মহীৰূহঃবিষ্ণু প্ৰসাদ ৰাভা 6:25:00 PM মহীৰূহ No comments বৌদ্ধ যুগতো ভাৰতীয় নাট্যকলাই যথেষ্ট সমাদৰ পাইছিল আৰু বিশিষ্টভাৱে ইয়াৰ উত্কর্ষ সাধনো কৰা হৈছিল। 'ললিত বিস্তৰ'ৰ মতে, বুদ্ধদেৱে নিজেই নাট্যকলাৰ বিষয়ে উত্সাহ প্ৰদান কৰিছিল। ৰাজগৃহত তেওঁ বাস কৰোঁতে তেওঁৰ শিষ্য মোদগল্যায়ন আৰু উপতিষ্যই 'দিগম্বৰ' নাটকৰ অভিনয়ৰ ব্যৱস্থা কৰিছিল। ৰাজগৃহত কলা-পটীয়সী অভিনেত্ৰী কুবলয়াই তেওঁৰ মোহিনী শক্তিৰে কিছুমান বৌদ্ধভিক্ষুৰো হৃদয় বিচলিত কৰিছিল। গৌতম বুদ্ধৰ অভিশাপত সেই সুন্দৰী অভিনেত্ৰী কুৰূপা বিকটদর্শনা বৃদ্ধাত পৰিণত হয়। বহু কাকূতি-মিনতি আৰু পৰিতাপ অনুতাপৰ ফলত বুদ্ধদেৱে তেওঁক ক্ষমা কৰে। নাগৰাজসকলৰ সন্মানৰ কাৰণে মগধৰাজ বিম্বিসাৰে অভিনয় প্ৰদর্শন কৰিছিল। কুষান-ৰাজ কনিষ্কৰ সভাকবি অশ্বঘোষে লিখা এখন নাটক-'সাৰিপুত্ৰ প্ৰকৰণ' মধ্য এছিয়াত পোৱা গৈছে। খ্ৰীষ্টীয় তৃতীয় শতাব্দীত লিখা বৌদ্ধ জাতকৰ নাট আৰু নাটকৰ বহু দৃষ্টান্ত আৰু আচৰিত আচৰিত আখ্যান পোৱা যায়। Share This: Facebook Twitter Google+
0 comments:
Post a Comment