•কোনো এটা কাম কৰাৰ আগতে আমি নিজকে তিনিটা প্ৰশ্ন কৰা উচিত। কিয় কামটো কৰিবলৈ লৈছোঁ; কামটোৰ ফল কি হ’ব; আৰু কামটোত সফলতা লাভ কৰিব পৰা যাবনে? যদিহে এই প্ৰশ্নকেইটাৰ সন্তোষজনক উত্তৰ বিচাৰি পাওঁ, তেতিয়াহে কামটোত আগবঢ়াটো শ্ৰেয়।
•আমাৰ দৈনন্দিন জীৱন বহুত বিচিত্ৰময় হয়। এনেকুৱা লাগে যেন আমি প্ৰকাশৰ মাজত থাকিও আন্ধাৰত একো নাপাই ঘূৰি ফুৰিছোঁ।ইয়াৰ মূল কাৰণ হ’ল— আমাৰ অজ্ঞানতা। জ্ঞানেই হ’ল জীৱনৰ পথ প্ৰদৰ্শক। জ্ঞানেই হ’ল প্ৰকাশ। জ্ঞানৰ পৰাই মানুহৰ মুক্তিৰ পথ সুলভ হয়।
•বেয়া সময়ৰ বাবে ধন বছোৱাটো বৰ দৰকাৰী। নাভাবিবা যে বেয়া সময় নাহে। অন্ধকাৰো পোহৰত সলনি হয়, এনেকৈয়ে সময়ো।
•যিখন ঠাইত আদৰ নাই, জীৱন অতিবাহিত কৰিবৰ জোখাৰে সুবিধা নাই, বিদ্যা অৰ্জনৰ কোনো স্থান নাই, তাত থাকি একো লাভ নাই। কাৰণ তেনে ঠাইত থাকি কোনেও উন্নতি কৰিব নোৱাৰে।
•পত্নী যেনেকুৱাই হওক, ধন যিমানেই হওক, ভোজন যেনেকুৱাই হওক; এইবোৰ যদি সময়মতে পায় তেন্তে বহুত ভাল। এইবোৰ পোৱাৰ পাছত এটা কথা কিন্তু পাহৰিব নালাগে যে— আমাৰ কৰ্তব্য আছে। সেয়া হ’ল বিদ্যা গ্ৰহণ কৰা, জ্ঞানেই হ’ল শক্তিৰ মূল ভেটি।

0 comments:
Post a Comment