
আজি তেখেতৰেই এটি কবিতাৰ অনুবাদ আপোনালোকলৈ আগবঢ়ালো...
‘‘কোনো দুৰণিৰ স্মৃতিয়ে মোক আগভেটা দি কয়
ইমান তপত পথেৰে
তুমি ক’লৈ খোজ দিয়া?
আহা.,
পাৰ হৈ যোৱা
দিনবোৰৰ ছায়াত
জিৰণি লওঁ,
সেই লহমাবোৰৰ কথা পাতোঁ
য’ত এদিন মাধৈমালতি ফুলিছিল...
সেই লহমাবোৰৰ
কথা পাতোঁ
য’ত এদিন শব্দৰ নূপুৰ বাজিছিল,
আৰু সেই লহমাবোৰৰ
কথা পাতোঁ
য’ত এদিন কাৰোবাৰ
চাৱনিত মুকুতা সৰিছিল...
কোনো দুৰণিৰ
স্মৃতিয়ে মোক আগভেটা দি কয়
ইমান তপত পথেৰে
তুমি ক’লৈ খোজ দিয়া?’’
আমাৰ পৃষ্ঠা
0 comments:
Post a Comment