জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Saturday, October 3, 2020

নিয়মবোৰ কোনোবাই ভাঙিবই লাগিবঃ তুলিকা নিৰ্মলীয়া

 9:30:00 PM     সংক্ষিপ্ত     No comments   

ড° অৰবিন্দ ৰাজখোৱাৰ “নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব” নামৰ সংকলনখনত ইতিমধ্যে বিভিন্ন কাকত আৰু আলোচনীত প্রকাশিত তেখেতৰ মুঠ ৩২ টা প্রৱন্ধক একেলগ কৰি ‘বনলতা’ই প্রথম সংস্কৰণ প্রকাশ কৰিছে অক্টোবৰ, ২০১৭ ত।
সাধাৰণতে মই প্রৱন্ধৰ কিতাপ পঢ়ি ভালপোৱা মানুহ নহয়। দুই তিনিখনমানহে হয়তো পঢ়িছোঁ। ইয়াৰ আগতে মই তেখেতৰ লেখা পঢ়া নাই। কোনোবা এবাৰ গ্রন্থমেলাত কিতাপখন দেখি প্রথম নামটো ভাল লাগিছিল বাবে হাতত তুলি লৈছিলোঁ; দ্বিতীয়তে কিতাপখনৰ ‘আগকথা’খিনিক থিয়ৈ থিয়ে তাতে পঢ়ি ভালপোৱাৰ বাবে ভিতৰছোৱাক ভালকৈ পঢ়াৰ লোভ সামৰিব নোৱাৰি কিতাপখন কিনি অনা হ’ল। আৰু কিবা এটা পঢ়ি উঠি তাক কিছুসময় পাগুলিয়াই থাকিবলৈ পালে ভালপাওঁ। ভাল লাগে, যেতিয়া কথাবোৰ নিজৰ চিন্তাৰ সৈতে মিলি যায় আৰু নিজৰখিনিৰ সৈতে নতুনকৈ কিছু কথা সংযোগ কৰি ল’ব পাৰি! নিয়ম নিয়ম বুলি চলি অহা কথা কিছুমান ময়ো মাজে মাজে লুটিয়াই ভাবি চাওঁ।

কিতাপখনৰ আগকথাখিনি পঢ়িলেই আচলতে মগজুৰ চিন্তাৰ পাকবোৰ খুলিবলৈ আৰম্ভ হৈ যায়।
“আগকথা: নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব। সকলোৱে বুজি উঠিব লাগিব, মানুহৰ বাবেহে নিয়ম, নিয়মৰ বাবে মানুহ নহয়। সকলো সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় নিয়মৰ স্রষ্টা মানুহ। ভৌগোলিক আৰু প্রাকৃতিক পৰিৱেশে নিয়ম নির্মাণত অৰিহণা যোগালেও মানুহ এতিয়া ভূগোল আৰু প্রকৃতিৰ অধীন হৈ থকা নাই, গতিকে নিয়মৰো অধীন হৈ থকা উচিত নহয়। সংস্কাৰ আৰু পৰম্পৰাৰ দোহাই দি সকলো পুৰণি কলীয়া চিন্তা বর্তমানলৈ ভাৰ বৈ অনাৰ কোনো অর্থ নাই। সামাজিক উত্তৰণৰ স্বার্থত কিছুমান নিয়মৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ কোনোবা ওলাই আহিবই লাগিব। অসমীয়া মানুহৰ মাজত এনে বিপ্লৱ কৰিবলৈ ওলাই আহিব পৰা মানুহৰ সংখ্যা তেনেই নগণ্য। ফলত নতুন নতুন নিয়মেৰে মানুহক গা লৰাব নোৱাৰাকৈ বান্ধি থকা হৈছে। প্রভাৱশালীসকলে যেনেকৈ চাবলৈ শিকাইছে সকলো বিষয় তেনেকৈয়ে চাই বুজি থকাৰ প্রৱণতা ক্রমশঃ বাঢ়িছেহে। গিলাচ এটা আঁকিবলৈ ক’লে সেই তাহানিৰেপৰা থিয় হৈ থকা গিলাচ এটা একে ৰূপতে আমি আঁকি আছোঁ। কিন্তু ওলোটাই থোৱা, পেলাই থোৱা গিলাচৰ ছবি আঁকিবলৈ আমাক কোনে শিকাব? বা গিলাচটো কাষৰপৰা নাচাই ওপৰৰ পৰাওটো চাব পাৰি! চাবলৈ কোনে শিকাব? নিজে চাবলৈ শিকিলেও পৰীক্ষকসকলে গ্রহণ কৰিবনে! কিন্তু যেনেকৈয়ে ৰখা হওক, য’ৰপৰাই চোৱা হওক, গিলাচ গিলাচেই। তাক আঁকোতেও যিকোনো দিশ আমি নির্বাচন কৰিব পাৰোঁ। তেনে কৰিলে নিয়ম ভঙা বুলি ক’লেও আমাৰ উপায় নাই। তেনে নিয়ম অর্থহীন বুলি ক’বলৈ আমাৰ ভাল লাগিব।“ 


