• ১৯৭০ চনৰ বিশ্বকাপত প্ৰথমবাৰলৈ ব্যৱহাৰ হৈছিল অফিচিয়েল মেচ্চ বল। সেইবাৰ বলটোৰ নাম ৰখা হৈছিল ‘টেলষ্টাৰ’। সেইটো বলৰেই নাম সলনি কৰি ১৯৭৪ চনৰ বিশ্বকাপতো ব্যৱহাৰ কৰা হৈছিল। নাম ৰাখিছিল ‘টেলষ্টাৰ ডুৰলাষ্ট’। এইবাৰৰ বিশ্বকাপত ব্যৱহৃত বলটোৰ নাম হৈছে ‘ব্ৰাজুকা’ (Brajuca)।
• শুভংকৰ, প্ৰতীক আৰু থিম চঙৰ অবিহনে বিশ্বকাপ ফুটবলৰ দৰে মেগা ক্ৰীড়া সমাৰোহৰ কথা ভাবিবই নোৱাৰি। এই শুভংকৰ বা মাছকটৰ ইতিহাস কিন্তু বৰ পুৰণি নহয়। ১৯৬৬ চনৰ ইংলেণ্ড বিশ্বকাপ ফুটবলৰ পৰাহে মাছকটৰ ব্যৱহাৰ হৈ আহিছে। এই শুভংকৰবোৰৰ অৱয়ব আৰু পোছাক আয়োজক দেশখনৰ সংস্কৃতি, আৱেগ-ভাবনাৰ লগত সংগতি ৰাখিহে সৃষ্টি কৰা হয়। ইংলেণ্ড বিশ্বকাপৰ শুভংকৰ আছিল এটা সিংহ। নাম আছিল ‘উইলি’। আনহাতে এইবাৰৰ বিশ্বকাপৰ শুভংকৰটোৰ নাম ৰখা হৈছে ‘ফুলেকো’ (Fuleco)।
• ২০১৪ ফিফা বিশ্বকাপৰ উদ্দেশ্যে উদ্যোক্তা দেশ ব্ৰাজিলে প্ৰস্তুত কৰি উলিয়াইছে ল’গো। বিশ্বকাপৰ এইবাৰৰ ল’গোটোৰ নাম ৰখা হৈছে ‘ইন্সপাইৰেশ্যন’ (Inspiration)
• বিশ্বকাপ ফুটবলত সৰ্বাধিকবাৰ বিজয়ী হোৱাৰ অভিলেখৰ অধিকাৰী দেশখন ব্ৰাজিল। দেশখনে এতিয়ালৈকে পাঁচবাৰ হস্তগত কৰিছে বিশ্বকাপ। ১৯৫৮ চনত প্ৰথমবাৰ খিতাপ দখল কৰা ব্ৰাজিলে পৰৱৰ্তী সময়ত ক্ৰমে ১৯৬২, ১৯৭০, ১৯৯৪, ২০০২ চনত বিজয়ীৰ সন্মান অৰ্জন কৰিছিল।
![]() |
২০১৪ ব্ৰাজিল বিশ্বকাপত ব্যৱহৃত বলটো ‘ব্ৰাজুকা’ |
• প্ৰতিবন্ধী চেম্পিয়নজনৰ কথা জানেনে! উৰুগুৱেৰ ষ্ট্ৰাইকাৰ ‘হেক্টৰ কষ্ট্ৰো’। এই ফুটবলাৰজনে ফেক্টৰীত কাম কৰি থাকোতে, এক দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাই পেলাইছিল। কিন্তু এই শাৰীৰিক বাধাকো অতিক্ৰম কৰি ১৯৩০ চনৰ প্ৰথম বিশ্বকাপত উৰুগুৱে চেম্পিয়ন হওঁতে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈ নায়কৰ মৰ্যাদা লাভ কৰিছিল।
0 comments:
Post a Comment