(দ্বিতীয় খণ্ড)
তেতিয়া ৰজাই ঘূৰি চাইছিল আৰু এজন দাড়িৱালা মানুহক নিজৰ ফালে দৌৰি অহা দেখিছিল। মানুহজনে হাত দুখনেৰে নিজৰ পেটত জোৰেৰে হেচি ধৰি আছিল, য’ৰ পৰা বিৰিঙি বিৰিঙি তেজ ওলাইছিল। ৰজাৰ ওচৰ আহি পাওতেই তেওঁ মূৰ্ছা গৈছিল আৰু অকস্মাতেই মাটিত বাগৰি পৰিছিল।
ৰজা আৰু সন্ন্যাসীয়ে মিলি তেখেতৰ চোলাটো গুচাই দিওতেই পেটত এটুকুৰা ক্ষতস্থাত দেখা পালে। ৰজাই জখমখিনি ধুই তেওঁৰ ৰুমাল কাপোৰখনেৰে ঠাইটুকুৰা বান্ধি দিছিল যাতে আৰু তেজ বাহিৰ হ’ব নোৱাৰে।
অৱশেষত মানুহজন সুস্থ হৈছিল আৰু কিছু জুলীয়া বস্তু খাবলৈ বিচাৰিছিল। ৰজাই মানুহজনক বিশুদ্ধ পানী খাবলৈ দিছিল। তেনেতে সূৰ্য অস্ত যোৱাত এক শীতল পৰিৱেশে বিৰাজ কৰিছিল। সেইদেখি ৰজা আৰু সন্ন্যাসীয়ে মিলি আঘাতপ্ৰাপ্ত লোকজনক পজাঘৰৰ ভিতৰলৈ নি বিচনাত শুৱাই থৈছিল। মানুহজনো তৎক্ষণাত শান্ত হৈ টোপনি গৈছিল। ৰজাৰো ভাগৰ লগাত পজাঘৰৰ মজিয়াতেই টোপনি গৈছিল সেইনিশা। ৰাতিপুৱা যেতিয়া সাৰ পাইছিল, তেওঁ ক’ত আছে বা বিচনাত শুই থকা লোকজন কোন সেই কথা ৰজাই কিছু সময়লৈকে মনত পেলাব পৰা নাছিল।
: মোক ক্ষমা কৰক... —দাড়িৱালা লোকজনে এক দুৰ্বল কণ্ঠেৰে ৰজাক সাৰপোৱা দেখি কাকূতি কৰিছিল।
: মই তোমাক চিনি নাপাওঁ আৰু তোমাক ক্ষমা কৰিবলৈ, তুমি মোৰ ওচৰত কোনোধৰণৰ ভুল কৰা নাই। —ৰজাই ক’লে।
: আপুনি মোক চিনি নাপায়, কিন্তু মই আপোনাক চিনি পাওঁ। মই আপোনাৰ এজন শতৰু, যিয়ে আপোনাৰ ওপৰত প্ৰতিশোধ ল’বলৈ পণ কৰিছিল। কাৰণ আপুনি মোৰ ভাইটিক মৃত্যুদণ্ড বিহিছিল আৰু মোৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰিছিল। আপুনি সন্ন্যাসীক অকলে লগ কৰিবলৈ অহা বুলি মই গম পাইছিলোঁ। ঘূৰি যোৱাৰ পথত মই আপোনাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু দিনটো পাৰ হৈ গৈছিল তথাপি আপুনি উভতি নহা দেখি মই মোৰ গোপন স্থানৰ পৰা ওলাই আহিছিলোঁ। আপোনাৰ দেহৰক্ষীৰ সন্মুখেদি আহোঁতে সি মোক চিনি পাই তৰোৱালেৰে আঘাত কৰিছিল। তাৰপৰা কোনোমতেহে পলাই সাৰিলো। কিন্তু আপুনি মোৰ ক্ষতস্থানবোৰ শুশ্ৰুষা নকৰাহেঁতেন মই মৰি থাকিলোহেঁতেন। মই আপোনাক হত্যা কৰিব বিচাৰিছিলোঁ আৰু আপুনি মোৰ জীৱন বচালে। এতিয়া, যদি মই জীয়াই থাকো তেন্তে আপোনাৰ এগৰাকী অতি বিশ্বাসী দাস হিচাপে সেৱা কৰিম আৰু মোৰ সন্তানহঁতকো সেই একে কাম কৰিবলৈ আদেশ দিম। মোক ক্ষমা কৰিবনে!
শত্ৰুৰ সৈতে ইমান সহজে বুজাবুজি কৰি ৰজা বৰ উৎফুল্লিত হৈ পৰিছিল আৰু মানুহজনক বন্ধুৰ দৰে ভাবিবলৈ লৈছিল।
ৰজাই মানুহজনক কেৱল ক্ষমা কৰাই নহয়, তেওঁ মানুহজনক চোৱাচিতা কৰাৰ বাবে নিজৰ চিকিৎসক আৰু কৰ্মচাৰীকো পঠিয়াই দিয়াৰ কথা কৈছিল লগতে মানুহজনৰ সম্পত্তিখিনিও ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
আঘাতপ্ৰাপ্ত মানুহজনক এৰি থৈ ৰজাই পজাঘৰটোৰ পৰা বাহিৰলৈ ওলাই সন্ন্যাসীজনক বিচাৰি ফুৰিছিল। ৰাজপ্ৰাসাদলৈ উভতি যোৱাৰ আগতে, ৰজাই তেখেতৰ প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ শেষবাৰৰ বাবে এটা চেষ্টা কৰি চাব বিচাৰিছিল।
সন্ন্যাসীজনে আঠু কাঢ়ি লৈ আগদিনাখন খন্দা গাঁত কেইটাত বীজ ৰোপণ কৰি আছিল। ৰজা সন্ন্যাসীৰ ওচৰলৈ গৈ কৈছিল, ‘‘শেষবাৰৰ বাবে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ।’’
[পিছৰ খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক]
(মূল: লিঅ’ টলষ্টয়ৰ The Three Questions ৰ অনুবাদ)

0 comments:
Post a Comment