কিতাপখনত সন্নিবিষ্ট প্রত্যেকটো প্রৱন্ধই মৌলিক চিন্তা কৰিবলৈ বাধ্য হোৱাকৈ বাট একোটা কাটি দিছে। কোনোবাখিনি কথা পঢ়ি উঠি মই নিজেও এপলক ভাবিছো যে কিছুমান কথা মই ইমানদিনে যিদৰে ভাবি আহিছো, সেয়া সঁচাকৈয়ে শুদ্ধ নে? কিছুমান নিয়ম আমি যিদৰে মানি আহিছো, সেয়া জৰুৰী নে? তেখেতৰ কিছুমান যুক্তি কোনোবাখিনিত মই নিজেও মানি ল’ব নোৱাৰি ভাবিছো যে সেইখিনি নামানিলে বা মানিলে আমাৰ কাৰ কি অনিষ্ট হ’ব! 


“মোৰ দৃষ্টিত বিজ্ঞান” নামৰ লেখাটোত তেখেতে লিখিছে- “অত্যধিক বিজ্ঞান অনুগামী হোৱাৰ ফলত জীৱনত যুক্তিৰ পয়োভৰো অধিক হয়, তেতিয়া বহু বিশ্বাস হেৰাই যায়, ফলশ্রুতিত জাতীয় পৰিচয়, জাতীয় সংস্কৃতি আদি ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হয়। কথাটো ওপৰে ওপৰে চাবলৈ গ’লে সঁচা। বিজ্ঞানে মোকো তেনেকুৱা অৱস্থালৈ লৈ যাব নেকি বুলি কেতিয়াবা নভবা নহয়। কাৰণ যুগ যুগ ধৰি বর্তি অহা সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাসমূহেহে জাতি এটাৰ পৰিচয় নিশ্চিত কৰে। অসমীয়া জাতিৰো সংস্কৃতিৰ মাজত অনেক অযুক্তিকৰ, অবৈজ্ঞানীক অভ্যাস আৰু বিশ্বাস আছে। সেইবোৰৰ মাজতে জাতিটোৰ পৰিচয়ো নিহিত হৈ আছে। কিন্তু কথাটো হ’ল সকলো সাংস্কৃতিক উপাদান অবিকল ৰূপত ভৱিষ্যতলৈ লৈ যাব লাগিব বুলি কোনো কথা নাই। কেঁচা মাংস আৰু গুহা যিদৰে এৰিলোঁ, চুৰিয়াও এদিন এৰিলোঁ, গৰুৰ হাল এৰি টেক্টৰত ধৰিলোঁ। কিন্তু বিজ্ঞানেই আমাক ইমান সুবিধা কৰি দিছে যে আমাৰ সমগ্র অতীত আমি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ। গ্রন্থ, ইন্টাৰনেট, মিউজিয়াম আৰু আন ডিজিটেল পদ্ধতিৰে আমি আমাৰ সংস্কৃতিক সংৰক্ষণ কৰিম যাতে আমাৰ পৰিচয় অটুত থাকে। তথাপি ব’হাগ বিহুত মোৰ ঘৰৰ দুৱাৰত টিকণি বৰুৱা লতা এডাল কেতিয়াবা লগাওঁ, অপশক্তিক বাধা দিবৰ বাবে নহয়, মোৰ জাতিটোৰ বিশ্বাস আৰু পৰম্পৰা অনুভৱ কৰিবৰ বাবে। পৰম্পৰাক বিজ্ঞানে এনেকৈয়ে সহায় কৰে। প্রকৃততে বৈজ্ঞানীক মন অবিহনে প্রচলিত পৰম্পৰা আধুনিক কালত অভিশাপ হৈ উঠিব। বিদ্যুত প্রৱাহিত হ’লে ‘ইলেক্ ট্রিক বাল্ ব’ৰ ফিলামেণ্টত থকা টাংষ্টেন ধাতু কিয় জ্বলে সেয়া জনাটোৱেই বিজ্ঞান শিক্ষা নহয়। বিজ্ঞান আৰু সংস্কৃতি দুয়োটা কাহানিও লগ নলগা সমান্তৰাল বিষয়ো নহয়। আধুনিক কালত বিজ্ঞান এনে এক বিষয় হৈ পৰিছে, যিয়ে ইয়াক ভালদৰে অনুভৱ কৰা নাই তেওঁৰ হাতত সভ্যতা, সংস্কৃতি সকলো অসুৰক্ষিত।“ 


