অক্কণমানি ল’ৰা
থিয়দঙা দিব খোজোঁতেই
থুপুক-থাপাক পৰা।
কোনোমতে অকাই-পকাই
এখোজ-দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌপাৰোঁতেই
লৰ দিবলৈ চায়।
কান্দে ৰাতি পৰে পৰে
দুধ নাপাই চিঞৰ ধৰে
হঁহা-কন্দা দুটা কথা
এতিয়া মাথোন জানে,
মুখৰ এটাও মাত ফুটা নাই
কলকলায় পাৰেমানে।
নতুন কিবা পালে
নিয়ে মুখৰ ফালে
মুখ কোনখিনিত
হিচাপ নেপাই
নাকৰ বিন্ধাত গোজে,
উৰিযোৱা ঘৰচিৰিকা
থাপ মাৰিব খোজে।
থিয়দঙা দিব খোজোঁতেই
থুপুক-থাপাক পৰা।
কোনোমতে অকাই-পকাই
এখোজ-দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌপাৰোঁতেই
লৰ দিবলৈ চায়।
কান্দে ৰাতি পৰে পৰে
দুধ নাপাই চিঞৰ ধৰে
হঁহা-কন্দা দুটা কথা
এতিয়া মাথোন জানে,
মুখৰ এটাও মাত ফুটা নাই
কলকলায় পাৰেমানে।
নতুন কিবা পালে
নিয়ে মুখৰ ফালে
মুখ কোনখিনিত
হিচাপ নেপাই
নাকৰ বিন্ধাত গোজে,
উৰিযোৱা ঘৰচিৰিকা
থাপ মাৰিব খোজে।
0 comments:
Post a Comment