জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, April 15, 2015

জীৰিলি জীৱনৰ জিলিঙনি: তুলিকা নিৰ্মলীয়া

 9:48:00 PM     গল্পৰ চলেৰে     No comments   


www.jibonenedorei.blogspot.in
উদাস দুপৰীয়াবোৰৰ দৰে ৰাতিবোৰো কেতিয়াবা বৰ কিবাকিবি যেন লাগে! ভাতকেইটা খাই উঠি হীৰকে বিচনাতে বাগৰ দি আছে। টোপনি অহা নাই। হে’ডফোনডাল কাণত লগাই ম’বাইলত থকা জয়ন্ত হাজৰিকাৰ গানৰ ফ’ল্ডাৰটো প্লে’ কৰি ল’লে—
‘‘সাৰ পাম মই পুঁৱতি নিশাতে/নিয়ৰ যেতিয়া সৰে/বাটৰ শুকান ধূলিৰ সেমেকা
যিটো প্ৰহৰে কৰে/আই মোক জগাবি/আই মোক জগাবি/মই চাব খোজোঁ
হেঙুলী বেলিয়ে এন্ধাৰ কেনেকে নাশে/ফুলাৰ মন্ত্ৰ কেনেকে সিচে কুসুমৰ কাষে কাষে,
উদং বতাহৰ বুকু কেনেকৈ মিঠা সুবাসেৰে ভৰে।”

ঘৰত সাধাৰণতে সি চিগাৰেট নাখায়। কিন্তু আজি মন গৈছে। কিয় মন গৈছে, সি নিজেও ধৰিব পৰা নাই! চিগাৰেট নাখাবলৈ মনটোক সৈমান কৰোৱাব পৰা নাই। ৰূমৰ দুৱাৰখনৰ হুকটো লগাই সি চিগাৰেট এটা জ্বলাই ল’লে।

: বাবা, আঁঠুৱাখন তৰি ল’লিনে? মাকে কাষৰ ৰূমৰপৰা চিঞৰিলে।

তাৰ ৰূমৰ দুৱাৰখন হেঁচুকি চাইছিল চাগে’! ভিতৰৰপৰা বন্ধ দেখি একো নক’লে কিজানি! নহ’লে মাকে আহি তাৰ বিচনাৰ আঁঠুৱাখন তৰি থৈ যায়হি।

: ওঁ, তৰিলোঁ! আপুনি শুই থাকক। মাকক মিছাকৈয়ে ক’লে সি। ৰূমত গোটেইখন চিগাৰেটৰ গোন্ধ। মাকে একো নক’লেও তাৰ নিজৰেই বেয়া লাগিব।

‘‘ভৰিৰ তলুৱাৰ তলৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ দোষতেই ভাঙে পুনৰ গঢ়িবা তুমিহে বান্ধৱ, পুনৰ গঢ়িবা তুমি।’’

এৰা! যিবোৰ গানে, যিবোৰ সুৰে আমাৰ নিজৰ কথা কয়; সেইবোৰ গান, সেইবোৰ সুৰেই ভাল লাগে আমাৰ! হীৰকে মনতে ভাবিলে। এটাৰ পিছত এটাকৈ জয়ন্ত হাজৰিকাৰ গানবোৰ বাজি থাকিল। গানবোৰে যেন তাৰ মনৰ কথাবোৰকে কৈছে এনে লাগিল তাৰ!

পাৰিব সি! দহবাৰ পৰিছে, দহবাৰ উঠিছে! হাৰি যোৱা নাই। ভাগৰা নাই। হাৰিবলৈ সি পৰি পৰি উঠা নাই! কেতিয়াবা আঁঠুৰ মাখিছাল চিগিছে, কেতিয়াবা তেজ বিৰিঙিছে। এইকণ দুখে টলাব নোৱাৰে তাক।

“তোমাৰ কথা যেতিয়া ভাবোঁ/দুচকু পানীৰে ভৰে/বিৰিণা বনৰ পাতৰ আগত এটুপি নিয়ৰ সৰে...”