সেইদৰে “স্তাৱক আৰু সমালোচক” লেখাত তেখেতে কৈছ যে “পৃথিৱীৰ প্রায় সকলো সামাজিক বা সাংস্কৃতিক উত্তৰণৰ অন্তৰালত জড়িত হৈ আছে নির্মোহ আৰু পক্ষপাতহীন সমালোচনা।“ 


একেদৰে “উৎসৱ, উৎসৱ আৰু উৎসৱ” লেখাত উল্লেখ কৰিছে যে জানুৱাৰী মাহত নতুন বছৰ আদৰাৰ পৰা আৰম্ভ কৰি গোটেই বছৰ ধৰি বিধে বিধে উৎসৱৰ নামত মচগুল থকা, আমদানিকৃত উৎসৱবোৰো নিজৰ জাতীয় পৰম্পৰাৰ ভিতৰুৱা কৰি ‘এনজয়’ কৰাৰ সুযোগ বিচাৰি লোৱা আমাৰ অসমীয়া মানুহৰ মুখত দুঃখ আৰু অভাৱৰ কথা শোভা পায়নে?
“গাড়ীৰ লগত অকণমান মগজু” লেখাত গাড়ী চলোৱাসকলে নিয়ম নীতি নমনাক লৈ তীর্যক ভাষাৰে লিখিছে- “ধন থাকিলেই মটৰ চাইকেল, গাড়ী কিনিব পাৰি। কিন্তু কিনিব নোৱাৰি মগজু। সেয়ে গাড়ী কিনি সম্পত্তি বঢ়ালেও মগজু একে থাকে। ভৱিষ্যতে যদি যান বাহন ব্যৱহাৰৰ নিয়ম সন্নিৱিষ্ট অকণমান মগজু গাড়ীৰ লগতে বাধ্যতামূলকভাৱে বিক্রীৰ ব্যৱস্থা কৰা হয়, তেতিয়া হয়তো সমস্যাটোৰ অৱসান ঘটিব। মাত্র মগজুকণ ইনষ্টলেশ্বনৰ বাবেও ব্যৱস্থা এটা উদ্ভাৱন কৰিব লাগিব।“ 


“বিয়া” বিষয়ক দুটা লেখাৰ এটাত বিয়ালৈ নিমন্ত্রণ জনাবৰ বাবে ঘৰে ঘৰে গৈ “দামী” চিঠি বিলাই বাহাদুৰি প্রদর্শণ আৰু সময়ৰ লগতে ধনৰ খৰচৰ কথা লৈ লিখিছে যে আমি প্রযুক্তি জেপত ভৰাইছোঁ, কিন্তু তাৰ সামগ্রিক উপযোগিতা আজিও বুজা নাই। লগতে ইয়াকো উল্লেখ কৰিছে যে ই- মেইল, এছ. এম. এছ. অথবা হোৱাটছ-আপ যোগে দিয়া নিমন্ত্রণতকৈও আমি এতিয়াও ‘নিজে আহি মাতিছে’ কথাটোত আমেজ বিচাৰি পায়েই আছোঁ।
কথাটো মিছা জানো? নিজে আহি নামাতিলে আমি বহুতে আজিও বিয়া (আন অনুস্থানৰ কথাও ক’ব পাৰি নিশ্চয়) খাবলৈ যোৱাৰ আগতে আত্মসন্মানত ধৰি থাকো! 


