কোনোটো ভাব, কোনোটো চিন্তা আমাৰ ভাষাৰ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰিলে, সহজে বুজা বিদেশী ভাষাৰ শব্দ ধাৰকৈ আনি সেই কাৰ্যৰ নিমিত্তে তাৰ সহায় ল’লে ভাষাৰ মংগলৰ বাহিৰে অমংগল নহয়, আৰু ভাষাৰ জাতো নাযায়। আজিকালি পৃথিৱীৰ ভিতৰত সকলো ভাষাতকৈ উন্নত ভাষা ইংৰাজী ভাষাত কত দেশৰ শব্দ সোমাই তাক চহকী কৰিছে, অন্ত নাই। কিন্তু সেইবোৰ অনাৱশ্যকত বা অদৰ্কাৰত ধাৰে লোৱা হোৱা নাই, নাইবা ইংৰাজী ভাষাৰ অনিষ্ট সাধন কৰিবৰ মনেৰে গাৰ বলেৰে সেইবোৰ তাত প্ৰৱেশ কৰা নাই দেখি অনধিকাৰ প্ৰৱেশ দোষত সেইবোৰ জগৰীয়া নহয়। সেই শব্দবোৰ ডমিচাইল অৰ্থাৎ ঘৰুৱা হৈহে ইংৰাজী ভাষাত সোমাইছে। সিহঁতে থাকিবলৈ ইংৰাজী ভাষাৰ দেশত গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণৰ বস্তি মাটি একো চমকা পাইছে, স্পেলিং অৰ্থাৎ বৰ্ণ-বিন্যাসৰ কাপোৰ একোডোখৰ পাইছে, আৰু সকলো বিষয়তে সেইবোৰ ইংৰাজী ভাষাৰ প্ৰজাস্বত্ব দখল কৰিবলৈ পাইছে। ফলত সিহঁতৰদ্বাৰাই ইংৰাজী ভাষাৰ সম্পদ বাঢ়িছে, টুটা নাই।
(‘বাঁহী’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত ‘অসমীয়া ভাষা সম্পৰ্কে আষাৰ-চেৰেক কথা’ত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল।)
(‘বাঁহী’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত ‘অসমীয়া ভাষা সম্পৰ্কে আষাৰ-চেৰেক কথা’ত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল।)
0 comments:
Post a Comment