জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, April 16, 2021

এটি কথা কবিতাৰ দৰেঃ লক্ষ্য প্ৰহৰ বৰদলৈ

 12:12:00 PM     আত্মকথা     No comments   

 

...অকস্মাৎ মই; দুৰণিত এখন ঘন অৰণ্য দেখা পালোঁ৷ অৰণ্যখনৰ মাজেৰে চকুৰে মণিব পৰালৈকে এটা পোন দীঘলীয়া বাট৷ কিবা এক পুৰাতন আকৰ্ষণত মই যেন আগুৱাই গ’লো সেইফালে৷ তেনেতে দেখিলোঁ দীঘলীয়া পোন বাটটোৱে কেইবাটাও বাট হৈ পোৱালি মেলিছে৷ মই আচৰিত হ’লো৷ কথাবোৰ জুকিয়াই থাকোতেই ক’ৰ পৰা জানো এটি পখিলাই উৰি আহি ক’লে- “কোৱা, তুমি কোন বাটে যাবা?’’ মই বোবা হৈ ৰ’লো... পখিলাটোৱে কিছুপৰ ইফালে সিফালে উৰি থাকি মাজৰ পোন বাটটোৰে উৰি যাবলৈ ধৰিলে৷ ময়ো ব্যস্ত হৈ পখিলাটোৰ পিছে পিছে খোজ দিবলৈ ধৰিলোঁ৷ মোৰ পৰা কিছু দূৰৈত পখিলাটোৱে ইফালে সিফালে চাই চাই উৰি গৈ আছে৷ ময়ো গৈ আছোঁ পিছে পিছে৷ ইমান খৰকৈ খোজ কাঢ়িছোঁ, তথাপিও মই পখিলাটোৰ কাষ পোৱাগৈ নাই দেখোন! মাজে মাজে পখিলাটোৱে একেখিনি ঠাইতে কিছু সময় উৰি থকা যেন দেখোঁ, মনতে ভাবো খোজৰ গতি আৰু অলপ খৰ হ’লে কাষ পামগৈ নিশ্চয়! কিন্তু নাই... নাপাওঁহে নাপাওঁ৷ মই বৰ বিমুখ হওঁ...

বৰষুণো আহিবলৈ ধৰিছে... মোৰ গোটেই দেহ ভিজি গ’ল, কিন্তু পখিলাটোৰ পাখি দুখনিহে দেখোন নিভিজে৷ কি অদ্ভুত! লাহে লাহে এন্ধাৰ হৈ অহাত, মোৰ আশে-পাশে থকা গছ-লটিকাবোৰ দেখোন উজ্জ্বল হৈ পৰিছে! পখিলাটোও দুৰণিত নীলা নীলা দুপাখিৰে জিলিকি উঠিছে৷ ৱাঃ কি আ(ৰ্যকৰ দৃশ্য এয়া! গছৰ ডালত জিলিকি থকা ফল-মুলবোৰ দেখি মোৰ ইমান ভোক লাগিবলৈ ধৰিছে! কিন্তু ৰ’বও নোৱাৰো দেখোন! অকণমান ৰৈ গ’লেই পখিলাটো আৰু দূৰ হৈ যাব! যি হ’ব দেখা যাব বুলিয়েই, হাতত লৈ অনা মোনাটোত লৰা লৰিকৈ এসোপা ফল ভৰাই পেলালোঁ৷ ভাবিলোঁ বাটত গৈ থাকোতেই খাই খাই গৈ থাকিম৷ দূৰণিত পখিলাটো ৰৈ থকা যেন দেখা পাই ফলবোৰ খাই খাই মই আকৌ খৰ খোজেৰে আগুৱাই গ’লো! কিন্তু মোনাটোৰ ওজনৰ কোবত মই ভালকৈ খোজো কাঢ়িব পৰা নাই৷ তথাপি গৈ থাকিলোঁ৷ গৈ গৈ ৰূপালী পোহৰত জিলিকি থকা এটা জুৰি দেখিলো৷ মোনাটোৰ পৰা আন এবিধ ফল উলিয়াই খাই খাই মই আগলৈ খোজ দিলোঁ৷ অলপ পলম হ’লেই যে পখিলাটোক মই হেৰুৱাই পেলাম! ...আৰু তেতিয়া মই মোৰ বাট হেৰুৱাম!    

