মহীৰূহঃছেমুৱেল স্মাইলছ 6:21:00 PM মহীৰূহ No comments সৰু সৰু ল'ৰা-ছোৱালীক কিছুমান শিক্ষক আৰু মাক বাপেকে অবর্ণনীয় অত্যাচাৰ কৰে। ল'ৰা-ছোৱালীবোৰৰ মানসিক শক্তি ডাঙৰৰ স'তে সমান আৰু সিহঁতৰ হাব-ভাববোৰো ডাঙৰৰ সমান বুলি ভুলকৈ ভাবি লোৱা হয়। খৰকৈ পাঠ আয়ত্ত কৰিব নোৱাৰা ল'ৰাক বেতোৱা হয়, অন্য প্রকাৰেও তাক শাস্তি আৰু লঘু লাঞ্ছনা বিহা হয়। এনে কার্যৰ ফলত সৰুৰ মনে কিমান কষ্ট ভোগ কৰে তাক ডাঙৰে উপলব্ধি কৰিব নোৱাৰে। শিশু এটিৰ জগতখন ইমান ক্ষুদ্র পৰিসৰৰ যে সি নিজৰ দুখ যন্ত্রনাৰ পৰা ৰক্ষা পোৱাৰ উপায়ো বিচাৰি নাপায়। তাৰ মনৰ দুখ বেদনা তাৰ মনতে মাৰ যায়। কিন্তু ইয়াৰ পৰিণতি প্রায়েই দুঃখজনক হয়। সেইবাবে কোমলমতি ল'ৰাবোৰক শাৰীৰিক মানসিক কোনো প্রকাৰ উৎপীড়ন কৰিব নালাগে আৰু সিহঁতক গৰু গাধ তোৰ দ্বাৰা একো নহ'ব ইত্যাদি কথা কৈ কোনো প্রকাৰে নিৰুৎসাহ কৰিবও নাপায়। মনত গোট মাৰি থকা পুঞ্জীভূত বেদনা আৰু ক্ষোভে এসময়ত মানসিক অস্থিৰতা, অবাধ্যতা আদিত আত্মপ্রকাশ কৰে। সিহঁতৰ প্রতি কৰা নিষ্ঠুৰ ব্যৱহাৰ বাবে বাপেকক সিহঁতে মনে মনে শত্রু বুলি গণ্য কৰিবলৈ ধৰে। ফলত সংঘাতৰ সৃষ্টি হয়। সেইবাবে কম বয়সীয়া ল'ৰা ছোৱালীহঁতৰ লগত মাক বাপেকৰ আচৰণ সহনশীল, স্নেহশীল আৰু খোলা মনৰ হ'ব লাগে। কম বয়সীয়া হ'লেও ল'ৰা এটিৰ মনত মাক বাপেকৰ প্রতি বিৰূপ মনোভাব বা তিক্ততাৰ সৃষ্টি হ'বলৈ কেতিয়াও দিব নালাগে। তেনেহ'লে সি বহুতো সময়ত মনৰ ভাববোৰ কাৰো আগত ফুটাই নকৈ, ভিতৰি ভিতৰি খং আৰু বিদ্বেষত জ্বলি থাকে। এনে এটা অৱস্থা তাৰ বয়সৰ ল'ৰা এটাৰ বাবে নিতান্তই ক্ষতিকাৰক হয়। তাৰ প্রতি অন্যায় কৰা হৈছে বুলি তাৰ মনত সন্দেহে বাহ লয়। উঠি অহা গজলীয়া ডেকা ল'ৰা এটা কিবাকৈ মৃত্যুৰ মুখত পৰিলে মাক বাপেকৰ অন্তৰৰ বেদনা কিমান তীব্র হয় সেই কথা আমি আটায়ে বুজো। কিন্তু তেনে মৃত্যুৰ অন্তৰালত যদি কিবা ভুল বুজাবুজিৰ হাত থাকে তেন্তে অৱস্থাটো জীয়াই থকাবোৰৰ বাবে অধিক দুঃসহ হয়। পুতেকক অত্যন্ত কঠোৰ শাসন কৰা এজন পিতাকে পুতেকৰ মৃত্যুৰ পাছত নিজৰ বন্ধু এজনৰ আগত এইবুলি কৈছিল, 'মোৰ ল'ৰাটোৱে মোক তাৰ প্রতি বৰ নিষ্ঠুৰ বুলি ভাবিছিল, সি তেনেদৰে ভবাৰ কাৰণো অৱশ্যে নোহোৱা নহয়। কিন্তু মই অন্তৰৰ গভীৰতাত তাক কিমানকৈ ভাল পাইছিলো সেই কথা সি নাজানিছিল। কিন্তু এতিয়া বহুত পলম হৈ গ'ল।' পিতাকৰ প্রতি থকা এই সন্দেহ আৰু অবিশ্বাসেই শেহত গৈ কাল হ'ল। এনে সন্দেহ আৰু অবিশ্বাসবোৰ কলিতেই মুচৰি পেলাব লাগে, বাঢ়ি যাবলৈ দিলে সিহঁতে আপোন মানুহৰ ভিতৰতে মানসিক ব্যৱধানৰ সৃষ্টি কৰে। Share This: Facebook Twitter Google+
0 comments:
Post a Comment