জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Tuesday, April 14, 2015

পেট্ৰাৰ কথাৰে: ৰূপম হাজৰিকা

 9:23:00 PM     বোধিদ্রুম     No comments   


পেট্ৰা জৰ্ডানৰ এক পুৰাতাত্ত্বিক স্থান। গ্ৰীক ভাষাত পেট্ৰাৰ অৰ্থ হ’ল শিল। পেট্ৰা জৰ্ডানৰ অববাহিকা অঞ্চলত অৱস্থিত। পেট্ৰা বিখ্যাত ইয়াত থকা ডালে শিলামূৰ্তিৰ বাবে। এই অঞ্চলটো দীৰ্ঘদিন ধৰি লোকচক্ষুত ধৰা পৰা নাছিল। ১৮১২ চনত ছুইজাৰলেণ্ডৰ অভিযাত্ৰী জোহান লাডয়িগ বাৰ্থহাডটে আৱিষ্কাৰ কৰে আৰু তেতিয়াৰ পৰাই পশ্চিমীয়া জগতত পেট্ৰা বিখ্যাত হৈ পৰে। ১৯৮৫ চনত পেট্ৰাক ইউনেস্ক'ৱে বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানৰ তালিকাত স্থান দিয়ে।

পেট্ৰাৰ পুৰণি নাম আছিল ৰেকেম। পেট্ৰা আৰামীয় ভাষা কোৱা ছিমেটিছসকলৰ নাবাটিয়ানৰ ৰাজধানী আছিল বুলি জনা যায়। ই মৰুভূমিৰ বণিকসকলৰ বাণিজ্যৰ কেন্দ্ৰ আছিল বুলিও জনা যায়। সুউচ্চ পৰ্বতে আবৰি থকা পেট্ৰাৰ পানীৰ চাহিদা পূৰণ কৰিছিল ইয়াত বাৰমাহে পানী থকা এটা জুৰিয়ে। ইয়াক আৱৰি থকা পাহাৰবোৰে পেট্ৰাক এটা সুৰক্ষিত দুৰ্গলৈ পৰিণত কৰিছিল। পশ্চিমে গাজা, উত্তৰে বছৰা আৰু ডামাস্কাছ, মৃত সাগৰৰ আকাৰা আৰু লিউচ কম আৰু পাৰস্য উপসাগৰৰ মৰুভূমিলৈ যোৱা ইয়েই আছিল একমাত্ৰ বাণিজ্যিক পথ।

খনন কাৰ্যৰ পৰা জানিব পৰা মতে নাবাটিয়ানসকলে এক কৃত্ৰিম মৰুদ্যান স্থাপন কৰি পানীৰ নিয়ন্ত্ৰণ কৰিছিল। ইয়েই এই সৰু মহানগৰীখনৰ উত্থানত সহায় কৰিছিল। অঞ্চলটোত বৰষুণৰ পানীয়ে বানৰ সৃষ্টি কৰিছিল। কিন্তু নাবাটিয়ানসকলে জলাধাৰ, বান্ধ, নলা নিৰ্মাণেৰে বান নিয়ন্ত্ৰণ কৰিছিল।

পৌৰাণিক কালত পেট্ৰালৈ দক্ষিণ দিশৰ পৰা অথবা উত্তৰ উচ্চ সমভূমিৰে পেট্ৰালৈ অহা-যোৱা কৰা হৈছিল বুলি অনুমান কৰা হৈছে। কিন্তু বৰ্তমানৰ পৰ্যটকসকলে পেট্ৰালৈ পূব দিশেৰেহে যায়। পূব দিশত এটা আন্ধাৰ তথা সংকীৰ্ণ গিৰিপথেৰে ইয়ালৈ যোৱা হয়। এই গিৰিপথটোৰ নাম হ'ল ছিক।

পেট্ৰাৰ ইতিহাস নিৰ্দ্ধাৰণ কৰাটো বৰ সহজ কাম নহয়। পেট্ৰা পৌৰাণিক কালতে স্থাপন কৰা হৈছিল বুলি অনুমান কৰা হৈছে। পেট্ৰাৰ বিষয়ে অ'ল্ড টেষ্টামেনতো উল্লেখ আছে। সাধাৰণতে সেই সময়ত পেট্ৰাক ছেলা বুলি কোৱা হৈছিল, যাৰ অৰ্থ হ'ল শিল। কিন্তু ছিমেটীয়সকলে এই মহানগৰীখনক কি বুলি নাম দিছিল, সেই বিষয়ে সঠিকভাৱে জনা নাযায়। বহুতে ইয়াক ৰেকেম বুলি কয়, কিন্তু আৰামীয় ভাষাত কাদেস্কৰ নামহে ৰেকেম। কেতিয়াবা আৰামীয় ভাষাত ৰেকেম গেৱা বুলিও উল্লেখ কৰা হৈছে। কিন্তু ই দক্ষিণ পশ্চিম পেট্ৰাৰ ইল-জিকহে বুজায়। কিন্তু সমীপৰ স্থানৰ নামেৰে ৰাজধানীখনক মতা হ'ব বুলি মনে নধৰে। যদিহে ছিমেটীয়সকলে মহানগৰখনক ছেলা বুলি কোৱা নাছিল তেন্তে ইয়াৰ পৌৰাণিক নাম জনাৰ উপায় নাই।