গোটেই ৰাতি তেনেকৈয়ে খোজ কাঢ়ি পিছদিনা ভাগৰত মই লেবেজান হৈ পৰিলোঁ৷ মোৰ দেহত যেন শক্তি নোহোৱা হৈ পৰিল৷ মোৰ বৰ পিয়াহ লাগিল... কিন্তু দূৰ-দূৰণিলৈকে পানী দেখিবলৈ পোৱা নাই৷ পখিলাটোক চিঞৰি চিঞৰি মাতিলোঁ মই, নাই কোনো উত্তৰ নাই... মই বৰ নিৰুৎসাহিত হ’লো৷ তেনেতে গোটেই অৰণ্যখনত গুঞ্জৰিত হোৱাদি পখিলাটোৱে মাত দিলেঃ “তুমি গছৰ ফলবোৰকে লৈ ইমান ব্যস্ত হৈ পৰিলা যে, পিয়াহৰ পানী এটুপি দেখিও নেদেখাৰ ভাও জুৰিলা! এতিয়া কিয় দুখ কৰা, তোমাৰ হাতখনলৈ এবাৰ চোৱাচোন, মোনাটো দাঙি দাঙি তোমাৰ হাতৰ আঙুলিবোৰেৰে তেজ বিৰিঙিছে!’’ মই চালোঁ, ঠিকেইতো, মোৰ আঙুলিবোৰৰ ছালবোৰ ছিঙি যাবলৈ ধৰিছে৷ নাই, তথাপি মই এই মোনাটো পেলাই দিব নোৱাৰো, কি ঠিক আগলৈ আকৌ গছৰ ফল দেখিবলৈ পাওঁ নে নাপাওঁ! এইবাৰ মই আনখন হাতেৰে মোনাটো দাঙি লাহে-ধীৰে আগবাঢ়িলোঁ৷ পখিলাটো তেতিয়াও মোৰ পৰা কিছু দূৰৈত...    

অকস্মাৎ মই এটা জুৰি দেখা যেন পালোঁ... জুৰিটোৰ কাষলৈ মই লৰি গ’লোঁ৷ কিন্তু জুৰিটোৰ পানীখিনি খোৱাৰ উপযোগী নাছিল৷ বৰ লেতেৰা পানী বৈ আহিছিল৷ তাৰ পানী খোৱাটো ভাল নহ’ব বুলিয়েই তাৰ পৰা মই আগলৈ খোজ দিলোঁ৷ কিছু দূৰ যোৱাৰ পিছত গোটেই অৰণ্যখনত পখিলাটোৰ মাতটো পুনৰ ভাহি উঠিল৷ পখিলাটোৱে ক’লে, ‘‘তুমি সেই জুৰিৰ পানীখিনি কিয় নাখালা? তোমাৰ দেখোন পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল বুলিছিলা?’’ মই তেতিয়া ক’লোঁ যে পানীখিনি বৰ লেতেৰা হৈ আছিল৷ ইমান লেতেৰা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ তেতিয়া পখিলাটোৱে ঠাট্টাৰ সুৰতেই ক’লে, ‘‘তুমি বৰ ভুল কৰিলা... আগলৈ তুমি পানী খাবলৈ এনে কোনো জুৰি নাপাবা৷ সেই জুৰিটিৰ পাৰতেই ক্ষন্তেক ৰৈ দিয়া হ’লেই নিৰ্মল পানী বৈ অহা দেখিবলৈ পালাহেঁতেন!’’ কথাষাৰ শুনিয়েই মই পিছফালে ঘূৰিবলৈ ল’লোঁ জুৰিটোলৈ পুনৰ উভতি যাওঁ বুলি৷ কিন্তু মই ঘূৰিযাব নোৱাৰোঁ দেখোন! ভৰি দুখনো মই পিছলৈ নিব নোৱাৰো! মই বৰ অস্থিৰ হৈ পৰিলোঁ৷ মোৰ ভৰি দুখন যেন বান্ধি পেলাইছে কিহবাই৷ মই মাত্ৰ আগলৈহে খোজ দিব পাৰোঁ দেখোন৷ ভাবিলোঁ, মই সোনকালে এই অৰণ্য অতিক্ৰম কৰিবই লাগিব৷ নহ’লে যে মই পিয়াহত মৰিয়েই থাকিম৷ সেই ভাবিয়েই, বৰ কষ্ট হোৱাৰ স্বত্বেও মই খৰ খোজেৰে আগুৱাই গ’লোঁ পখিলাটোৰ ওচৰলৈ বুলি৷    

