জাতিংগা-পক্ষীৰ ৰহস্যময় আগমনৰ বাবেই বিখ্যাত। হাফলং নগৰৰ পৰা ৯-১০ কি.মি. দক্ষিণত অৱস্থিত ই এখন সৰুগাঁও। জেমি নগা ভাষাৰ এই শব্দটোৰ অর্থ হ'ল-
'যি বাটেৰে ভৈয়ামৰ পৰা বতাহ বৰষুণ আহে...'
প্রতিবছৰে ১৫ আগষ্টৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত জাতিংগালৈ জাকে জাকে পক্ষীৰ আগমন ঘটে। অন্ধকাৰ ৰাতি, ঘন কুঁৱলী, পাতল বৰষুণ আৰু দক্ষিণা বতাহ বৈ থকা সময়ত অসংখ্য চৰাই জাতিংগা অভিমুখে অগ্রসৰ হয়।
জাতিংগা ট্রেইনষ্টেচনৰ পৰা গাঁওখনৰ স্বাস্থ্যকেন্দ্রৰ ভিতৰৰ প্রায় ডেৰ কি.মি. এলেকাজুৰি চৰাইৰ এই ৰহস্যজনক দৃশ্যটো দেখিবলৈ পোৱা যায়।
কিছুমানে এই পৰিঘটনাক আত্মহত্যা বুলি ক'ব খোজে। বিখ্যাত পক্ষীবিদ ডঃ সুধীন সেনগুপ্তৰ মতে, জাতিংগাৰ ভু-চুম্বকীয় আকর্ষণ,মধ্যাকর্ষণ শক্তি আৰু ইয়াৰ পৰিবেশৰ বৈদ্যুতিক চঞ্চলতাই চৰাইবোৰৰ স্নায়ুতন্ত্রত বিশেষ প্রভাৱ পেলায়। মৌচুমী বৰষুণ শেষ হোৱাৰ লগে লগেই আগষ্ট মাহৰ পৰা ইয়াৰ চৰাইবোৰৰ স্বাভাৱিক আচৰণৰ পৰিবর্তন হ'বলৈ ধৰে। এনেদৰে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে যদিও এই ঘটনাৰ প্রকৃত ৰহস্য আজিও সকলোৰে অজ্ঞাত।

0 comments:
Post a Comment