জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Sunday, November 8, 2015

হোষ্টেল, ৱাল মেগাজিন আৰু স্বীকৃতি: ড° সমাদৃতা গোস্বামী

 1:57:00 PM     আত্মকথা     No comments   


(১) ভাৰ্চিটি উইকৰ সময়ৰ কথা। মোৰ হাজাৰ আপত্তি স্বত্বেও মোক হোষ্টেলৰ ৱাল মেগাজিনৰ সহ-সম্পাদিকাৰ দায়িত্ব দিলে। দিপাৰ্টমেণ্টৰ ৱাল মেগাজিনৰ কামত ইমানেই কষ্ট কৰি আছিলো যে জানিছিলো হোষ্টেলত সময় দিব নোৱাৰিম। এদিন সম্পাদিকাই আহি ক’লে কোনেও লেখা দিয়াই নাই হেনো। ডাইনিং হলত আমি সকলো ছোৱালীকে নম্ৰভাৱে অনুৰোধ কৰিলো যাতে লিখনি দিয়ে। পিছে কোনেও নিদিলে।
এদিন গৈ ডাইনিং হলত মই দম দি ক’লো যে তিনিদিনৰ ভিতৰত লিখনি লাগিবই। যিয়ে নিদিয়ে, তেওঁ দহ টকা জৰিমনা ভৰিব লাগিব। জৰিমনা দিব লাগিব ৱাৰ্ডেন বাইদেউক আৰু লগতে এটা সঠিক কাৰণ দৰ্শাব লাগিব কিয় লিখনি দিব পৰা নাই।
সম্পাদিকাই মোক ক’লে এনেকৈ কাম দিব জানো। লিখিব নজনাবোৰে কেনেকৈ লিখিব?
মই ক’লো কাম দিব। একো নোৱাৰিলেও চিঠি লিখিলেও হ’ব। মুঠতে তাৰ মাজৰ পৰাই ভাল কিবা এটা ওলাব, চাবিচোন। 
মই এনেকৈ কৈ তাইক আস্বস্ত কৰিলো যদিও মোৰ চিন্তা হ’ল, ছোৱালীবোৰটো কেচুৱা নহয় যে মোৰ কথাত ভয় খাব!
মৌচুমীয়ে ক’লে ‘‘মই হ’লে লিখিব-চিখিব নোৱাৰো দেই। পইচাই দিম মই।’’
‘‘দিবি পইচা, ৱাৰ্ডেন মেমক। কাৰণটো এতিয়াই ভাবি থ।’’
বাকী ছোৱালী কিছুমানে ক’লেহি ‘‘এইবোৰ কি নিয়ম কৰিছ’? হোষ্টেলৰ ডন নেকি তই! নিদিও যা লিখা-চিখা। কিমান পইচা লাগে ক, আমি দিবলৈ সাজু আছো।"
‘‘মোক নহয়, ৱাৰ্ডেন মেমক দেগৈ যা।’’
মই গহীনকৈ কওঁ।
কোনেও গম নাপায় যে এইবোৰ আমাৰ সব সাজি কোৱা কথা।
ৱাৰ্ডেন মেমে একো গমেই নাপায়।
নয়নীয়ে আহি মোক ক’লে, ‘‘মই গানহে গাওঁ, লিখিব-চিখিব নাজানো নহয়।’’
‘‘চেষ্টা কৰ। কবিতা এটাকে লিখিবলৈ চেষ্টা কৰ।’’
মৌচুমীয়ে আকৌ আহি ক’লেহি, ‘‘ক চোন মোক টপিক এটা, কেমেষ্ট্ৰীৰ।’’
‘‘কিয়, তই জানো এন্টিঅক্সিডেন্টৰ ওপৰত চেমিনাৰ দিয়া নাই? সেইখিনিকে কাগজ এখনত লিখি দিবি।’’
তিনিদিনৰ পাছত সম্পাদিকাই মূৰে-কপালে হাত দিলে। মোক শীঘ্ৰে তাইৰ ৰুমলৈ মাতিলে।
দেখিলো এশ বিশ, ত্ৰিশ জনী ছোৱালীৰ লেখা লৈ তাই কিংকৰ্তব্য বিমূঢ় হৈ বহি আছে।
তাই চিঞৰি ক’লে, ‘‘এই সোপা চাম কেনেকৈ? তই কি কৰ’ কৰ্। গোটেই সোপা জাবৰ।’’
মোৰ মুখত হাঁহি বিৰিঙিল। এটা মিশ্যনত চাকচেচ্।
‘‘জাবৰৰ মাজৰ পৰাই দেখোন খাবলৈ নোপোৱা শিশুবোৰে সিহঁতৰ বাবে উৎকৃষ্ট খাদ্য বিচাৰি লয়।’’—তাইক নৰমকৈ ক’লো। 
‘‘আগতে স্কুলত পোণা চাৰে কৈছিল, কিছুমান মানুহ ইমান দুখীয়া হেনো ধনীবোৰে কেতিয়া ৰুটী খাই পুৰি যোৱা অংশবোৰ বাহিৰত পেলায়, সেই সময়লৈ ৰৈ থাকে। সিহঁতৰ বাবে পোৰা ৰুটীবোৰেই খাদ্য’’ বুলি ক’বলৈ লৈও মই বেছি অহংকাৰ কৰাৰ ভয়তে নক’লো। 
ৱাল মেগাজিনে এটাও পুৰস্কাৰ নাপালে গোটেই ছোৱালীজাকে আৰু ৱাৰ্ডেন মেমে মোক সঁচাকৈ জৰিমনা ভৰোৱাব! এতিয়া কাম হ’ল পোৰা ৰুটীৰ পৰা অলপ ভালবোৰ বাচি উলিওৱা। বিশ মিনিটমানতে বাচি হৈ গ’ল। চাওঁ, প্ৰথম দুষাৰি পঢ়ি দেখো সেয়া পোৰা ৰুটীও নহয়, একেবাৰে হজম হোৱাৰ পিছত শৰীৰে বৰ্জিত কৰাখিনি। সেইবোৰ মই দলিয়াই গ’লো এফালে। যিখিনি ভাল যেন ওলাল তাত আমাৰ মগজৰ ঘিঁউ অলপ সানি খাব পৰা কৰি দিলো। ‘‘মোৰ কাম শেষ। এতিয়া বাকী কাম খিনি তই কৰিবি। মোৰ সময় নাই আৰু মোৰ নামটো সহ-সম্পাদিকাৰ পৰা কাটি দিবি’’ বুলি কৈ মই দিপাৰ্টমেন্টৰ কামত ব্যস্ত হৈ পৰিলোহি।

