ৰাতিপুৱাবৰে হ’ল
মোৰ শিতানৰ সিপাৰে
আকাশখনত
তৰা এটা এতিয়াও
সাৰে আছে
টোপনিৰ লাহী বিচনীৰ
বা-লাগি তাৰ তিৰবিৰ শৰীৰ
হেন্দোলি উঠিছে শেষ ৰাতিৰ
বতাহত
চকুৰ পাহিত ৰাতিৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই,
কোনো ক্লান্তি নাই...
তৰাটো জ্বলি আছে
অকলশৰে
বুকুত ভালপোৱাৰ
সহজ প্ৰতিভা।
মোৰ শিতানৰ সিপাৰে
আকাশখনত
তৰা এটা এতিয়াও
সাৰে আছে
টোপনিৰ লাহী বিচনীৰ
বা-লাগি তাৰ তিৰবিৰ শৰীৰ
হেন্দোলি উঠিছে শেষ ৰাতিৰ
বতাহত
চকুৰ পাহিত ৰাতিৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই,
কোনো ক্লান্তি নাই...
তৰাটো জ্বলি আছে
অকলশৰে
বুকুত ভালপোৱাৰ
সহজ প্ৰতিভা।
0 comments:
Post a Comment