বাজি থকা গানটোলৈ ভালকৈ মন দিয়াত তাৰ চিন্তাত যতি পৰিল। এৰা, তাৰো মনত পৰে কাৰোবালৈ! দুচকুত পানীবোৰে লুকাই লুকাই ভিৰ কৰেহি কেতিয়াবা। সিও সপোন দেখিছিল! জীৱনৰ ৰঙীন ছবিখন সিও আঁকিছিল। কাৰোবাৰ চুলিৰ সুবাসত সিও হেৰুৱাইছিল নিজকে! কাৰোবাৰ দুচকুত সিও দেখিছিল নিজক! সপোন আছিল সেইবোৰ। যিবোৰ সপোন কেতিয়াও সঁচা হোৱাৰ কথাই নাছিল। সপোন কিনিবলৈও টকা লাগে কিজানি! সপোন কিনিব পৰাকৈ টকা নাছিল তাৰ। ভালপোৱাৰে ভৰপূৰ এখন হৃদয়ৰ বাদে তাৰ একোৱেই নাছিল। জীৱনৰ বজাৰত তেনে হৃদয়ৰ দাম নাছিল! সেয়ে তাৰ হৃদয়ৰ বিনিময়ত একো নাপালে সি! অৱশ্যে সি বহুত কিবাকিবি শিকিলে জীৱনটোৰ পৰা। নাই, সি কামনা কৰা নাই কেতিয়াও; যি তাৰ নহ’ল তেওঁ অসুখী হওঁক। সি হৃদয়েৰে প্ৰাৰ্থনা কৰে তেওঁ য’তেই আছে, সদায় যেন কুশলে থাকে! নিজৰ কৰি নাপালে বুলিয়েই সি ঘিণ কৰিব নোৱাৰে তাৰ ভালপোৱাক। কিছুমান অনুভৱ সদায় একেই হৈ থাকে প্ৰিয়জনৰ বাবে। হৃদয়ৰ কোনোবা এটা চুকত শুই থাকে সন্তৰ্পৰ্ণে। বিশেষ সময় কিছুমানত সাৰপাই চিকুটি দিয়েহি তাক! দুখ পাই সি কেতিয়াবা অকলে অকলে হাঁহে, কেতিয়াবা চকুকেইটা সেমেকে। তেতিয়াই সি আপোনমনে কথা পাতে নিজৰ স’তে। আচলতে আজি পুৰণি দিনবোৰলৈ আকৌ মনত পৰিছিল তাৰ। বিশেষ কাৰোবালৈ মনত পৰিছিল!

“কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত দিবা বোলায়...”

আজি আকৌ দেৰিকৈ টোপনি আহিল তাৰ। গানটো শুনি থাকোঁতে কোনোবা এপাকত টোপনি গ’ল সি। গান বাজি বাজি বেটাৰী শেষ হৈ ম’বাইলটোও এসময়ত শুই পৰিল তাৰ কাষতে।

হীৰক। মধূপুৰ গাঁৱৰ ৩০ বছৰীয়া দেখনিয়াৰ ডেকা ল’ৰা। বি. কম. পাছ। ঘৰখনৰ চাৰিটা ল’ৰা-ছোৱালীৰ মাজত সি তিনি নম্বৰ। দুজনী বায়েক আৰু ভায়েক এটা। ডাঙৰ বায়েকক পাঁচ বছৰৰ আগতে বিয়া দিলে। তাৰ পিছৰ বছৰতে দেউতাকে তাহাঁতক এৰি চিৰদিনলৈ গুচি গ’ল। দেউতাক গুচি যোৱাৰ ছয় মাহৰ পাছতেই তাৰ প্ৰেয়সীয়েও তাক এৰি বেলেগৰ স’তে সংসাৰ তৰিলে।

সৰু বায়েকৰ সোঁ-ভৰিটো চুটি। দুপিয়াই দুপিয়াই খোজ কাঢ়ে। সৰুতেই চিকিৎসা কৰাহেঁতেন হয়তো ভাল হ’ল হয়। চিকিৎসাৰ ভাৰ বহণ কৰিব পৰাকৈ খেতিয়ক দেউতাকৰ কিজানি টকাৰ জোলোঙাটো সিমান গধুৰ নাছিল। ৰোৱা-তোলাৰপৰা আৰম্ভ কৰি সব কামেই কৰিব পাৰে বায়েকে। চেহেৰাই পাতিয়ে দেখনিয়াৰ হ’লেও মাত্ৰ ভৰিখনৰ বাবেই বায়েকৰ বিয়াখন আজিও নহ’ল।

