
বছৰেকৰ মূৰত মই যেতিয়া আইতাৰ ওচৰলৈ যাওঁ, তেতিয়াৰ কথা! আইতাৰ সৈতে মোৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। মই সৰু-সুৰা দুষ্টামিবোৰ কৰিলে মায়ে যেতিয়া মোক মাৰে বা গালি পাৰে তেতিয়া মোৰ মায়ে তেওঁৰ মাকৰ পৰা দুগুণ গালি খায়, কেতিয়াবা মায়ে মাৰো খায়। আৰু লগে লগে আইতাই মোক ঘোঁৰা দেখুৱাবলৈ টানি লৈ যায়। তেতিয়া হয়তো মোৰ সমান সুখী মানুহ কোনো নাছিল পৃথিৱীত (এতিয়াও মই ঘোঁৰা দেখিলে খন্তেক তভক মাৰি ৰৈ দিওঁ)! ৰাজপথলৈ ওলাই গ’লেই ইমানযে ঘোঁৰা, ইমানযে ঘোঁৰাৰ গাড়ীবোৰ! ইখনৰ পিছত সিখন! লগে লগে পোৰা ৰুটিৰ গোন্ধ এটা লাগেহিয়েই নাকত। আইতাই সাঁচি ৰখা খুচুৰা পইচা (১ টকীয়া কাগজৰ নোট, ২৫ পইচা, ৫০ পইচা, ৫ টকীয়া কাগজৰ নোট, ১০ টকীয়া কাগজৰ নোট) কেইটা চাদৰৰ আগৰ বান্ধটোৰ পৰা উলিয়ায়। সেই পইচাকেইটা আইতাৰ একান্তই নিজৰ পইচা আছিল। আইতাই সেই পইচাকেইটাৰেই মই তাত থকাকেইদিন মোক ৰুটি খুৱাইছিল। দুখনমান ৰুটি কাগজত বান্ধিও আনিছিল। আৰু আমি ৰাজপথৰ কাষৰ পকীটোত বহি ৰুটি খাই খাই ঘোঁৰা চাইছিলোঁ। মই সেই কাগজখনৰ গোন্ধটো খুব ভাল পাইছিলোঁ। আজি সপোনত সেই গোন্ধটো মই আকৌ পালোঁ। আৰু সেইযে পকীটো; এতিয়াও আছে, কিছু অংশ ভাঙি গৈছে সময়ৰ দৌৰাত্মত!
সময়ে কিছুমান কথাক মগজু আৰু অন্তৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰে, কিন্তু সেই কথাবিলাকত ইমানেই জোৰ থাকে যে অকস্মাৎ আকৌ ঘূৰি আহে... বস্তুবাদী এই পৃথিৱীত আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি আমাৰ সোণালী অতীতক (সময়ক) এপলক সুঁৱৰিবলৈকে সময় নাপাওঁ। আমি অহৰহ সুঁৱৰি থাকো আমাৰ জীৱনৰ বিধ্বস্ত সময়বোৰকহে! অথচ আমিয়েই বিচাৰি ফুৰোঁ ‘সুখ’! কিন্তু এই কথাক উপলব্ধি কৰাটোহে উচিত হ’ব যে আমাৰ সুখৰ ‘উৎস’ কোনবোৰ?
আমাৰ দুঃচিন্তা আৰু দুৰ্ভাৱনাবোৰে মনত প্ৰায়েই ভীষণ বেমেজালিৰ সৃষ্টি কৰে। আৰু এই বেমেজালিবোৰেই আমাক জীৱনৰ সুদীৰ্ঘ পথচোৱাত সৱল খোজেৰে আগবঢ়াত বাধা দিয়ে। এই বাধা কিন্তু নিৰন্তৰ আৰু অপ্ৰতিৰোধ্য নহয়! আমি জীৱনটোত সুখ বিচাৰোঁ ঠিকেই, কিন্তু মনৰ এই বেমেজালিবোৰৰ বাবে আমি আচল বস্তুটোকেই বিচাৰি নাপাওঁ— আমাৰ সুখৰ উৎসবোৰ!
মই মোৰ আইতাৰ সৈতে কটোৱা সময়বোৰ মোৰ জীৱনৰ মধুৰ সময় আছিল। মই সেইবোৰ দিনত যথেষ্ট সুখী মানুহ আছিলো। অথচ সপোনটো দেখাৰ কিছু সময় আগলৈকে আইতাৰ কথা মোৰ মনলৈ এবাৰো নাহিল; যিখিনি কথা সুঁৱৰি মই অন্ততঃ কিছুসময়ৰ বাবে উভতি যাব পাৰিলোঁহেঁতেন মোৰ শৈশৱলৈ আৰু মই সুখীও হ’লোঁহেঁতেন। তথাপি মই কিন্তু ভাবি থাকিলো মোৰ দৈনন্দিন জীৱনৰ অন্তহীন (?) সমস্যাবোৰৰ কথা। তাৰ লগে লগে ভাবি থাকিলো ‘‘সুখীনো কেনেকৈ হ’ম!’’। এয়া বৰ হাঁহি উঠা কথা!
এজন মানুহ সুখী হওঁ হওঁ বুলি কোনোদিনে সুখী হ’ব নোৱাৰে, যদিহে সেই মানুহজনে সুখৰ উৎসবোৰ নিবিচাৰি মনত অহৰহ দুখকহে চেঁকুৰিবলৈ সুযোগ দি থাকে!
0 comments:
Post a Comment