সেয়া বহু দিনৰ আগৰ কথা, ফিজি দ্বীপত কেঁকোৰা, শামুক আৰু কেইটামান প্ৰজাতিৰ চৰাইৰ বাদে অন্য কোনো জীৱ-জন্তু নাছিল। প্ৰথম অৱস্থাত কেঁকোৰা আৰু শামুকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। তেওঁলোকে তাত মহা সুখে-সন্তোষে জীৱন-যাপন কৰিছিল। কেঁকোৰাই বৰ খৰ খোজেৰে ঘূৰি ফুৰিব পাৰিছিল আনহাতে সেই সময়ত শামুকৰ গাত খোলাটো নাছিল। সেয়ে শামুকে নিজৰ শৰীৰটো ৰক্ষা কৰাৰ স্বাৰ্থত মন্থৰ গতিৰেই চলাফুৰা কৰিছিল। প্ৰতিদিনে কেঁকোৰাই সাগৰত মাছ ধৰি খায় আৰু শামুকটোৱে দ্বীপটোৰ বাদে ক’লৈকো খাদ্য বিচাৰি নাযায়! শামুকটো কিন্তু এলেহুৱা নাছিল, দ্বীপটোৰ বাদে সি অন্য ঠাইলৈ খাদ্য বিচাৰি নোযোৱাৰ এটা বিৰাট কাৰণ আছিল।
শামুকটো বৰ সহজ-সৰল আছিল। সি যিয়েই বিচাৰি পায় কেঁকোৰাৰ সৈতে সমানে ভগাই খায়, কিন্তু কেঁকোৰা আছিল শামুকৰ সম্পূৰ্ণ বিপৰীত। কেঁকোৰাই ধৰা মাছৰ অধিকাংশই কেঁকোৰাটোৱে অকলেই খাই পেলাইছিল, শামুকলৈ সামান্য অংশহে এৰিছিল। এদিন স্থলভূমিৰ সকলো খাদ্য শেষ হৈ যোৱাত শামুকটোৱে খাদ্য বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হ’ল! ইয়াকে দেখি কেঁকোৰাই মনে মনে খুউব হাঁহে। ইফালে শামুকটো দিনক দিনে শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। কেঁকোৰাই সদায় সাগৰত মাছ ধৰে আৰু অকলে অকলে খাই শেষ কৰি পেলায়। শামুকৰ কেতিয়া মৃত্যু হয় সি তাকে ভাবিবলৈ ধৰিলে। কেঁকোৰাই এটা কথা ভালকৈ জানে যে শামুকৰ মৃত্যু হ’লে দ্বীপটোৰ সি একছত্ৰী ৰজা হ’ব! শামুকটো দিনে দিনে বেছি দুৰ্বল হ’বলৈ ধৰিলে আৰু তাৰ ইফাল-সিফাল কৰিব নোৱৰা অৱস্থা হ’ল। এটা শিলৰ তলত জুপুকা মাৰি বহি সি তাৰ ভাগ্যকে ধিয়াই থকা হ’ল। এদিনাখন বুদ্ধিমান কাছ বন্ধুৰ কথা তাৰ মনলৈ আহিল। পানী আৰু দ্বীপৰ বিষয়ে কাছৰ বহুত জ্ঞান আছে। সেয়ে শামুকে অতি কষ্টেৰে লাহে লাহে পূবলৈ যাত্ৰা আৰম্ভ কৰিলে।
অৱশেষত, বহু কষ্টৰ মূৰত শামুকে কাছ বন্ধুক লগ পালে। শামুকৰ অৱস্থা দেখি কাছই বৰ বেজাৰ পালে। শামুকে তাৰ দুখৰ কাহিনী কাছৰ সমূখত ক’লে। কাহিনী শুনি কাছই শামুকক ক’লে— তুমি সাগৰৰ পৰা খাদ্যবস্তু সংগ্ৰহ নকৰা কেলৈ?
তেতিয়া শামুকে ক’লে— মোৰ বৰ ভয় লাগে সখা, সাগৰৰ মাছবোৰে যদি মোৰ কোমল শৰীৰটো খুটিয়াই খুটিয়াই খাই পেলায়!
হহম..ঠিকেই!— কাছই ক’লে।
সাগৰত মই বহুত খোলা দেখা পাইছোঁ। সেইবোৰ তোমাৰ শৰীৰত বৰ সুন্দৰকৈ খাপ খাব। মই তাৰপৰাই এটা খোলা তোমালৈ লৈ আনিম সখা, তুমি চিন্তাই নকৰিবা।
কাছই সাগৰৰ তলিৰ পৰা এটা খোলা আনি শামুকক পিন্ধাই দিলে আৰু কিবা কিবি খাবলৈও দিলে। শামুকে কাছক কৃতজ্ঞতা জনাই ওভতনি যাত্ৰা আৰম্ভ কৰিলে। বিদায় পৰত কাছই শামুকক ক’লে— সদায় ভদ্ৰ হ’বা, নম্ৰ হ’বা, তেতিয়া সকলোৱে তোমাক ভালপাব, শ্ৰদ্ধা কৰিব আৰু তোমাৰ আপোনপেটীয়া বন্ধুক বেয়া পাব।
শামুকটো নিজৰ ঘৰৰ ওচৰ পোৱাৰ সময়ত কেঁকোৰাই তাক দেখা পাই হতচকিত হৈ পৰিল। বহু সময় ধৰি সি শামুকটোৰ ফালেই চাই থাকিল। বন্ধুৰ প্ৰতি সি কেনে আচৰণ কৰিছিল সেইকথা উপলব্ধি কৰি কেঁকোৰাটো বৰ লজ্জিত হ’ল আৰু সেইদিনাৰ পৰাই কেঁকোৰা বালিৰ মাজত গাঁত খান্দি লুকাই থাকিবলৈ ল’লে।

0 comments:
Post a Comment