সাহিত্যত অৱশ্যে পৰিৱৰ্তন লাগে। নালাগে বুলিলেও পৰিৱৰ্তন আহিবই আহিব। সেই বুলি দেখা দৰ্কাৰ যে সেই পৰিৱৰ্তনত ভাষাৰ আৰু সাহিত্যৰ প্ৰাণটো নেযায়।...জীয়া ভাষাটো জীয়া পদাৰ্থ, মৰা শ বা জকা নহয়। জীয়া বস্তুৱেই পৰিৱৰ্তনশীল হয়। ভাষাক অপৰিৱৰ্তন কৰিলে সি মৰা জকা হ’ব। পৃথিৱীত যিবোৰ জীয়া ভাষা আছে, সেইবোৰৰ সৰহ নালাগে ডেৰ কুৰি বছৰ কালৰ ভিতৰতে হোৱা পৰিৱৰ্তন দেখিলে আচৰিত মানিব লাগে।...অভিধান ব্যাকৰণে অৱশ্যে কিছুদিনলৈ ভাষাক নিয়মিত কৰি স্থায়িত্ব দিয়ে। বৰ খৰ পৰিৱৰ্তন একোলৈকে ভাল নহয়, ভাষালৈকো নহয়। সেই দেখি ৰক্ষণশীল অভিধান-ব্যাকৰণৰ চাপ আৱশ্যক।
(বাঁহী, আহিন, ১৮৩২ শক)
(বাঁহী, আহিন, ১৮৩২ শক)
0 comments:
Post a Comment