এটা সৰু ল’ৰাই কাষতে বহি তাৰ আইতাকে চিঠি লিখা চাই আছিল। অকস্মাতে সি আইতাকক সুধিলে— ‘‘আমি কি কি কাম কৰিলোঁ তুমি সেই বিষয়েই লিখি আছা নেকি? নে তুমি মোৰ বিষয়ে লিখি আছা?’’
আইতাকে লিখিবলৈ বন্ধ কৰি নাতিয়েকক উদ্দেশ্যি ক’লে— ‘‘ওঁ মই তোমাৰ কথাকে লিখি আছোঁ। কিন্তু মই লিখি থকা কথাখিনিতকৈ গুৰত্বপূৰ্ণ কথাটো হ’ল মই লিখিবলৈ ব্যৱহাৰ কৰি থকা এই পেঞ্চিলডালহে। মই আশাকৰোঁ তুমি ডাঙৰ হৈ এই পেঞ্চিলডালক ভাল পাবলৈ শিকিবা, পেঞ্চিলডালৰ দৰেই হ’বা।’’
সৰু ল’ৰাজনে আচৰিত হৈ, পেঞ্চিলডালক কিছুদেৰি নিৰীক্ষণ কৰি একো বিশেষত্ব দেখা নাপাই আইতাকক ক’লে—
‘‘পেঞ্চিলডালচোন মই দেখা আন সাধাৰণ পেঞ্চিলবোৰৰ দৰেই!’’
‘‘সেয়া নিৰ্ভৰ কৰে বস্তুবোৰক তুমি কিদৰে লক্ষ্য কৰা...
তুমি এতিয়াও বুজি উঠা নাই, এই পেঞ্চিলডালৰযে পাঁচটা গুণ আছে, সেইকাৰণেই তুমি এনেদৰে ক’লা। এদিন এই গুণবোৰক আয়ত্ত্ব কৰি ল’ব পাৰিলেই তুমি পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি হৈ পৰিবা আৰু জীৱনৰ প্ৰত্যেক ক্ষণেই তোমাৰ বাবে শান্তিময় হৈ পৰিব।’’
আইতাকে উচ্ছাসেৰে কৈ গ’ল—
পেঞ্চিলডালৰ প্ৰথম গুণঃ
যিকোনো মহৎ কাম কৰাৰ সামৰ্থ্য তোমাৰ আছে। কিন্তু জীৱনৰ প্ৰতিটো খোজতেই তুমি মনত ৰাখিব লাগিব যে তোমাৰ প্ৰত্যেকটো কাম-কাজ এখন অদৃশ্য হাতে নিয়ন্ত্ৰণ কৰি থাকে। যিদৰে আমি এই পেঞ্চিলডালক নিয়ন্ত্ৰণ কৰোঁ।
দ্বিতীয় গুণঃ
মাজে মাজে মই লিখিবলৈ বন্ধ কৰি পেঞ্চিলডালৰ আগটো জোঙা কৰিব লাগে। জোঙা কৰাৰ ফলত পেঞ্চিলডালে কিছু কষ্ট পায় সঁচা কিন্তু পৰৱৰ্ত্তী সময়ত পেঞ্চিলডাল আৰু বেছি তীক্ষ্ন হৈ পৰে। সেয়ে তুমিও পেঞ্চিলডালৰ দৰে দুখ-কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব আৰু সিয়েই তোমাক এজন নিপুন আৰু ভাল মানুহৰূপে গঢ় দিব।
তৃতীয় গুণঃ
লিখি থাকোঁতে আমি কৰা কিছুমান ভুল ৰবৰেৰে মোহাৰি শুদ্ধ কৰি ল'বলৈ পেঞ্চিলডালে আমাক সুবিধা দিয়ে। ইয়াৰ অৰ্থ এইটোৱেই যে আমি জীৱনত কৰা ভুলৰ শুধৰণি কৰাটো একো বেয়া কথা নহয়। ই আমাক ভাল আৰু সৎ পথত চলাত সহায় কৰে।
চতুৰ্থ গুণঃ
পেঞ্চিলডালৰ বাহিৰৰ কাঠৰ খোলাটোত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই, তাৰ ভিতৰত থকা ক'লা গ্ৰেফাইটখিনিহে আচল। গতিকে নিজৰ আত্মাত কি ঘটি আছে তাতহে সদায় চকু দিব লাগে। এখন নিকা হৃদয় গঢ়াতহে মনোনিৱেশ কৰিব লাগে।
শেষত, পেঞ্চিলডালৰ পঞ্চম গুণটোঃ
এখন উকা কাগজত পেঞ্চিলডালে সদায় নিজৰ চিহ্ন ৰাখি থৈ যায়। একেদৰে তুমিও জনাটো উচিত যে জীৱনত তুমি কৰা প্ৰত্যেকটো কামেই সময়ৰ বুকুত একোটা চিহ্ন খোদিত কৰি থৈ যায়। গতিকে তুমি কৰা প্ৰতিটো কামতেই বিশেষভাৱে সচেতন হ’বলৈ যত্নপৰ হ’ব লাগে।
[এই গল্পটো ‘অনুৰাগ’ বৈদ্যুতিন আলোচনীত পূৰ্বে প্ৰকাশিত। গল্পটোৰ মূল লেখক পাউলো কোৱেলহো। উক্ত গল্পটো তেওঁৰ জীৱন ভাৱনাৰ কাব্যিক অথচ ব্যঞ্জনাঘন চুটি ৰচনাৰ সংকলন ‘Like the flowing river’ ৰ ‘A story of a pencil’ নামৰ চুটিগল্পটোৰ অনুবাদ]

লক্ষ্য এইটো তুমিও কৰিছিলা নেকি অনুবাদ, মইয়ো কৰিছিলোঁ এবাৰ, ধুনীয়া গল্প| মই কৰাটো মোৰ ব্লগতে আছে
ReplyDeleteহয় বন্ধু, ময়ো এইটো অনুবাদ কৰিছিলোঁ অনুৰাগ(www.onurag.org)খনত দিবলৈ।
Delete