ভায়েকে খেতি-পথাৰ চম্ভালে। ৰোপিত মাটি ভালেখিনি আছে তাহাঁতৰ। বছৰটো খালেও ভঁৰালৰ আধাখিনি খালী নহয়। ঘৰতে ধানৰ মিল আছে। মিলতে ধান খুন্দি নগৰৰ বজাৰলৈ নি দেউতাকে চাউল বিক্ৰী কৰিছিল। ধানতকৈ চাউলৰ দাম বেছি। নগৰৰ মানুহে ক’ত আৰু খেতি কৰি খাব। চাকৰিসূত্ৰে গাঁৱৰ পৰা গৈ নগৰত থাকিবলৈ লোৱা মানুহখিনিয়েও গাঁৱৰ চিনাকি মানুহখিনিৰ পৰাই চাউল কিনি খায়। কেৱল তাহাঁতৰ বুলিয়েই নহয়, ধান চাউলৰ এইটো ব্যৱসায়ে গাঁৱৰ ভালে কেইঘৰক সকাহ দিছে এতিয়াও। দেউতাকৰ পিছত ভায়েকে সেইখিনি চম্ভালে এতিয়া। মাক আৰু বায়েকে চাউল চালি দিয়ে। ভায়েকে দেওবৰীয়া আৰু মংগলবৰীয়া বজাৰত নি বিক্ৰী কৰে।

ভায়েকে ওচৰৰ গাঁৱৰে ছোৱালী এজনীৰ লগত বিয়া পাতিলে। বায়েকৰতো বিয়া হোৱা নোহোৱাৰ প্ৰশ্নই নুঠে এতিয়া। আৰু হীৰকৰ! তাৰ এইটো অৱস্থাত কোনো সুস্থ ছোৱালীয়ে কেতিয়াও গ্ৰহণ নকৰে তাক। ভায়েকে ভাবি-চিন্তিয়েই তাৰ কাম কৰিছে। ককায়েক-বায়েকৰ কথা ভাবি সি গোটেই জীৱন বৰলা-ভাত খাব নোৱাৰে নহয়। গতিকে আপত্তি কৰিবলৈ কাৰো একো নাছিল। মাত্ৰ মাকে মনে মনে অ’ত ত’ত কেতিয়াবা জুপুকা লাগি চাদৰৰ আঁচলেৰে চকুকেইটা মচি থকা দেখিলে তাৰ বুকুখনতো কিহবাই খোচা-বিন্ধা কৰে।

ন-কইনা চাবলৈ গাঁৱৰ মানুহবোৰ আহিছিল। বায়েকে হাঁহি মাতি চাহপানী দিছিল সকলোকে। হীৰকে মাথোঁ বায়েকৰ মুখলৈ ৰ’ লাগি চাই ৰৈছিল। বুজা নগৈছিল বায়েকৰ মনত কি ধুমুহা চলি আছে! পুতৌৰ বহুহাল চকুৰ চাৱনিক কেনেকৈ উপেক্ষা কৰিব পাৰিছিল বায়েকে?

একমাত্ৰ বায়েকৰ ধৈৰ্য আৰু সাহসৰ বাবেই হীৰক আজি এনেকৈ আছে। ভৰি দুখনৰ ওপৰত ঠিয় হ’ব নোৱাৰিলেও কাঠৰ পেং কেইডালক সাৰথি কৰি সি খোজ কাঢ়িব পাৰে!