বিয়া বিষয়ক আনটো লেখাত আজিকালি ‘ব্যতিক্রমী বিয়া’ পাতিবলৈ গান বাজনা, কিতাপ উন্মোচন, কবিতা পাঠ ইত্যাদি আৰম্ভ হোৱাক লৈ লিখিছে যে বিয়াত যেনেকৈ মাটিমাহ আৰু ঔ টেঙাৰ জোল অপ্রাসংগিক হৈ পৰিছে, তেনেকৈ জাত পাতৰ বিচাৰ, ৰাহি যোৰা আদিৰ কথাও নোহোৱা হৈ যোৱা উচিত।
আচলতে কোনোটো প্রৱন্ধ পঢ়ি উঠি মই কথাবোৰ অলপ হ’লেও চিন্তা নকৰাকৈ থাকিব নোৱাৰিলো। কর্মক্ষেত্র বনাম শিল্পক্ষেত্র, দুখীয়া মানুহৰ এখন তালিকা, ভোট কাক দিম, ৰুপান্তৰে ধুনীয়া নকৰা এখন সমাজ, মোবাইল ফোন আৰু শিষ্টাচাৰ, নিবনুৱা নে অকামিলা, শিক্ষকতা কবি খেতিতকৈয়ো সহজ আদি প্রতিটো লেখাতে আমি মন নকৰা, মন কৰিলেও আওকাণ কৰি থকা বিষয় কিছুমান খুব ধুনীয়াকৈ লিখিছে!


শেষত সেই ‘আগকথা’ত লিখাৰ দৰে ক’ব পাৰি “পূর্ব নির্ধাৰিত আৰু ৰজা বা ধর্মগুৰু আৰোপিত নিয়মবোৰত প্রজাৰ কল্যাণৰ ৰং লগোৱা থাকে যদিও মজ্জাত লুকাই থাকে ৰজা আৰু ধর্মগুৰুৰ কল্যাণ। ৰুছোৱে ভাঙি ছিঙি মজ্জাটো দেখুৱাই দিয়াৰ বাবেই ৰুছ বিপ্লৱৰ সূচনা হৈছিল আৰু সমগ্র বিশ্বই তাৰ সুফল পালে। অসমীয়া মানুহে নতুন সমাজ গঢ়াৰ বাবে শক্তি আহৰণ কৰিব লাগিলে দৈনন্দিন প্রতিপালিত বহুতো নিয়ম ভাঙি পেলোৱাৰ প্রয়োজন আছে। আমাৰ সত্তাত ওলমি ৰোৱা সেই বিচিত্র নিয়মৰ ভৰত আমি কোঙা হৈ পৰিছোঁ। দেহৰ সেই ভাৰ কমাই নল’লে সমাজক হেঁচি ধৰা নিয়মৰ ভাৰ কমাব পৰা নাযাব।“


এতিয়া কথা হ’ল, আমি কোনবোৰ নিয়ম ৰাখি কোনবোৰ ভাঙিম? সেইবোৰ আমাক কোনে বুজাই দিব? কোনোবাই বুজাই দিলেও আমি বুজিম নে? বুজিলেও সেইখিনি মানিম নে? বিজ্ঞান আৰু সংস্কাৰক একেলগ কৰিব পাৰিম নে? কথাবোৰ চিন্তা কৰি যুকিয়াই চাবলৈকে কিতাপখন পঢ়িব পাৰে। কিজানিবা আমি সংস্কাৰী বিজ্ঞান মানসিকতা আদৰিব পাৰোঁৱেই! আমিআচলতে নিবনুৱা নে অকামিলা সেই কথা বুজি উঠোৱেই কিজানিবা! অন্ধৰ দৰে কাৰোবাক অনুসৰণ কৰি গৈ থকাতকৈ নিজৰ বিচাৰ বিবেচনাৰে কথাবোৰ ভাবি চাবলৈ শিকোৱেই কিজানি!

  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog