জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Tuesday, November 3, 2015

এক আত্মসন্তুষ্টি মাথোঁ: পংকজ কুমাৰ পাৰৈ

 8:41:00 PM     সাময়িক প্ৰসংগ     No comments   


বৰ্তমান প্ৰতিযোগিতাৰ যুগ। শিক্ষা-সংস্কৃতি-ক্ৰীড়া প্ৰভৃতি সকলো ক্ষেত্ৰতে অব্যাহত আছে মাথোঁ প্ৰতিযোগিতা। প্ৰতিযোগিতাত সফল হোৱাটোৱেই যেন সকলোৰে কাম্য। কিন্তু লেখাটোত শিক্ষা সম্পৰ্কীয় কেইটামান কাৰকৰ বিষয়েহে আলোচনা কৰা হৈছে।

এটা নিৰ্দিষ্ট বয়সত এটি শিশুক বিদ্যালয়ত নাম লগাই দিয়া হয়। ইয়াৰ লগে লগে আৰম্ভ হয় শিশুটিৰ জীৱনৰ এক নতুন অধ্যায়। প্ৰথমে শিশুটিয়ে দুই এটা আখৰ লিখিবলৈ আৰু তাৰ পিছত অলপ অলপকৈ পঢ়িবলৈ শিকে। এটা সময়ত ই প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ উন্নীত হয়। তাৰ পিছত লাহে লাহে মাধ্যমিকৰ দেওনা পাৰ হৈ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অগ্ৰগতি লাভ কৰে। স্নাতক বা স্নাতকোত্তৰ পৰ্যায়তেই আৰম্ভ হয় সেই শিশুটিৰ জীৱনৰ গতিপথ নিৰ্ণয়ৰ লক্ষ্য। কাৰণ এই পৰ্যায়ৰ সফল প্ৰদৰ্শনেহে যুৱক বা যুৱতীগৰাকীৰ ভৱিষ্যৎ সফলতাৰ পথ প্ৰশস্ত কৰে। সেই উদ্দেশ্যে শিক্ষাৰ ব্যৱহাৰিক ক্ষেত্ৰখনত অনুষ্ঠিত কৰা হয় ‘পৰীক্ষা’ নামৰ এক বিশেষ প্ৰতিযোগিতা। এই পৰীক্ষাৰ একো একোটা ফলাফল থাকে। ফলাফল ভাল হোৱাটোৱেই প্ৰতিযোগিতাত সফলতাৰ ইংগিত দিয়ে। এই ফলাফলৰো আকৌ শ্ৰেণীবিভাগ আছে। যেনে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ ইত্যাদি। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাজনৰ চাহিদা দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাজনতকৈ বেছি। এয়া হৈছে এক পৰম্পৰাগত প্ৰতিযোগিতাৰ নিয়মাৱলী। কিন্তু সাম্প্ৰতিক সময়ত এনেধৰণৰ পৰম্পৰাগত প্ৰতিযোগিতাৰ মূল্য কিমান? অথবা জীৱনৰ গতি নিৰ্ধাৰণত নাইবা এজন ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ এই পৰীক্ষাৰ ফলাফল প্ৰয়োজনীয় নে?


উদাহৰণস্বৰূপে বিশ্ববিদ্যালয় বা ইয়াৰ সমপৰ্যায়ৰ কেতবোৰ অনুষ্ঠানে মহাবিদ্যালয়সমূহত কেতবোৰ পৰীক্ষা অনুষ্ঠিত কৰে। এজন স্নাতক বা স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ বাবে এই পৰীক্ষা আৰু ইয়াৰ ফলাফল অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পিছৰ পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ নাইবা আত্মসংস্থাপনৰ বাবে সেই ছাত্ৰজনৰ এটা ভাল ফলাফল একান্তই কাম্য। যদি এইক্ষেত্ৰত তেওঁ ভবাৰ দৰে প্ৰথম বিভাগত শতকৰা ৮০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হয় তেন্তে তাকেই লৈ ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে গৌৰৱ কৰিব পাৰে। লগে লগে তেওঁ আত্মসংস্থাপনৰ আশাৰে বিভিন্ন দপ্তৰত চাকৰিৰ বাবে আবেদন কৰিব। কিন্তু এটা সময়ত এটা কথা স্পষ্ট হ’ব যে বিভাগীয় দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা নাইবা পদবীৰ অভাৱৰ হেতু তেওঁ চাকৰি লাভৰ পৰা বঞ্চিত হ’ব। যিটো সম্প্ৰতি সহজলভ্য। ফলত তেওঁ অন্ততঃ কিছুদিনৰ বাবে বেকাৰ হৈ জীৱন পাৰ কৰিবলগীয়া হয়। আনহাতে যদি ছাত্ৰজন দ্বিতীয় বিভাগত তুলনামূলকভাৱে কম নম্বৰেৰে উত্তীৰ্ণ হয় তেন্তে ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে ছাত্ৰজনৰ পঢ়াৰ প্ৰতি অমনোযোগিতা নাইবা মূল্যাংকনৰ আসোঁৱাহ। যেনেকৈয়ে নহওক প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এটা পৰ্যায় অতিক্ৰম কৰিলে। কিন্তু যদি কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ আশাৰে তেওঁ জীৱনৰ গতি নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় আন আন পাঠ গ্ৰহণ কৰা নাই তেন্তে তেওঁ এটা চাকৰিৰ বাহিৰে অন্যান্য দিশেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হ’ব। কিছু ক্ষেত্ৰত সাফল্য আহিব যদিও ই অত্যন্ত কষ্টসাধ্য হ’ব। আনহাতে যদি অধ্যয়ন কাৰ্য অব্যাহত ৰখাৰ মাজতে তেওঁ জীৱনটোক গঢ় দিয়াৰ বাবে প্ৰয়োজনীয় শিক্ষাৰে পুষ্ট হৈ উঠে তেন্তে তেওঁ লাভ কৰা পৰীক্ষাৰ ফলাফলটো জীৱনৰ উন্নতি অথবা আত্মপ্ৰতিষ্ঠাৰ বাটত হেঙাৰ হ’ব নোৱাৰে। এইক্ষেত্ৰত তেওঁ চাকৰি অবিহনেই নিজৰ সময়োচিত কৰ্মৰাজিৰে সমাজত তেওঁৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব আৰু ৰাইজৰ সমাদৰো লাভ কৰিব। যিটোৱে তেওঁক ভৱিষ্যৎ জীৱনৰ গতিপথ নিৰ্ধাৰণ কৰাত বিশেষভাৱে সহায় কৰিব।


সাম্প্ৰতিক সময়ত প্ৰতিজন অধ্যয়নৰত যুৱক বা যুৱতীৰ জীৱনলৈ এনেধৰণৰ জটিল পৰিস্থিতি আহি পৰাৰ সম্ভাৱনীয়তা আছে। কাৰণ দিনে দিনে কৰ্মসংস্থানৰ উৎস তুলনামূলকভাৱে হ্ৰাস পাবলৈ ধৰিছে। কিন্তু ইয়াৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। হয়তো এটা সময়ত প্ৰাৰ্থী অনুপাতে কৰ্মসংস্থানৰ উৎসৰ পৰিমাণ উপেক্ষণীয় হৈ পৰিব। গতিকে তেনে এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে নৱপ্ৰজন্মই নিজকে ইয়াৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিহে জীৱন পথত অগ্ৰসৰ হোৱা উচিত। কাৰণ চাকৰি বা আত্মসংস্থাপনেই জীৱনৰ সফলতাৰ স্বাক্ষৰ বহন নকৰে। তাৰ বাবে প্ৰয়োজন একমাত্ৰ জীৱনৰ বাস্তৱ জ্ঞান। কাৰণ বৰেণ্য ব্যক্তিসকলে কৈ গৈছে— সকলো শিক্ষিত মানুহেই বিদ্বান নহয় (Every educated man is not learned man)। গতিকে প্ৰথমে আমি বিদ্বান হ’বলৈহে যত্নপৰ হোৱা উচিত। কাৰণ এজন বিদ্বান লোকৰ স্থান সমাজত বহু ওপৰত। অৱশ্যে তাৰ বাবে শিক্ষাৰো প্ৰয়োজনীয়তা আছে। কিন্তু ফলাফল নহয়। সেয়ে সাম্প্ৰতিক সময়ক পৰীক্ষা অথবা প্ৰতিযোগিতা সাপেক্ষে অনুকলন কৰিলে আমি পাওঁ— ফলাফল হৈছে জীৱনৰ বাস্তৱ ক্ষেত্ৰখনত প্ৰাপ্ত এটা আত্মসন্তুষ্টি মাথোঁ। ই কেতিয়াও জীৱনৰ সফলতা নিৰ্ণায়ক হ’ব নোৱাৰে।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...
  • জীৱনত সুখ আৰু সফলতা লাভৰ সংকেত: যতীন্দ্ৰ কুমাৰ পাৰৈ
    এটা সুখী আৰু সফল জীৱনৰ কামনা পৃথিৱীত সকলো মানুহেই কৰে। তাৰে কিছুমান সুখী আৰু সফল হয়, আন কিছুমানে আকৌ সুখ আৰু সফলতা বিচাৰি হাহাকাৰ কৰিবলগ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog