছে যিবোৰ অতি জৰুৰী হ’ব পাৰে আৰু তেনে কাম কৰিবলৈ সমিতিৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব নোৱাৰি। কিছুমান কাম সঠিক সময়ত কৰাৰ সিদ্ধান্ত ল’বলৈ হ’লে ভৱিষ্যতৰ ফালে চোৱাটো প্ৰয়োজনীয়। কেৱল যাদুকৰসকলেহে তেনে কাম কৰিব পাৰে। গতিকে ৰজাই যাদুকৰৰ কাষলৈ যাব লাগিব।
দ্বিতীয় প্ৰশ্নৰ উত্তৰত কিছুমানে কৈছিল—
ৰজাৰ বাবে অতি আৱশ্যকীয় লোক হৈছে তেওঁৰ পৰামৰ্শদাতাসকল। আন কিছুমানে কৈছিল— পণ্ডিত বা পুৰোহিতসকলকহে ৰজাই অধিক গুৰত্ব দিব লাগে। অতি কমসংখ্যকে চিকিৎসকসকলক প্ৰাধান্য দিছিল। আৰু আন কিছুমানে সৈনিকসকলকহে ৰজাই অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কৈছিল।
তৃতীয় প্ৰশ্নৰ উত্তৰত কিছুমানে বিজ্ঞান বুলি কৈছিল আৰু আন কিছুমানে যুদ্ধহে পছন্দ কৰিছিল। অৱশ্যে আন কেইজনমানে ধৰ্মীয় কাম-কাজক অধিক গুৰুত্ব প্ৰদান কৰিছিল।
যিহেতু ৰজাৰ প্ৰশ্ন তিনিটাৰ উত্তৰ বিভিন্নজনে বিভিন্নধৰণে দিছিল আৰু সেয়া বৈষম্যমূলক আছিল, ৰজা সন্তুষ্ট হ’ব পৰা নাছিল। আৰু সেয়ে তেখেতসকলক ৰজাই কোনো পুৰস্কাৰো দিয়া নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ এগৰাকী সন্ন্যাসীৰ পৰামৰ্শ ল’বলৈ সিদ্ধান্ত লৈছিল। সন্ন্যাসীজন বৰ জ্ঞানী আছিল আৰু জ্ঞানৰ জহতে তেখেত সকলোৰে পৰিচিত আছিল।
সন্ন্যাসীজনে এখন ঘন অৰণ্যত বসবাস কৰিছিল, য’ৰপৰা তেওঁ কেতিয়াও বাহিৰ হোৱা নাছিল। তেওঁ সাধাৰণ লোকৰ বাহিৰে আন মানুহক দেখা নাছিল আৰু সেয়ে ৰজাই ৰাজকীয় পোচাক সলাই সাধাৰণ পোচাক পৰিধান কৰি লৈছিল। ৰজাই সন্ন্যাসীৰ ওচৰ পোৱাৰ আগতে তেওঁৰ ঘোঁৰাটো দেহৰক্ষীৰ সৈতে এৰি থৈ অকলশৰে অগ্ৰসৰ হৈছিল। ৰজা যেতিয়া সন্ন্যাসীৰ পঁজাৰ ওচৰ পাইছিল, সন্ন্যাসীজনে তেওঁৰ পঁজাঘৰটোৰ সন্মুখত মাটি খান্দি আছিল। তেওঁ ৰজাক সম্ভাষণ জনাইছিল আৰু মাটি খান্দিয়েই আছিল। সন্ন্যাসীজন বৃদ্ধ আৰু বৰ দুৰ্বল আছিল যাৰ ফলত কাম কৰোঁতে তেখেতে জোৰে জোৰে উশাহ-নিশাহ ল’বলগীয়া হৈছিল।
ৰজাই সন্ন্যাসীজনৰ ওচৰলৈ গৈ কৈছিল যে, মই আপোনাৰ ওচৰলৈ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ— মই সঠিক সময়ত সঠিক কাম কৰিবলৈ কিদৰে শিকো? মোৰ বাবে সবাতোকৈ প্ৰয়োজনীয় লোক কোনজন? আৰু কোনবোৰ কাম মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ?
সন্ন্যাসীজনে ৰজা কথাবোৰ শুনিছিল কিন্তু তথাপি একো কোৱা নাছিল। তেওঁ মাটি খান্দিয়েই আছিল। ৰজাই কৈছিল, ‘‘আপোনাৰ ভাগৰ লাগিছে’’। ‘‘কোৰখন মোক দিয়ক, মই আপোনাৰ ঠাইত কাম কৰোঁ।’’
সন্ন্যাসীজনে তেতিয়া ধন্যবাদ জনাই কোৰখন ৰজাক দিছিল। তাৰপিছত তেখেতে মাটিত বহি কিছু জিৰণি লৈছিল।
ৰজাই দুটা গাঁত খন্দাৰ পিছত কিছুদেৰি ৰৈ সন্ন্যাসীজনক পুনৰাই তেওঁৰ প্ৰশ্নকেইটা সুধিছিল। কিন্তু সন্ন্যাসীজনে তেতিয়াও একো উত্তৰ দিয়া নাছিল, তাৰ পৰিৱৰ্তে তেওঁ থিয় হৈ ৰজাৰ পৰা কোৰখন বিচাৰি হাতখন আগবঢ়াই ৰজাক কৈছিল, ‘‘এতিয়া আপুনি কিছু জিৰণি লওক আৰু মোক কাম কৰিবলৈ দিয়ক।’’ কিন্তু ৰজাই তেখেতক কোৰখন দিয়া নাছিল আৰু একেৰাহে খান্দিয়েই আছিল।
এনেদৰে ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ গৈছিল। সূৰ্যটোও গছৰ আঁৰত বিলীন হৈ যোৱাত ৰজাই কোৰখন মাটিত পেলাই আকৌ সুধিছিল, ‘‘হে’ গুণীজন, মই আপোনাৰ ওচৰলৈ মোৰ প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি আহিছোঁ। যদি আপুনি মোক একো উত্তৰ দিব নোৱাৰে, মোক তাকেই কওক তেতিয়া মই ঘৰলৈ উভতিব পাৰোঁ।’’
তেনেতে,
‘‘কোনোবা এজন এইফালে দৌৰি আহি আছে,’’ সন্ন্যাসীজনে কৈছিল।
[পিছৰ খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক]
(মূল: লিঅ’ টলষ্টয়ৰ The Three Questions ৰ অনুবাদ)

0 comments:
Post a Comment