মহীৰূহঃবিষ্ণু প্ৰসাদ ৰাভা 6:18:00 PM মহীৰূহ No comments অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি, নিজৰা, উপনৈ সমন্বিত শক্তিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা লাভ কৰিছে ঠিক তেনেকৈয়ে অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যই অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্যৰে সমন্বিত ৰূপত বিশালতা লাভ কৰিছে। যদি কোনোবাই ভেটা দিয়ে, হেঙাৰ দিয়ে তেন্তে ব্ৰহ্মপুত্ৰই যেনেকৈ সেই হেঙাৰ ভাঙি মহাসাগৰৰ ফালে ঢাল খাবই, ঠিক তেনেকৈয়ে সকলো চক্ৰান্ত মষিমূৰ কৰি অসমীয়া কৃষ্টি সংস্কৃতিৰ বৈশিষ্ট্য ঐক্যৰ প্ৰবল সমন্বিত ৰূপত মহামানৱতাৰ ফালে ঢাল খাবই। Share This: Facebook Twitter Google+
0 comments:
Post a Comment