জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Tuesday, April 1, 2014

বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা

 1:30:00 PM     মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতা     3 comments   

মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে। ‘জ্ঞানমালিনী’ কবিতাপুথিখনৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ ৰূপে জনাজাত। মৰণোত্তৰভাৱে তেখেতৰ অপ্রকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব-পৰিজাত’ নাম দি প্রকাশ কৰা হৈছে।

১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৫৮ চনত তেখেতৰ মৃত্যু হয়। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্রথম তেখেতৰ কবিতাতে প্রকাশ পায়।

দেখা নাই যদিস্যাতো আছে ত্রিলোকৰ
নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ।
গ্রহ, তৰা, বেলি, জোন,
আছে আলাসতে পোন,
তেওঁৰেহে কৃপা জৰী টনা টনি কৰি;
ল’ৰা-তিৰী আই ভাই,
এই সকলোকে পাই
মৰু জগততো নৰে আছে জীৱ ধৰি।
তেওঁৰেহে মহিমাৰ
নাই কোনো ওৰ পাৰ,
একো খিলি পাততো যে আছে ক’ত চিন—
তেওঁৰেহে নাম লই,
কেনে যথা-ঠৰ হই,
যত গছনিয়ে বাই যশস্যাৰ বীণ।
সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেও,
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত
সেয়ে খেপিয়ালে হায়!
পাবলৈকো নাই নাই।
অকণকো চিন চাব ধৰা ওপৰত
সত্ত্বঃ ৰজঃ তমো গুণ
সকলোতে নিৰগুণ
বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।
চাওঁ যদি ইপিনেদি
আহা! কেনে বুকু ভেদি
মৰমেৰে বৰষিছে দয়া বৰষুণ।
তেৱেঁ কুঁহি-গজালিক
(পমা, চিচু, পাৰলীক)
শেহান্তৰে একোজোপা কৰে ভয়ংকৰ
তেৱেঁ এমাডিমা ল’ৰা
কৰে ডেকা তেজ ধৰা
অহংকাৰ বঢ়াবলৈ মাক-বাপেকৰ।
তেৱেঁ মানী, তেৱেঁ মান,
তেৱেঁ দানী, তেৱেঁ দান;
তেৱেঁ কাম, তেৱেঁ কর্মী, খেতি খেতিয়ক,
তেৱেঁ জ্ঞানী, তেৱেঁ জ্ঞান,
তেৱেঁ তীখা, তেৱেঁ শান,
তেৱেঁ ধর্ম, তেৱেঁ ধর্মী, বুধি-বুধিয়ক।
তেৱেঁ পানী, তেৱেঁ মাছ;
তেৱেঁ এক, তেৱেঁ পাঁচ
তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ
তেৱেঁ ধনী, তেৱেঁ ধন—
গোমোস্তা ও মহাজন;
তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।
নিশ্চয় নিশ্চয় তেৱেঁ
(দেখা নায়ো যদি কেৱে)
অন্তৰ্যামী সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ
সর্ব-ব্যাপি সর্ব শক্তিমান।।

























কিছু কথা
——————
সত্ত্বঃ ৰজঃ তমো গুণ: এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অর্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্রমাদ, আলস্য আৰু নিদ্রাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। সত্ত্বঃ গুণৰ অধিকাৰী হ’লে জ্ঞান আৰু সুখ লাভ হয়, ৰজঃ গুণে দুখ নমাই আনে আৰু তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • মনালিছা শইকীয়াৰ আন্দোলিত আকাশ : তুলিকা নিৰ্মলীয়া
    কিতাপৰ পোক নহয়। তথাপিও কিতাপ পঢ়োঁ, যেতিয়াই মন যায়। এই মন যোৱাৰো একো ঠিকনা নাই। মন গ’লে এদিনতে ২০০ পৃষ্ঠাৰ একোখন কিতাপ হজম কৰোঁ; আৰু আৰম্...
  • নিয়মবোৰ কোনোবাই ভাঙিবই লাগিবঃ তুলিকা নিৰ্মলীয়া
    ড° অৰবিন্দ ৰাজখোৱাৰ “নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব” নামৰ সংকলনখনত ইতিমধ্যে বিভিন্ন কাকত আৰু আলোচনীত প্রকাশিত তেখেতৰ মুঠ ৩২ টা প্রৱন্ধক একেলগ ...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog