
উপায়হীন হৈ শেষত বৰদলৈয়ে কৈছিল—
‘‘মোৰ হাৰ্মণিয়ামটো আনি ড্ৰেছিং টেবুলখনতে তুলি লৈ সুৰটো বজাই থাকা,
মই গা ধুম আৰু গীতৰ কথাও দি যাম।’’
কথামতেই কাম ভৱেন বৰঠাকুৰে হাৰ্মণিয়াম বজালে আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে বাথৰূমৰ পৰাই সুৰত, কথাৰ মৌ ঢালিলে।
আচৰিতভাৱে এটা গীত তেনেদৰেই সম্পূৰ্ণ হৈছিল। গীতটি কি আছিল জানেনে আপোনালোকে? ‘সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই চেনেহ জৰী তই দিয়া মোক হাততে শুৱায়’ আচলতে সৃষ্টি এনেকুৱাই, আচৰিত কৰি তোলে সকলোকে...
যেতিয়া তেখেত গুৱাহাটীলৈ আহি তাত নিগাজিকৈ থাকিবলৈ ল'লে তেতিয়াৰ পৰাই যেন আৰম্ভ হৈছিল তেখেতৰ জীৱনৰ আন এক যাত্ৰা।
১৯৬০ চনৰ পৰাই তেখেতে বোলছবিৰ বাবে গীত ৰচনা কৰাত মনোনিৱেশ কৰিছিল।
শতাধিক গীতৰ ৰচক বৰদলৈৰ গীতৰ কথা অসমৰ প্ৰায়সংখ্যক শিল্পীৰ কন্ঠতেই বাণীবদ্ধ হৈছিল আৰু সেইমতে জনপ্ৰিয়ও হৈছিল।
জয়ন্ত হাজৰিকাৰ সুৰ আৰু কন্ঠৰে নিৰ্মলপ্ৰভা বৰদলৈৰ বহুকেইটা গীতেই চিৰযুগমীয়া হৈ ৰ'ব। সেই সুৰত যেন সঠিক মৰ্যাদা পাইছিল এইগৰাকী গীতিকাৰৰ কথাই...
তেখেতৰ প্ৰত্যেকটো গীততেই আমি নিজক বিচাৰি পাওঁ, চহৰীয়া জীৱন, জীৱনৰ কিছু হৰ্ষ-বিষাদ, প্ৰকৃতিৰ ভিন্ন ৰূপ ইত্যাদি। ‘শামুক অ’ শামুক খাবা নেকি জালুক, জালুক যদি নোখোৱা ওলাবহি ভালুক...’
তেওঁৰ জীৱনটো শিশুৰ বাবে আছিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব যেন! ‘নীলা বাইদেউ’ নামেৰে শিশুৰ মনত নিগাজীকৈ বাস কৰিবপৰা এইগৰাকী স্বনামধন্য সাহিত্যিকক আমিনো কি সতে পাহৰিব পাৰিম, যি প্ৰতিটো সুৰে সুৰে প্ৰতিপলে জী আছে আমাৰ মনত।