দুবছৰৰ আগতে এদিন গধূলি লগৰ এটাই মটৰ চাইকেলত তুলি হীৰকক লৈ গৈছিল তাৰ বন্ধু এজনৰ ঘৰলৈ। সেইযে ওলাই গৈছিল তাহাঁত, ঘৰলৈ উভতি আহিল কেৱল হীৰক। বাটতে পোৱা দলং এখনৰ মাজত ট্ৰাক এখনে খুন্দিয়াই দিয়াত তাহাঁতৰ মটৰ চাইকেলখন গৈ নৈৰ পানীত পৰিছিল। তাৰপৰা কেনেকৈ গৈ হস্পিটেলৰ বিচনা পাইছিলগৈ হীৰকৰ মনত নাই। যেতিয়া সাৰপাই বিচনাত বহিব খুজিছিল তেতিয়াহে অনুমান কৰিছিল সি আকৌ হেৰুৱালে! ফেকুৰি ফেকুৰি কান্দিছিল সি। প্ৰথমে দেউতাকক, তাৰ পিছত প্ৰেয়সীক আৰু তাৰ পিছত নিজৰ ভৰিকেইটা! এই হেৰুৱাবোৰৰ যেন শেষ নহ’ব! কঁকালৰ তলত ভৰিকেইটা অদৰকাৰী মাংসৰ টোপোলা হৈ ওলমি থাকিল মাত্ৰ! তাৰ ওপৰত ভৰ দি সি খোজ কাঢ়িব নোৱৰা হ’ল।

চাৰিটা মাহ সি বিচনাত পৰি থাকিল। ডাক্তৰে ক’লে সি আৰু কোনোদিন নিজৰ ভৰিত ঠিয় দি খোজ কাঢ়িব নোৱাৰিব। মাক আৰু বায়েকে পৰিচৰ্যা কৰিলে তাৰ। হীৰকে জানে সি ভীষণ আত্মবিশ্বাসী আৰু জেদী। কিন্তু ইটোৰ পিছত সিটোক হেৰুৱাই সি যেন ভিতৰি ভিতৰি ভাঙি পৰিছিল। নিজক শেষ কৰি দিয়াৰ তাড়না এটাই তাক সদায় আমনি দি আছিল। সেইটো কৰিবলৈও অপাৰগ আছিল সি! লাহে লাহে কেৱলমাত্ৰ মনৰ জোৰত সি আনৰ সহায় নোলোৱাকৈ পেঙত ভৰ দি বাহিৰলৈ অহা-যোৱা কৰিব পাৰিছিল।

তথাপিও, নিজক শেষ কৰি দিব খোজা কীটটো তাৰ মনৰ পৰা বাজ হোৱা নাছিল। ঘৰত এদিন কোনো নথকাৰ সময়ত সি গৈ ঘৰৰ পিছফালৰ পানীৰে চপচপীয়া হৈ থকা পুখুৰীটোৰ পাৰ পাইছিল। দেউতাকৰ ওচৰলৈ গুচি যাব খুজিছিল সি! তাৰ চকুৰ পুখুৰীকেইটা পানীৰে ভৰি পৰাৰ সময়তে বায়েকে পিছফালৰপৰা মাত দিছিলহি—

: হীৰু! ক’লৈ যাৱ? বায়েকৰ মাতটো আছিল শান্ত অথচ গভীৰ। বায়েকে তাক কি কৰিছ’ বুলি সোধা নাছিল। সুধিছিল ‘ক’লৈ যাৱ?’ বায়েকেও বুজিছিল সি ক’লৈ যাব খুজিছে! সি উভতি চাইছিল বায়েকলৈ। দুচকুত পানীয়ে ভিৰ কৰি থকাৰ স্বত্ত্বেও বায়েকৰ চকুত সি ঠিকেই দেখিছিল তালৈ থকা মৰম আৰু আকুলতাখিনিক!

: আমাৰ বাৰীৰ আমজোপাৰ পৰা আম আনিছোঁ। চকলিয়াই খাওঁ আহ্ দুয়োটাই। মোৰ খুউব মন গৈছে খাবলৈ। পিছে অকলে খাবলৈ মন নাই। আহ্, দুপৰীয়াখন ৰ’দত এনেকৈ ৰৈ থাকিব নেলাগে!

বায়েকৰ পিছে পিছে সি উভতি আহিছিল আমটেঙাৰ সোৱাদ ল’বলৈ। আমৰ লগতে বায়েকে কোৱা জীৱনৰ সোৱাদ ল’বলৈ সেইদিনা সি নতুনকৈ শিকিছিল। বায়েকে তাক মুকলিকৈ কৈছিল সমাজত পোৱা ঠাট্টা-মস্কৰা, উপলুঙা আৰু পুতৌৰ কথা।

