জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Tuesday, March 3, 2015

গুগলৰ বিষয়ে যৎকিঞ্চিত: কোকিল শৰ্মা

 1:26:00 PM     বোধিদ্রুম     No comments   

Google Logo
বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজত গুগলৰ বিষয়ে নজনা মানুহ বিচাৰিলে হয়তো খুব কম মানুহহে ওলাব। তথাপি আমি পঢ়ুৱৈ ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে কিছু জনাব বিচাৰিছোঁ।

গুগল (Google) হৈছে এটা আমেৰিকান মাল্টিনেচনেল টেকন’লজী কোম্পানী। এই কোম্পানীয়ে ইণ্টাৰনেট সম্পৰ্কীয় সেৱা আৰু প্ৰয়োগৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আহিছে। ইয়াত অন্তৰ্ভুক্ত হৈছে অনলাইন বিজ্ঞাপন সেৱা, যিকোনো বস্তুৰ তথ্য অতি সহজে আৰু ক্ষীপ্ৰতাৰে বিচাৰি উলিয়াব পৰা ক্ষমতা, বিভিন্ন ধৰণৰ ছফ্‌টৱেৰ ইত্যাদি।

লেৰী পে’জ আৰু চাৰ্জি ব্ৰীনক গুগলৰ স্ৰষ্টা বুলি ক’ব পৰা যায়। সেই সময়ত দুয়ো ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পি.এইচ.ডি.ৰ শিক্ষাৰ্থী আছিল। ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত গুগল এক ব্যক্তিগত কোম্পানীত পৰিণত হয় আৰু ২০০৪ চনৰ ১৯ আগষ্টৰ পৰা ইয়াক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়া হয়। গুগলৰ শ্ল’গান হ’ল— ‘ডণ্ট্ বি এভিল্’ (Don't be evil)। গুগলৰ মুখ্য কাৰ্যালয় ‘গুগলপ্লেক্স’ (Googleplex) কেলিফৰ্ণিয়াৰ মাউণ্টেইন ভিউত অৱস্থিত।

গুগলে ইয়াৰ কিছুমান সহযোগী প্ৰকল্পৰ সৈতে এই সময়ত ব্যাপক প্ৰসাৰ লাভ কৰিছে। গুগলে কেতবোৰ অন্‌লাইন ছফট্‌ৱেৰ, ই-মেইলৰ বাবে ‘জিমেইল’ (Gmail), ক্লাউড ষ্ট’ৰেজ সেৱা ‘গুগল ড্ৰাইভ’ (Google Drive), অফিচ চ্যুট ‘গুগল ডক্‌ছ’ (Google Docs) আৰু ছ’চিয়েল নেটৱৰ্কিং সেৱা ‘গুগল প্লাছ’ (Google+) আদিৰ যোগান ধৰিছে। তদুপৰি ৱেব ব্ৰাউজিং, ফটো এডিটিঙৰ বাবে গুগলে কিছুমান ডেস্কটপ প্ৰডাক্টো আমাক যোগান ধৰিছে। গুগল কোম্পানীয়ে ম’বাইলৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰো (Android OS System) উন্নতি সাধন কৰিছে। তদুপৰি ই ক্ৰমবুক (Chrome Book) নামৰ নেটবুকৰ বাবেও Chrome OS নামেৰে ব্ৰাউজাৰৰ উন্নতি সাধন কৰিছে। তদুপৰি গুগলে লাহে লাহে হাৰ্ডৱেৰৰ জগততো ভুমুকি মাৰিছেহি। ২০১২ বৰ্ষৰ পৰা গুগলে নেক্সাছ ডিভাইচ (Nexus Device), মট’ৰোলা ম’বাইল (Motorola Mobile)ৰ লগতে ব্ৰ’ডবেণ্ড সেৱাৰ উৎপাদনৰ ব্যৱস্থা আৰম্ভ কৰা দেখা গৈছে।

অৱশ্যে গুগলৰ এইসমূহ নতুন সেৱাই সিমান প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ২০০৭ বৰ্ষৰ সমীক্ষা অনুযায়ী বিশ্বৰ ডেটা চেণ্টাৰসমূহত ১ মিলিয়নতকৈও অধি ছাৰ্ভাৰত গুগল ব্যৱহৃত হয়। ২০০৯ বৰ্ষৰ সমীক্ষা অনুযায়ী গুগলে প্ৰায় এক বিলিয়ন সন্ধানকাৰীৰ অনুৰোধ (Search Request) এদিনতে লাভ কৰে। ২০১৩ বৰ্ষৰ ডিচেম্বৰত এলেক্সা (Alexa)ই গুগলক বিশ্বৰ সবাতোকৈ দৰ্শিত ৱেবছাইট (Most visited website) ৰূপে ঘোষণা কৰে। গুগলে ক্ৰয় কৰা ইউটিউব (Youtube) আৰু ব্লগাৰ (Blogger) এই দুয়োটা ৱেবছাইটেও জনসাধাৰণৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog