জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, December 4, 2013

বিশ্বৰ আশ্চৰ্য: মোৱাই

 11:33:00 AM     বোধিদ্রুম     No comments   

বিশ্বৰ আশ্চৰ্য: মোৱাই
ইষ্টাৰ দ্বীপৰ আচৰিত মূৰ্তি মোৱাইৰ কথা শুনিলেই এক ৰহস্যৰ গোন্ধ পোৱা যায়। ইয়াত লাভাৰে নিৰ্মিত অসংখ্য মূৰ্তি আছে। এই মূৰ্তিবোৰ সমগ্ৰ বিশ্বতে বিজ্ঞানী, পুৰাতত্ত্ববিদ আৰু পৰ্যটকৰ বাবে আজিও কৌতূহলৰ বিষয় হৈ আছে। ইয়াত থকা আটাইতকৈ ডাঙৰ মূৰ্তিটোৰ উচ্চতা ৩৩ ফুট আৰু ওজন প্ৰায় ৭৫ টন। ইয়াত এটা অৰ্ধনিৰ্মিত মোৱাইও আছে যাৰ উচ্চতা প্ৰায় ৭০ ফুট আৰু ওজন ২৭০ টন। গণনা অনুসৰি ইয়াত ৮৮৭ টা মোৱাই অতি সুন্দৰকৈ সজোৱা আছে। ইয়াৰ ভিতৰত ৩৯৪ টা সুস্পষ্ট ৰূপত দেখা পোৱা যায়। এই মূৰ্তিবোৰ কিয় সাজিছিল বা কোনে সাজিছিল সি আজিও ৰহস্যৰ বিষয় হৈ আছে। একাংশৰ মতে মানুহৰ মুখৰ আকৃতিৰ এই মূৰ্তিবোৰ ঈশ্বৰ বা পূৰ্বজক স্মৰণ কৰি সজা হৈছিল। কিন্তু ইয়াৰ কিছুমান প্ৰশ্নৰ উত্তৰ কোনেও দিব নোৱাৰে। প্ৰাচীন লোককথা মতে মাটুৱা নামৰ এজন ব্যক্তি ইয়াত বাস কৰিছিল। তেওঁ বাস কৰাৰ বাবে বাছনি কৰা স্থানডোখৰকে বৰ্তমান ইষ্টাৰ আইলেণ্ড বুলি কোৱা হয়। তেওঁৰ ছজন পুত্ৰ আছিল। মাটুৱাৰ মৃত্যুৰ পিছত তেওঁৰ ছজন পুত্ৰই দ্বীপটো ছটা ভাগত ভাগ কৰি লয়। মাটুৱাৰ পৰলৌকিক শক্তি এই মূৰ্তিবোৰত লুপ্ত হৈ আছে বুলি কোৱা হয় আৰু ইয়াৰ বাবেই দ্বীপটোত মংগলজনক ঘটনাবোৰ ঘটি থাকে। যেনে বৰষুণ সন্তুলিত ৰূপত হোৱা, ভাল শস্য উৎপাদন আদি ঘটনাবোৰ এনে কাৰণতে হয় বুলি কোৱা হয়। কিন্তু কেতিয়াবা বিৰূপ প্ৰভাৱো দেখা পোৱা যায়। কিন্তু এই সম্পৰ্কৰ কোনোধৰণৰ লিখিত বা প্ৰামাণিক তথ্য পোৱা নাযায়। মোৱাইৰ নিৰ্মাণকাল খ্ৰীষ্টপূৰ্ব ১৪০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৬০০ বুলি অনুমান কৰা হৈছে। পুৰাতত্ত্ববিদ ৱেন টিলবাৰিৰ মতে এই মূৰ্তিবোৰ দ্বীপটোৰ আগশাৰীৰ ব্যক্তিসকলৰ স্মৰণত নিৰ্মাণ কৰা হৈছিল। তেওঁৰ মতে এই মূৰ্তিবোৰ 'আহু' (পবিত্ৰ স্থান)ত সজাৰ মূল কাৰণ হয়তো তেওঁলোকে ভগৱান আৰু মানুহৰ মাজত থাকি কাম কৰাটো। এই বিশাল আকাৰৰ মূৰ্তিবোৰ কেনেকৈ এঠাইৰপৰা আন ঠাইলৈ নিয়া হৈছিল বা এইবিলাক কেনেকৈ থিয় কৰোৱা হৈছিল সিও ৰহস্যৰ বিষয়। মানৱ নিৰ্মিত এই মূৰ্তিবোৰৰ ৰহস্যভেদ নোহোৱালৈকে ই সকলোৰে বাবে ৰহস্য তথা কৌতূহলৰ বিষয় হৈ থাকিব।

মোৱাই বিষয়ক তথ্য-
আটাইতকৈ ডাঙৰ মোৱাই
স্থিতিঃ ৰাণু ৰাণুকু
উচ্চতাঃ ৭১.৯০ ফুট
ওজনঃ ২৭০ টন

সৰু মোৱাই
স্থিতিঃ পোইকে
উচ্চতাঃ ৩.৭৬ ফুট
মোৱাই গড় উচ্চতাঃ ১৩.২৯ ফুট
ভেটিৰ গড় উচ্চতাঃ ৫.২৫ ফুট
ওপৰভাগ বহলে ৪.৮৬ ফুট
ওজনঃ ১৩.৭৮ টন
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog