মহীৰূহঃজ্যোতিপ্রসাদ আগৰৱালা 6:22:00 PM মহীৰূহ No comments বর্তমান পৃথিৱীত এই বৈজ্ঞানিক যুগত একেবাৰে আছুতীয়াকৈ কোনো দেশৰ, প্রদেশৰ মহাজাতিৰ, জাতিৰ বা উপজাতিৰ সংস্কৃতি হ'ব নোৱাৰে। এতিয়া এক সমন্বয় সংস্কৃতি সভ্যতালৈ মহাজাতি, জাতি উপজাতিবোৰ যাবলৈ ধৰিব। পৃথিৱীৰ বুৰঞ্জীত এনে সমন্বয় কেতিয়াবাৰ পৰাই আৰম্ভ হৈছে। সমন্বয় প্রণালীতো, এটা জাতিৰ, উপজাতি সমন্বয়ৰ কৰাৰ ধৰণৰ মৌলিকতা ফুটি উঠিব। লাগিব কিয় - সেই মৌলিকতা উদ্বুদ্ধ কৰি সমন্বয়ত সেই মৌলিকতা প্রকাশ কৰিব লাগিব। আৰু এই জাতিৰ জাতীয়, উপজাতীয় মৌলিকতাইহে পৃথিৱীৰ সমন্বয় হোৱা সমষ্টিত সভ্যতাবোৰত বৈচিত্র ফুটাই তুলিব। এই বৈচিত্র আমাক লাগিবই-আমি ৰক্ষা কৰিবই লাগিব। এই সমন্বয়ৰ বৈচিত্র ৰক্ষা কৰাৰ নীতিকে আজি জগতৰ জাতি-উপজাতিয়ে মানি চলিলেই প্রায়েই আমি সংঘর্ষৰ পৰা হাত সাৰিব পাৰিম। অৱশ্যে এটা জাতিৰ বা উপজাতিৰ সকলো মানুহে যে এই সাংস্কৃতিক নীতি মানি ল'ব তাক ক'ব নোৱাৰি। ইমানদিন পৃথিৱীত চলি অহা, নিজৰ আত্মপ্রসাৰৰে আনক গিলি খাই নিজৰ অভিমান অহংকাৰক সন্তুষ্ট কৰা প্রবৃত্তিবোৰৰ আজিও পৃথিৱীত সু-সভ্য সংস্কৃতি সম্পন্ন জাতি বুলিও মানৱ ধর্ম বুলি মানি চলাত আমি এই সংস্কৃতি-বিৰোধী দুষ্কৃতিৰপৰা প্রতিক্রিয়ামূলক প্রতিৰোধ পাম। নিশ্চয়েই সেই ক্ষেত্রত সেই মনোবৃত্তিৰ মানুহৰ স'তে ব্যক্তিৰ বা সমষ্টিৰ স'তে আমি সংঘর্ষত আহিবই লাগিব। শাস্ত্রৰে আমাৰ নতুন সাংস্কৃতিক সংগঠন আৰু অস্ত্রৰে আমি দুষ্কৃতিক দমন কৰিবলৈ থিয় হ'বই লাগিব। পাত্রাপত্র চাই আমি সত্যগ্রহৰ অস্ত্রাগাৰৰ পৰা অস্ত্র আনিব লাগিব আৰু আৱশ্যক হ'লে আমি খাৰ-বাৰুদৰ কুঠুৰিলৈকে যাব লাগিব। অহিংসাই যে মানৱ সংস্কৃতিৰ চৰম পৰিণতি তাক অৱশ্যে মনত ৰাখিয়েই। এইখিনিতে আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে সংস্কৃতিয়ে সংস্কৃতিয়ে কেতিয়াও সংঘর্ষ নহয়, সংঘর্ষ হয় দুষ্কৃতিৰ স'তে। সংস্কৃতিয়ে সংস্কৃতিয়ে মাথোন সমন্বয়হে হয়। সাধুৱে সাধুৱে সংঘর্ষ নহয়। সাধু আৰু আসাধুৰ সংঘর্ষ অৱশ্যে হয়েই। আমাৰ জীৱনৰ সকলো স্তৰতে সংস্কৃতিৰ পোহৰ পৰিব লাগিব। দৈনন্দিন কার্যবোৰৰ পৰাও আনন্দ পাবৰ কাৰণে তাতো সৌন্দর্যৰ সমাবেশ হ'ব। সেই কাৰণে আজি বিজ্ঞানৰ সহায়েৰে উন্নত সংস্কৃতিৰ মানুহে ৰান্ধনী ঘৰটোও এটা সৌন্দর্যৰ বস্তু কৰি তুলিছে। আজি আমাৰ এটা সুৱদি গীত বা সুৰ শুনি মনলৈ যেনে আনন্দ আহে, ঠিক সেইদৰেই আমি এটা আধুনিক ৰান্ধনী ঘৰত সোমালে আনন্দ পাব লাগিব। মুঠতে সংস্কৃতিয়ে আমাৰ ৰাজনীতিৰ পৰা ৰান্ধনী ঘৰলৈকে প্রভাৱ বিস্তাৰ কৰিব লাগিব। তেতিয়াই আমি মানুহ জীৱনৰ পূর্ণ আনন্দ লাভ কৰিব পাৰিম। সংস্কৃতিয়েই জীৱন ধুনীয়া কৰে। আৰু এই সংস্কৃতিৰ যেতিয়াই বিভ্রাট উপস্থিত হয়, তেতিয়াই মানুহৰ সমাজত বেমেজালি আৰু কদর্যতাই দেখা দিয়ে। Share This: Facebook Twitter Google+
0 comments:
Post a Comment