তেনেতে মোৰ ঠিক কাষতে, ডাৰউইনৰ গালাপাগছত থকা কাছবোৰৰ দৰে বিৰাট এটা বুঢ়া শামুকে ভেকাহি মাৰি ক’লে, ‘‘তুমি যিমানেই খৰ খোজ নিদিয়া কিয় সোণাই, সৌ পখিলাটি তোমাৰ পৰা সদায় ইমানখিনি দূৰত্বত থাকিয়েই বিচৰণ কৰিব৷ তুমি মাত্ৰ এটা দিনতহে তাৰ কাষ পাবগৈ পাৰিবা!’’ এইবুলি কৈ শামুকটো অন্তৰ্ধান হৈ পৰিল! ...আৰু মই দুখে ভাগৰে খোজ দি গৈ থাকিলোঁ...    

অৱশেষত মই পখিলাটোৰ কাষ পালোঁগৈ... পখিলাটোৰ কাষ পায়েই দেখিলোঁ মই খোজ দিয়া বাটটো দেখোন সেইখিনিতেই শেষ হৈছে৷ সমূখত দ খাৱৈ যেন, এন্ধাৰ আৰু ধোঁৱাৰে আৱৰা! নীলা পখিলাটোৱে তেতিয়া ক’লে, ‘‘তোমাৰ আৰু মোৰ এই যাত্ৰা ইমানতেই শেষ হৈছে৷ তুমি চকু মেলাৰে পৰা, তোমাৰ প্ৰতিটো খোজত মই আশে-পাশেই থাকিলোঁ৷ জানো তুমি চকুৰে কমকৈ দেখা, কিন্তু ভাবিছিলোঁ মনৰ চকুৰে তুমি সকলো মণিব পাৰা৷ মই ভুলকৈ ভাবিছিলোঁ৷ আহি থকা বাটত এচলু পানী দেখিও তুমি পি নাখালা, পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যোৱা বোলাত আন এটি জুৰিও মই বোৱালোঁ৷ লেতেৰা বুলি আওকাণ কৰিলা৷ হাতত অযথা ইমান ফল কঢ়িয়াই ভাগৰুৱা হ’লা, আঙুলিৰে তেজ বোৱালা... ইমান ধুনীয়া এই বাটটি তুমি সেই আৰম্ভণিতেই যি উপভোগ কৰিলা... শেষলৈ তুমি ভাগৰত জুৰুলা হ’লা... তুমি অবাবত ইমান কষ্ট কৰিলা... এই ফলখিনি এতিয়া কেনেকৈ খাবা?’’    

কথাবোৰ শুনি মই থৰ হ’লোঁ৷ ভয়ে ভয়ে মই পখিলাটোক সুধিলোঁ, ‘‘তুমি কোন?’’ তেতিয়া পখিলাটোৰ পাখিবোৰ বিৰাট এখন নীলা চাদৰৰ দৰে হৈ পৰিল৷ সৰু সেই পখিলাটোৱেই এটা প্ৰকাণ্ড পখিলালৈ ৰূপান্তৰিত হ’ল আৰু গোটেই অৰণ্যখনত গুঞ্জৰিত হোৱাকৈ কৈ গ’লঃ     

‘‘মই অনাদি, মই অনন্ত, চিৰশ্বাস্বত এন্ধাৰ আৰু পোহৰ যিদৰে অলংঘনীয়, ময়েই অক্ষয়তূণ! ময়েই কৰ্ম, ময়েই ধৰ্ম আৰু সৃষ্টিৰ আধাৰ মই... আজিলৈ যাক কোনেও সলনি কৰিব পৰা নাই, মই অপ্ৰতিৰোধ্য, অসীম সৌৰ্য-বীৰ্যও যাৰ ওচৰত নতমস্তক হৈ ৰয়, ময়েই ‘সময়’! তোমাক বিদায়...’’

কথাষাৰ শুনি মোৰ চকুৰে দুধাৰি চকুলো বৈ আহিল... আৰু মই উপঙি ৰ’লোঁ ধোঁৱাৰে আৱৰা এই এন্ধাৰ দ খাৱৈত চিৰদিনৰ বাবে...

(লক্ষ্য প্ৰহৰ বৰদলৈৰ ‘এটি কথা কবিতাৰ দৰে’ লেখাটি ছপা মাধ্যমত ই্তিমধ্যে প্ৰকাশিত)

  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog