১৯৬৯-৭০ চনত মিনি আলোচনীসমূহৰ জনপ্ৰিয়তা বাঢ়িছিল। ইয়াক মিনি আলোচনী বুলি এইকাৰণেই কোৱা হৈছে যে এই আলোচনীসমূহ অন্যান্য আলোচনীসমূহৰ আকাৰতকৈ চাৰি ভাগৰ এভাগহে আছিল। সেইদেখি ড° ভূপেন হাজৰিকায়ো এনে এখন আলোচনী সম্পাদনা কৰিবলৈ আগবাঢ়িছিল। নাম থৈছিল ‘বিন্দু’। ইয়াৰ আকাৰ আছিল ৬ চে.মি.×৭ চে.মি.। এইখন মাক্ৰমিনি অসমীয়া আলোচনীৰ পৃষ্ঠাসংখ্যা আছিল ৬৪। এই আলোচনীখনত সেইসময়ৰ আগশাৰীৰ লেখক-লেখিকাৰ কবিতা, গল্প আৰু প্ৰবন্ধ ইত্যাদি প্ৰকাশ পাইছিল। লগতে আছিল ড° ভূপেন হাজৰিকাৰ সম্পাদকীয়। তাৰেই এটি সম্পাদকীয় সময়োপযোগী বুলি আজি আগবঢ়ালোঁ।
মেক্সি সম্পাদকীয়, জুন ১৯৭০
তেজপুৰ। মৰা ভৰলী আৰু লুইতৰ সংগমস্থলত। আজিৰ পৰা প্ৰায় এবছৰ আগতে বিষ্টুদাৰ দেহাটোক পুৰি আমি ছাই কৰি পেলালো। ৰাভাৰ শৰীৰ নোহোৱা হ’ল। মৰণৰ পিছৰ ৰাভা-ইমেইজ এতিয়া আৰু ওখ ডাঙৰ হ’ল। আৰু গগণচুম্বী কল’চাচ হ'ল। অসম উপত্যকাৰ দুয়োকাষে ৰঙা মাটিৰ ভেটি থকা পৰ্বতমালা। এতিয়াৰ বিষ্টুদাই এখন ভৰি উত্তৰ পৰ্বতমালাত দিছে, আন এখন ভৰি দক্ষিণৰ পৰ্বতমালাত দিছে। উচ্চশিৰে থিয় হৈ বৰ (বতাহ) দৈ (পানী) কঢ়িওৱা চিখলাৰ (গোসাঁনী) স’তে কিবা সাহসী কথা পাতিছে। তেওঁৰ সুবিশাল কপাল শুৱাই থকা জপৰা চুলি শস্যৰ দৰে সেউজীয়া হৈছে। শিৰত মৌচুমী মেঘে চুমা দিছে। তেওঁৰ দুয়োখন ভৰিৰ তলেৰে নানা উপনদীৰ লক্ষ্য বিশাল লুইত, ফেনে-ফোটোকাৰে বৈছে। এতিয়া বিষ্টুদাৰ কণ্ঠ পল ৰবচনতকৈও উদাত্ত। প্ৰায় মেঘৰ গাজনিৰ দৰেই কৈছে— ‘‘ভৈয়ামৰ জনজাতীয়সকলহে আচল অসমীয়া ঐ। মিলিজুলি থাক। নহ’লে মৰিবি ঐ’’। মৰণৰ পিছৰ ৰাভা-ইমেইজ এয়া। আমাৰ অন্তৰৰ ইমেইজ। যিমানে দিন গৈছে এই ইমেইজ অতি উচ্চ শালস্তম্ভৰূপী হৈছে। কোনো আধুনিক ভাস্কৰৰ সাধ্য নাই বিষ্টুদাৰ ইমান বৃহত্ প্ৰতিমূৰ্তি সাজে—
A poet is one
who flings
a handful of words
against time and wins..
ডাব্লিন টাইমচৰ এই ফাঁকি কবিতা বিষ্ণু ৰাভাৰ জীৱন বৰ্ণনাত খাটে। গতানুগতিকতাৰ বিপৰিতে সময়ৰ আকাশলৈ বুলি এমুঠি অৰ্থপূৰ্ণ শব্দ দলিয়াই দি চিৰদিনৰ বাবে জয়ী হৈ গ’ল। সেই শব্দসমূহ লাগি ৰ’ল পাহাৰত, কাৰখানাত, চাহ বাগিচাত, এৰাঘাটত, ৰাজপথত, নাটঘৰত, পটত, আঁৰ কাপোৰত। গালে, ক’লে—বেছি লিখি যোৱাৰ সময় পালে কম। তেওঁ চিৰজাগ্ৰত কিম্বদন্তী। তেজ-মঙহৰ শৰীৰ নথকা বিষ্টুদাৰ নৱজন্মৰ এয়া প্ৰথম জুন মহীয়া জয়ন্তী। সোঁৱৰাই দিয়াটো ক্ষুদ্ৰ বিন্দুৰো পৱিত্ৰ কৰ্তব্য। আন কোনোবাই পাহৰিলে ইমেইজৰ কেশাগ্ৰও নলৰে।
-ভূপেন হাজৰিকা
সম্পাদক, বিন্দু

0 comments:
Post a Comment