লক্ষ্যপ্ৰহৰ বৰদলৈৰ স্বৰচিত কবিতাৰ ই-কিতাপ
প্ৰকাশক: জীৱন ই-পাব্লিকেচন
ডাউনল’ড কৰিবলৈ তলৰ ঠিকনাত ক্লিক কৰক
জীৱন এনেদৰেই
প্ৰথম প্ৰকাশ: ২০১৫প্ৰকাশক: জীৱন ই-পাব্লিকেচন
ডাউনল’ড কৰিবলৈ তলৰ ঠিকনাত ক্লিক কৰক
জীৱন এনেদৰেই সম্পৰ্কে মন্তব্যসমূহ:
হৰেকৃষ্ণ ডেকা
হৰেকৃষ্ণ ডেকা
☞ তোমাৰ কবিতাবোৰ লিৰিকেল। হীৰেন ভট্টৰ দ্বাৰা প্ৰভাৱিত হৈছে যেন লাগিছে। কিন্তু ভাষা পৰিচ্ছন্ন। কল্পনাও আছে। একমাত্ৰিক সুৰৰ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিবা।
দ্বীপজ্যোতি গগৈ
☞ এক নতুন চিন্তাৰে, যুগৰ লগত আগবাঢ়ি যোৱা আপোনাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰাৰ ভাষা বিচাৰি পোৱা নাই। ইয়াৰ আগলৈ এনেকুৱা ই-কিতাপ পঢ়া মনত নপৰে। সুন্দৰ প্ৰচ্ছদৰে সজোৱা প্ৰতিটো কবিতাই ভাল লাগিল। বিশেষকৈ (১)নিদাৰুণ প্ৰহৰ, (২)বেহেস্তৰ চান্দনী, (৩)গণেশঘাট, (৪)ধৰ্ষিতা, (৫)তথাপি আৰু যৱনিকা পেলোৱা কিতাপখনৰ শাৰীকেইটা পঢ়ি বহুত ভাল লাগিল। আৰু শ্বায়েৰীৰ সুৰত ৰচা কবিতাকেইটা পঢ়াত এক বেলেগ ঢৌয়ে চুই গ’ল।
প্ৰাণজিৎ বৰুৱা
☞ ডাউনল’ড কৰিলোঁ। প্ৰথম দৃষ্টিত মন মুহি নিয়া অংগ-সজ্জা। এনেকুৱা ধুনীয়া বেটুপাত দেখিলে কিতাপ খনলৈ মোহ বাঢ়ি যায়। কবিতা কেইটা পঢ়া নাই। কিন্তু লক্ষ্য প্ৰহৰ বোলা মানুহজনৰ ওপৰত বিশ্বাস আছে আনতকৈ বেলেগেই হ’ব। এইবোৰেই ভাল লগা কাম। ভাল কাম। বিশেষ নকওঁ— জীৱন এনেদৰেই...
শুভকামনা জনালোঁ।
ৰিঙ্কু পাঠক
☞ ই-কিতাপ অসমীয়া সাহিত্যত নতুন ধাৰণা। আপোনাৰ প্ৰচেষ্টাত আপ্লুত হৈছোঁ।
0 comments:
Post a Comment