কিছুমানে মোক খুউব আৱেগিক বুলি কয়। হয়তো কথাটো সিমান মিছা নহয়। কালি এটি শিশুৰ পৰাই শিকিলো জীৱনৰ পাঠ।
এটি ভোকাতুৰ অঘৰী শিশুৱে পৰম আকুলতাৰে মোৰ পৰা সহায় বিচাৰিছিল। তাৰ সেই কাঁতৰ চাৱনিক উপেক্ষা কৰিব নোৱাৰি আগবঢ়াই দিছিলো দুটুকুৰা কেক আৰু এটি লাডু। কিন্তু তাক পইচাহে লাগে। খঙো উঠিছিল। কিন্তু উপায়হীন হৈ তাক ২০ টকা দিলো (খুচুৰা নথকাত)। পইচা লৈয়ে সি দৌৰ মাৰিছিল।
পিছে পিছে গৈ দেখোঁ, দোকানৰ পৰা এপেকেট গাখীৰ কিনি ৰাস্তাৰ সিটো পাৰলৈ ঢপলিয়াইছে। তাৰপিছ লৈ গৈ দেখোঁ প্ৰায় ৮ মহীয়া এটি কেঁচুৱাক সি গাখীৰ খুৱাইছে। জানিবলৈ বিচৰাত সি ক'লে কেঁচুৱাটো তাৰ ভায়েক।
হাতত লৈ যোৱা বস্তুখিনি যাচোঁতে সি ক'লেঃ ''চাৰ, তই মোক পইচা দিলি; পিঠাবোৰ নালাগে। তই বহুত ভাল।''
এটি ৯/১০ বছৰীয়া অবুজ শিশুৱে কেনেকৈ বুজে ইমান কথা! কেনেকৈ বুজিলে পৰিয়ালৰ অৰ্থ! নিজকে নিঃকিন লাগিছিল তেতিয়া। পৰিমাপহীন আৱেগত ডুবি ঘৰলৈ উভটিছিলো। হাতত ঘূৰি আহিছিল খোৱাবস্তুৰ টোপোলাটো আৰু দুচকুত দুটোপাল পানী; তলমল!
মোক কোনোবাই আৱেগিক বুলি ক'লেও বেয়া নালাগে এতিয়া।

0 comments:
Post a Comment