ইয়াত নাবাটিয়ানসকলৰ অৱস্থিতিৰ বিষয়ে হয়তো জানিব পৰা যাব, ইয়াত থকা সমাধি সৌধবোৰ চাই। পেট্ৰাত দুইধৰণৰ সমাধিসৌধ দেখা যায়- নাবাটিয়ান আৰু গ্ৰীক-ৰোমান। নাবাটিয়ান সমাধি সৌধবোৰত তোৰণ আৰু স্তম্ভত মণি-মুকুতাৰে সজোৱা মুকুট দেখা পোৱা যায়। নাবাটিয়ান সভ্যতা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পিছৰ নহয় বুলিও কোৱা হয়। আনহাতে ইয়াত গ্ৰীক, ইজিপ্ত আৰু ছিৰিয়ানসকলৰ আধিপত্য থকা সভ্যতাৰ বিষয়েও উমান পোৱা যায়। ই টলেন্সীৰ সমসাময়িক বুলি কোৱা হৈছে। আনহাতে ইলেমিক আৰু চেলুচিভ ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰাৰ সময়তে নাবাটিয়ানসকলে মূৰ দাঙি উঠিছিল। সেয়া খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকামানৰ কথা। পেট্ৰাত এৰেটাছ-৩য় ফিলহেলেনৰ দিনতে মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়। আনহাতে ইয়াত চলোৱা সময়ৰ পৰা পেট্ৰাত গ্ৰীচীয় সংস্কৃতিৰ বিষয়েও উমান পোৱা যায়। ১০৬ খ্ৰীষ্টাব্দমানত কৰ্ণেলিয়াছ পামা ছিৰিয়াৰ শাসক হৈ থকাৰ সময়তে পেট্ৰা ৰোমান সাম্ৰাজ্যৰ অংশ হৈ পৰে আৰু তেতিয়াই তাত স্থানীয় শাসনৰ অন্ত পৰে। নাবাটিয়ানসকলে আৰবত ইছলাম ধৰ্ম প্ৰৱৰ্তন হোৱাৰ আগৰ সময়ছোৱাত দেৱ-দেৱীৰ পূজা কৰিছিল। কেতিয়াবা একোজন শাসককো দেৱতাৰ মৰ্যাদা দি পূজা কৰা হৈছিল। এইক্ষেত্ৰত বিখ্যাত আছিল অব'ডাছ-১ম। তেওঁলোকৰ মূল দেৱতা আছিল দুছাৰা যাৰ লগত তিনিগৰাকী দেৱীও ক্ৰমে উজ্জা, আলাট আৰু সানহো আছিল। পেট্ৰাত দেৱ-দেৱীৰ শিলত কটা ভালেমান মূৰ্তি দেখা পোৱা যায়। চতুৰ্থ শতিকামানত পেট্ৰাত খ্ৰীষ্টধৰ্ম প্ৰচলিত হয়। আনহাতে ৬২৯-৬৩২ খ্ৰীষ্টাব্দৰ ভিতৰত পেট্ৰাত ইছলাম ধৰ্ম প্ৰৱৰ্তন হ'বলৈ ধৰে। প্ৰথম ধৰ্মযুদ্ধৰ সময়ত জেৰুজালেম সাম্ৰাজ্যৰ আল-কাৰাকে পেট্ৰা দখল কৰিছিল।

ৰোমানসকলৰ শাসনৰ সময়তে পেট্ৰাৰ পতন আৰম্ভ হয়। ৩৬৩ খ্ৰীষ্টাব্দত হোৱা এক ভূমিকম্পয়ো পেট্ৰাৰ ক্ষতিসাধন কৰে। বৰ্তমান ই পৰ্যটনস্থলীলৈ পৰ্যবসিত হৈছে। ১৯৮৫ চনৰ ৬ ডিচেম্বৰত বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানৰূপে ঘোষণা কৰাৰ পিছত ২০০৬ চনত জৰ্ডান চৰকাৰৰ তত্ত্বাৱধানত ইয়াত এটা পৰ্যটন কেন্দ্ৰও খোলা হয়।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog