এটা ব্যস্ত পথ, যান-বাহনৰ শব্দত কাৰো মাত কোনেও নুশুনে। সকলো ব্যস্ত নিজক লৈ, নিজৰ কামক লৈ। সকলোকে ধন লাগে, মনৰ সপোনবোৰ পূৰ্ণ কৰাৰ দৌৰত সকলো ব্যস্ত।
সেই পথেৰে অনেক মানুহৰ ভিৰত খোজকাঢ়ি আগবাঢ়িছে এগৰাকী আঠ বছৰীয়া ছোৱালীৰ সৈতে তাইৰ অসহায়, নিঃকিন মাতৃ। ছোৱালীজনীৰ জ্বৰ, চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছে। হাতত পইচা নথকা হেতুকে খোজেৰেই হাতত ধৰি আগবাঢ়িছে। মাজে মাজে মাকে ছোৱালীজনীৰ কপালখন স্পৰ্শ কৰে, বহুত জ্বৰ! মাকে চাদৰৰ আঁচলেৰে তাইক সাবটি ধৰি বেগাই খোজ দিছে। খাদ্যৰ অভাৱত ক্ষীণাকাৰ মানুহজনীৰ ছোৱালীজনীক কোলাত তুলি নিবলৈ দেহত শক্তিৰ অভাৱ। মাজ বাটতে ছোৱালীজনী ৰৈ দিলে, মাকৰ মুখলৈ কৰুণতাৰে চাই ক’লে— মা, মোৰ বৰ পিয়াহ লাগিছে আৰু যাব নোৱাৰো। চকুৰে ধোঁৱা ধোঁৱা দেখিছোঁ।
মাকে পথৰ কাষৰ দোকান এখনৰ বাৰান্দাতে তাইক বহিবলৈ দিলে। দোকানৰ ভিতৰৰ পৰা ধমকৰ সুৰেৰে এজনৰ মাত— ঐ যা যা, এতিয়া ভিক্ষা দিয়া নহ’ব।
মাকে কন্দনা মাতেৰে ক’লে— ভিক্ষা খুজিব নাই অহা, ছোৱালীটিৰ গা বেয়া। সেয়ে অলপ জিৰণিহে লৈছোঁ। পাৰিলে পানী এগিলাচ দিব নি? মানে...
দোকানীয়ে গহীনাই ক’লে— পানী নাই নহয়, বহ যদি বহি থাক বাৰু।
: মা, মোক ধৰি থাক, বৰ ঠাণ্ডা লাগিছে। মূৰটো ঘূৰাইছে, ডিঙিটোও শুকাই আহিছে, পানী খাব মন গৈছে অ’ মোৰ।
: ৰচোন আই, মই পানী বিচাৰি যাওঁ। তই ইয়াতে বহি থাক দেই, মই আহি আছোঁ।
মাকে কেইবাখনো দোকানত বিচাৰিলে, কিন্তু নাপালে। কিনি খাবলৈ পানীৰ বটলেই বটল। অৱশেষত এখন ভগ্নপ্ৰায় হোটেলত মাকে পানী এগিলাচ পালে। মাকে এখন্তেকো ৰৈ নাথাকি ছোৱালীজনীৰ কাষলৈ বেগাই আহিল। আহিয়ে তাই প্ৰত্যক্ষ কৰিলে, ৰাতিপুৱা বৰষুণ দিয়া পানী ঠায়ে-ঠায়ে অলপ-অলপকৈ জমা হৈ থাকি গৈছিল। তাৰে পানী এচলু ছোৱালীজনীয়ে পিবলৈ ধৰিছিল..!

0 comments:
Post a Comment