: জানো, আমি হেৰুৱাইছোঁ বহু কিবাকিবি। বহু কিবাকিবি আশাও কৰিব নোৱাৰোঁ আমি আনৰ দৰে। কিন্তু আমাৰ জানো জীৱন এটা নাই? নিজৰ জীৱনটো কাৰোবাৰ ঠাট্টা-মস্কৰাৰ বাবেই শেষ কৰি দিম নে? নিজৰ জীৱনটো কেনেদৰে জীও সেইটো আমাৰ নিজৰ কথা। শেষ কৰি দিওঁ বুলি ভাবিলে হয়তো কেইটামান চেকেণ্ড, কেইটামান মিনিটৰ কাম! ভীৰুৰ দৰে কিয় পলাই যাবি কচোন? জীৱনটো জীবলৈ শিক। তেতিয়া দেখিবি তোৰ কৰিবলগীয়া কাম বহুত আছে। সপোন দেখ্, কিন্তু নোপোৱাখিনিক লৈ আশা নকৰিবি। সহজ কামবোৰ সবেই কৰিব পাৰে। যুঁজিবলৈ কেইটাই পাৰে? বেলি ডুবাৰ সময়ত মই ৰাতিৰ আন্ধাৰৰ কথা নাভাবোঁ, ৰাতিপুৱাৰ পোহৰকণৰ কথাহে ভাবোঁ। জানো, তয়ো ইমান লেহুকা নহয় যে সহজে ভাঙি পৰিবি।

বায়েকৰ কথাবোৰে হীৰকক নতুন জীৱন দিছিল সেইদিনা। সি আগৰ জেদী আৰু আত্মবিশ্বাসী হীৰকটো হৈ উঠিছিল। জীৱনৰ হিচাপবোৰ নতুনকৈ কৰিছিল। অতীতে আহি মাজে মাজে মনটোক ভাৰাক্ৰান্ত কৰি তুলিলেও সেইবোৰক সি বেছি সুযোগ দিয়া নাছিল সেইদিনাৰ পৰা।

এতিয়া ভায়েকৰ লগত লগ লাগি টাউনত চাহ-মিঠাইৰ হোটেল এখন খুলিছে সি। নতুনকৈ লোৱা মটৰ চাইকেলখনেৰে ভায়েকে তাক তাত থৈ আহে। সি কেচ্ কাউণ্টাৰ চম্ভালে। ঘৰৰ বাকীবোৰ ঝামেলা ভায়েকে চায়। ঘৰতো সৰুকৈ গেলামালৰ দোকান এখন খুলিছে। গধূলি ভায়েকে গৈ হীৰকক লৈ আহে নতুবা গাঁৱৰ কোনোবা চিনাকি পালে লগতে গুচি আহে সি।

বায়েকে ঘৰৰ ওচৰৰে এল পি স্কুলখনত ল’ৰা-ছোৱালীবোৰক পঢ়ুৱায় এতিয়া। খেতিপথাৰৰ দিনত পথাৰত ব্যস্ত থাকে। তাঁতশালখন আছেই। গোলাপৰ বাগিছা এখনো বৰ যতনেৰে কৰিছে বায়েকে। কিবাকিবি কামত অনবৰতে নিজকে ব্যস্ত ৰাখে।

দুদিনমান আগতে হীৰক বৰদেউতাক হ’ল। ভায়েক-বোৱাৰীয়েক মৰমলগা ছোৱালী এজনীৰ মাক-দেউতাক হ’ল। হীৰকৰ বায়েক হ’ল জেঠাই আৰু মাক হ’ল আইতা। নাই, জীৱনক লৈ আক্ষেপ কৰিবলৈ হীৰকৰ এতিয়া আহৰি নাই। নিজক ভাল পাই এতিয়া সি। পেং কেইডাল এৰি লাখুটি এডালত ভৰ দি সি আজিকালি কিছুদূৰ যাব পাৰে। কেতিয়াবা তাৰ মন বেয়া লাগিলে; তাক ভালপোৱা মানুহখিনিৰ কথা, সি ভালপোৱা মানুহখিনিৰ কথা ভাবে। ৰাতি হ’লে আন্ধাৰৰ কথা নহয় ৰাতিপুৱাৰ কথা ভাবে। ঘৰখনৰ কেওটা জীৱন এনেকৈয়ে বৈ আছে ইটোৱে-সিটোক সাবটি... সুখেৰে।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog