
মধুপুৰ!! ঠিক গাঁও বুলিও ক’ব নোৱাৰি বা নগৰ বুলিবও নোৱাৰি; মাজতে কিবা এটা। অৱশ্যে ঠাইখনে দ্ৰুতগতিৰে নগৰৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ লৈছে। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কোনোধৰণৰ সামগ্ৰীৰ অভাৱ ইয়াৰ জনসাধাৰণে ভোগ কৰিবলগীয়া হোৱা নাই। যাতায়াত, যোগাযোগ, শিক্ষা, বিদ্যুৎ সৰবৰাহকে ধৰি সকলোবোৰৰে সু-ব্যৱস্থা ইয়াত আছে। অৱশ্যে সিমান উন্নত বুলিও ক’ব নোৱাৰি। তথাপি অঞ্চলটোক লৈ প্ৰতিজন বাসিন্দাই গৌৰৱ কৰাৰ থল নোপোৱাৰ প্ৰশ্ন নুঠে।
প্ৰতি দেওবাৰে মধুপুৰৰ এই নিৰ্দিষ্ট ঠাইটুকুৰাত হাটখন বহে। হাটখনলৈ মধুপুৰৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ সমাগম হয়। মুঠতে অঞ্চলটোৰ পৰিৱেশলৈ লক্ষ্য কৰিলেই গম পোৱা যায় যে আজি দেওবাৰ।
ব’হাগক আদৰাৰ আয়োজন চলিছে সৰ্বত্ৰ। বছৰেকৰ মূৰত অহা বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ ক্ষেত্ৰত কোনেও কণমানো কৃপণালি কৰিব নিবিচাৰে। ঢোল, পেঁপা, গগনাৰ শব্দেৰে মুখৰিত হৈ পৰিছে মধুপুৰ। প্ৰতিবছৰৰ দৰে এইবেলিও মধুপুৰ অঞ্চলক একত্ৰ কৰি বিহু সন্মিলনখনি ধুমধামেৰে অনুষ্ঠিত হ’ব নিশ্চয়! অৱশ্যে মধুপুৰত প্ৰতিবছৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা বিহু সন্মিলনখনিৰ কথা সৰ্বজনবিদিত। এই সন্মিলনখনিৰ যেন এক স্বকীয় বৈশিষ্ট্য আছে।
আজি বিহুৰ বজাৰ। পূজা বা বিহুৰ আগৰটো দেওবাৰে বহা বজাৰখন পূজা বা বিহুৰ বজাৰ বুলিয়েই পৰিচিত। ময়ো বজাৰখনৰ এজন নিয়মীয়া ব্যৱসায়ী। আজিও নিৰ্দিষ্ট সময়ৰ অলপ আগতেই বজাৰখনত থকা মোৰ নিৰ্দিষ্ট ঠাইখনত মোৰ বেহাৰ সামগ্ৰীসমূহ মেলিবলৈ যো-জা কৰিলোঁ।
বজাৰখন ক্ৰমান্বয়ে মানুহ আৰু মানুহৰ কোৰ্হালেৰে ভৰি পৰিছে। ব্যস্ত হৈ পৰিছে বজাৰখন। অলপ সময়ৰ আগৰ একো একোজন মানুহ ক্ৰমাৎ একোজন ব্যৱসায়ীলৈ পৰিবৰ্তিত হৈছে। প্ৰত্যেকেই যেন প্ৰত্যেকৰ অচিনাকি হৈ পৰিছে ক্ৰমাৎ। কাৰণ বন্ধুত্ব মোৰ লগতহে, ব্যৱসায়ৰ লগত নহয়।
‘কি লেবিৰে মিনি?’, ‘দাদা, লৈ যাওক, সস্তা দামতে দিছোঁ...’, ‘বাইদেউ, ইয়াতকৈ ভাল বস্তু বজাৰত নাপাবই...’ আদি কথাৰে মুখৰিত বজাৰখনৰ আকাশ-বতাহ। প্ৰতিটো দিশ... সকলোৱেই নিজৰ নিজৰ পণ্য আটাইতকৈ ভাল বুলি প্ৰতিপন্ন কৰাত ব্যস্ত। এক শীতল বজাৰ-যুদ্ধ। অৰ্থনীতি বিজ্ঞানৰ ভাষাত ভীষণ প্ৰতিযোগিতামূলক বজাৰ। ‘মানৱতা’ শব্দটো যেন ইয়াত প্ৰত্যেকৰেই অচিনাকি।
‘বাবু, ভিক্ষা?’
এটা প্ৰয়োজনতকৈ ক্ষীণ চি-চিয়াঁ কণ্ঠস্বৰে মোক সেই কণ্ঠস্বৰৰ গৰাকীক চাবলৈ বাধ্য কৰালে। মোৰ কাষৰ ঠাইটুকুৰাত বহা এজন ব্যৱসায়ীলৈ কিবা এটা পোৱাৰ আশাত হাত দুখন আগবঢ়াই দিছে প্ৰয়োজনতকৈ অধিক যেন লগা হাড়েৰে পৰিপূৰ্ণ দেহাৰ এটা আকৃতিয়ে। তাৰ চেহেৰাত ফুটি উঠিছে কাৰুণ্যৰ ছাপ। দেহাত নামমাত্ৰ বস্ত্ৰ, যি তাৰ লজ্জা নিবাৰণ কৰিবলৈ কোনোমতেহে সমৰ্থ। তাৰ চকু দুটাত যেন দুকুৰা ৰঙা জুই! ঈশ্বৰে মানুহ সৃষ্টি কৰা চিৰসত্য বাক্যশাৰীক সেই চকুযুৰিয়ে যেন বাৰে বাৰে ভুল বুলি প্ৰতিপন্ন কৰিব!
এক, দুইকৈ প্ৰায় পাঁচ মিনিট সময় পাৰ হৈ গ’ল। ব্যৱসায়ীজনে তালৈ কাণসাৰেই দিয়া নাই। গ্ৰাহকৰ সৈতে দৰ-দাম মিলোৱাত ব্যস্ত। তাৰ উপস্থিতি যেন ব্যৱসায়ীজনৰ বাবে অসহ্যকৰ হৈ পৰিছে, তেনে এক ভাৱমূৰ্তিত তেওঁৰ কাষৰ পৰা গ্ৰাহকো পাতলিল।
‘বাবু, ভিক্ষা?’
ল’ৰাজন আঁতৰাই নাছিল। সি তাৰ ক্ষীণ কণ্ঠস্বৰৰ পুনৰাবৃত্তি কৰিলে। মাতটো ইমানেই দুৰ্বল আছিল, যেন শব্দ দুটা তাৰ কণ্ঠ ভেদি ওলায়েই নাহিব! ভীষণ দুৰ্বল দেখা গৈছিল তাক।
‘ওই মুন্না। এটা চা আনিবিৰেই। লগত চিংৰা এটা ভী দিবি।’
— ল’ৰাটোৰ ফালে কোনোধৰণৰ কেৰেপ নকৰি কাষৰ হোটেলখনলৈ ব্যৱসায়ীজনে ৰিঙিয়ালে।
‘বাবু, ভিক্ষা?’
— হয়তো অন্তিম প্ৰচেষ্টা হিচাপে আকৌ ল’ৰাটোৱে শব্দ দুটাৰ উচ্চাৰণ কৰিলে।
‘‘যাহ, ফুট! বহনিয়েই হোৱা নাই; ইয়াক আক’ ভিক্ষা লাগে। বিজনেছৰ সময়ত খালী দিগদাৰি। ইহঁতৰ পৰা ৰক্ষা নাই আৰু। তোৰ কাৰণে কমাইছো নেকিৰে। মোৰ ঘৰত কি ল’ৰা-বাচ্চা নাই। যা, ভাগ ইয়াৰ পৰা।’’
— অন্তৰত পুঞ্জীভূত সকলোখিনি ক্ষোভ ল’ৰাটোৰ ওপৰত উজাৰিহে যেন শান্তি পালে ব্যৱসায়ীজনে।
মোৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। ইমান ডাঙৰ এটা গোকাট মিছা কথা। এইমাত্ৰ মই নিজ চকুৰেই দেখিলোঁ তিনিখনকৈ খমখমীয়া এশটকীয়া নোট এজন গ্ৰাহকে তেওঁক দি থৈ গৈছে। তাৰপৰাই জানো এক বা দুটকা এটা ল’ৰাটোক দিব নোৱাৰে তেওঁ!!
কথাবোৰ মনত আওৰাই থাকোঁতে হঠাৎ দেখিলোঁ ল’ৰাটোৰ অপৰিচিত হাতখন মোৰ কাষলৈ আগবাঢ়ি আহিছে। তাৰ চকুৰ জুইকুৰা যেন আৰু ৰঙা হৈ পৰিছে! হয়, সেয়া ক্ষুধাৰ জুইয়েই হ’ব। ময়ো ভাবিবলৈ বাধ্য হ’লো, ঈশ্বৰে মানুহ সৃষ্টি কৰা কথাষাৰ কিমান দূৰ সত্য!
‘বাবু, ভিক্ষা?’
— সি একে থিৰে মোলৈ চাই ৰ’ল।
0 comments:
Post a Comment