•পৃথিৱীৰ মহাসাগৰবোৰত ইমান খনিজ লৱণ আছে যে যদি মহাসাগৰবোৰ শুকাই যায়, তেতিয়া যিখিনি খনিজ লৱণ থাকিব তাৰে বিষুৱ ৰেখাৰ চাৰিওফালে প্ৰায় ডেৰ কিল’মিটাৰ ডাঠ আৰু প্ৰায় ৩০ কিল’মিটাৰ ওখ এখন বেৰ সাজিব পৰা যাব।
•পখিলাৰ বিভিন্ন প্ৰজাতি আছে। ইয়াৰে এবিধ পখিলা আছে যাৰ গাৰ পৰা সুগন্ধি নিগৰিত হয়। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশত পোৱা এই পখিলাবোৰ জুম পাতি থাকে আৰু ইয়াৰ গাৰ পৰা এনে এক সুগন্ধি বাহিৰ হয় যাৰ গোন্ধ চকলেটৰ নিচিনা। তদুপৰি এই পখিলাবোৰৰ ৰঙো চকলেটৰ নিচিনাই।
•চেনি যে কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয় সেইটো আমি সকলোৱে জানো। কিন্তু উত্তৰ আমেৰিকাত এনে এবিধ গছ পোৱা যায় যাৰ পৰা স্বাভাৱিকভাৱে চেনি পোৱা যায়। গছজোপাৰ নাম ‘ডগলাছ ফাৰ’। গাটো কাঁইটেৰে ভৰা আৰু কাঁইটবোৰত আছে সৰু সৰু ছিদ্ৰ পথ। এই ছিদ্ৰৰ দ্বাৰাই ৰস নিগৰি আহি পাতৰ ওপৰত জমা হয় আৰু ক্ৰমশঃ জমা হৈ চেনিত পৰিণত হয়।
0 comments:
Post a Comment