
মই এইটো কথা ভালকৈ জানো যে মোৰ আশে-পাশে থকা বহুত মানুহতকৈ মই বহুত কিবা-কিবি বেছিকৈ জানো, যিবোৰ তেওঁলোকে নাজানে৷ ...আৰু কেতিয়াবা যে জানিব পাৰিব তাতো খুব সন্দেহ আছে৷ তথাপি মই সদায় নিজকে এটা জধামূৰ্খ বুলিয়েই জ্ঞান কৰি আহিছোঁ৷ সঁচা কথা ক’বলৈ গ’লে কেতিয়াবা মই বৰ বেঙা মানুহৰ দৰেও প্ৰশ্ন কৰোঁ৷ সৰুৰে পৰাই মই খুব প্ৰশ্ন কৰোঁ৷ কাষত কাকো নাপালে মই নিজকেই প্ৰশ্ন কৰি কৰি একে ঠাইতে বহুসময় ধৰি বহি থাকোঁ৷ নিজক প্ৰশ্ন কৰাৰ বাদে যেতিয়াই মই আনক প্ৰশ্ন কৰিছোঁ সদায় ঠাট্টাৰ সন্মুখীন হৈছোঁ৷ সৰুৰে পৰাই৷ ইমান ঠাট্টা সহ্য কৰি কৰি জীৱনৰ ইমানবোৰ বছৰ পাৰ কৰিব পৰাটো কম ডাঙৰ কথা নহয়! তথাপি মোৰ এই স্বভাৱৰ কোনো সালসলনি হোৱা নাই৷
সৰুতে আনকি লেপ চিলাই কৰা মানুহজনৰ আঙুলিত ষ্টিলৰ ধাতু এটুকুৰা কিয় লগাই লয়, সেই প্ৰশ্নও মই কৰি থৈছোঁ৷ গৰুৰ গাখীৰ খীৰাওতে কিয় জগা দি বিচনীৰে বিচি থাকিব লাগে, সেই প্ৰশ্নও মই কৰিছোঁ৷ ৰিক্সাখন চলাওতে অকণমান দূৰ কিয় ঠেলি ল’ব লাগে, তাকো মই সুধিছোঁ৷ সৰুতে কিবা ফলৰ গুটি গিলি দিলে যেতিয়া ডাঙৰে কয়, কাণেৰে-নাকেৰে গছ গজিব বুলি, আমাৰ পেটৰ ভিতৰত মাটি আছে নেকি বুলি প্ৰশ্ন কৰি গছ নগজালৈকে বহুবাৰ অপেক্ষাও কৰিছোঁ৷ গজিব বুলি কোৱা গছ কিয় গজা নাই সেই প্ৰশ্নও কৰিছোঁ৷ বহুত কথাই সুধিছোঁ, যিবোৰ হয়তো আপুনি কোনোদিনেই; লাজতেই হওক বা অন্য কোনো কাৰণতেই হওক কাকো সুধি পোৱা নাই! আজি হাতৰ টিপতে গুগলৰ দৰে এটা মহাজ্ঞানীৰ ভাষণ শুনিব পৰা অৱস্থাৰ পিছতো মই মানুহক প্ৰশ্ন কৰোঁ! ...আৰু পাওঁ ঠাট্টাসূচক মন্তব্য! এনে ঘটনা সঘনাই ঘটিবলৈ ল’লে, মানুহে মানুহক প্ৰশ্ন কৰাই বন্ধ কৰি দিব দেখোন [মোৰ কথা বেলেগ]? মানুহে মানুহক প্ৰশ্ন কৰিবলৈ লাজ পাব এদিন! ...আৰু মানুহে কয় ইয়াত আন্তৰিকতাৰ অভাৱ?
কেতিয়াবা কোনোবাই প্ৰশ্ন কৰিলে, ঠাট্টাসূচক মন্তব্যৰ পৰিৱৰ্তে যিখিনি জানে সেইখিনি কওক৷ কোনে জানে কোনোদিন আপুনিও তেওঁক প্ৰশ্ন কৰিবলগীয়া হ’ব পাৰে! সেইদিনা যদি একেই ঠাট্টাৰ সন্মূখীন আপুনিও হয়? তাতে যদি তেওঁ আপোনাতকৈ বয়সত সৰু হয় তেতিয়া?
আপোনাৰ বাবে তেনেই নগণ্য কথা এটা আন এজনৰ বাবে বহুত ডাঙৰ কথাও হ’ব পাৰে! মোৰ ক্ষেত্ৰত ‘ঠাট্টা’ই সদায় ভাল কামেই কৰি আহিছে, কিন্তু অন্য এজনৰ ক্ষেত্ৰত সেই কাম নকৰিবও পাৰে! মই দিওঁ নেকি আপোনাক ব্ৰহ্মপুত্ৰৰ মাজত পেলাই? কেনেকৈ জীয়াই থাকিব? সৰু মাছ এটাক পেলাই দিওঁচোন... সি তাতেই জীয়াই থাকিব৷ কথাটো ঠিক তেনেকুৱা...
0 comments:
Post a Comment