এসময়ত ঈশ্বৰৰ তেওঁৰ সৃষ্টি মানুহৰ শৰীৰৰ য’তে ত’তে আঘাতৰ দাগবোৰ দেখি দুখ লাগিল। তেওঁ এইবোৰ নাইকিয়া কৰিবলৈ কেতবোৰ নতুন ছালৰ টোপোলা এটা সাজু কৰি নাইপিয়াক মাতি আনিলে আৰু টোপোলাটো পৃথিৱীৰ মানুহক দিবলৈ নির্দেশ দিলে। নাইপিয়াই টোপোলাটো লৈ পৃথিৱীলৈ যাত্ৰা কৰিলে। সেই দিনটো আছিল বৰ গৰমৰ দিন, নাইপিয়াৰ পিয়াহ লগাত পানী খাবলৈ বুলি সি বাটতে ৰ’ল। বাটত সি লগ পালে তাৰে সম্বন্ধীয় সাপক। সাপে মানুহক ভাল নাপায় আৰু নাইপিয়াই ক’লৈ গৈ আছে সেয়া জানিব পাৰি সি টোপোলাটো চুৰ কৰিবলৈ মন মেলিলে। সেই অনুসৰি সাপে নাইপিয়াক ঘৰলৈ মাতি নি সুন্দৰকৈ খুৱালে। খাই-বৈ উঠি সি ভাগৰতে টোপনি যোৱাত সাপে টোপোলাটো চুৰ কৰি খুলি চালে। টোপোলাটোত ধুনীয়া ধুনীয়া ছালবোৰ দেখি সাপৰ মনত দুষ্ট বুদ্ধি খেলালে আৰু সাপে মনতে ভাবিলে যে মানুহে যাতে এইবোৰ কেতিয়াও নাপায়। ইফালে, নাইপিয়াই সাৰ পাই উঠি সাপৰ ওচৰত টোপোলাটো দেখি ঘূৰাই দিবলৈ অস্বীকাৰ কৰাত নাইপিয়াৰ ভয় লাগিল। কিয়নো সেই ছালবোৰ মানুহৰ হাতত নপৰিলে ঈশ্বৰে যে তাক সুদাই নেৰে সি সেইকথা ভালদৰে জানে। সেয়ে ভয়তে সি গছৰ ডাল-পাতৰ তলত লুকাই থাকিল। সেই তেতিয়াৰ পৰাই নাইপিয়া এতিয়াও গছৰ খোৰোঙত লুকাই থাকে।
0 comments:
Post a Comment