(২)
সেই সময়ত শয়নে-সপোনে মোৰ গোটেই সময়খিনি কাঢ়ি লৈছিল ৰসায়ন বিজ্ঞান বিভাগৰ ৱাল মেগাজিনে। মই আৰু মানস ব্যস্ত আছিলো লেখাবোৰ ৰিফাইন কৰাত। মানস আছিল এনে এটা মানুহ, কোনোবাই যদি কবিতা লিখিছে— ‘‘টোপাটোপে সৰে দুখ’’, সি বনাই পেলায়— ‘‘মই ম’ম, জ্বলি শেষ কৰিছো বুকুৰ বিষাদ...’’। লিখা জনেও কবিতাটো কোনে লিখা চিনি নোপোৱা হয়। মই আনৰ গল্প, প্ৰবন্ধবোৰত মোৰ মগজ চলাই ভাগৰি গৈছিলো। স্মৃতাক্ষী, অৰ্চনা, মনিষা, নাজিমা, দেবী, কস্তুৰিকা, এনিশা কাৰোৰে খাবলৈও সময় নোহোৱা হৈছিল। ৰিপুঞ্জয়ে সব লেখা এটা এটাকৈ পঢ়ি ছবিবোৰ আঁকিছিল। আমি চিনিয়ৰখিনিক কৈছিলো লেখা দিবলৈ। কিন্তু কোনেও নিদিলে। সম্পাদক ঠিক হোৱা নাছিল। মানসে তথাপি সম্পাদকীয় লিখি থৈছিল, লিখাটোৰ লগত মিলাই ৰিপুঞ্জয়ে ছবিও আঁকিলে। সম্পাদক হোৱাৰ হাবিয়াস কাৰো নাছিল। আমাৰ লক্ষ্য আছিল ৱাল মেগাজিনখন ভাল হ’বই লাগিব। কিয়নো আমাৰ ৰসায়ন বিজ্ঞান বিভাগটোক সকলোৱে ‘হাৰুৱা পাৰ্টী’ বুলিয়েই জানিছিল। আমি সকলো প্ৰতিযোগিতাতেই সদায় হাৰিছিলো। আশা আছিল যদি কেৱল ৱাল মেগাজিনখন।

(৩)
এদিন হোষ্টেললৈ উভতি আহোঁতে চিনিয়ৰ বাইদেউ এগৰাকীয়ে মোক খুব গালি দিলে সহ-সম্পাদিকা হৈ সম্পাদিকাক অকণো সহায় কৰা নাই হেনো। ময়ো বোলো মইতো নাম কাটি দিবলৈ কৈছো! ‘‘তই ক’লেই হ’ব নেকি? আমি সকলোৱে তোক দায়িত্ব দিছো, পালন কৰ, সময় দে হোষ্টেলৰ মেগাজিনত।’’ মই তেতিয়া অভাৱী আছিলো কেৱল সময়ৰ। ‘‘মই নোৱাৰিম, নাম আঁতৰাই দিবি’’—বুলি পুনৰ সম্পাদিকাক ক’লো। ‘হাৰুৱা পাৰ্টী’ক জিকোৱাৰ প্ৰয়াসত হোষ্টেলৰ চিনিয়ৰসকলৰ খঙৰ কাৰণ হ’লো। হোষ্টেলত যেনিয়েই যাওঁ সবৰে গালি! গৰুৰ নিচিনাকে গিলি থ’লো সকলো। পাগুলিবলৈ সময় নাই মোৰ।

(৪)
দিপাৰ্টমেন্টৰ ৱাল মেগাজিন প্ৰায় সম্পূৰ্ণ। সম্পাদকৰ নাম, সহায়কাৰীৰ নাম এইখিনি লিখিবলৈহে বাকী আছিল। কিন্তু…
আমি দীঘলকৈ উশাহ এৰি বহুতদিনৰ মূৰত কেন্টিনত খাবলৈ ওলালো। চিনিয়ৰ এজনে চকু ৰঙা কৰি মোক একো ক’বলৈ সুযোগ নিদি গালি পাৰিলে, ‘‘নিজকে কি বুলি ভাবিছ’? সাহিত্যক? আমিও লিখিব জানো। তঁহতৰ উৎপাত বাঢ়িছে। কেনেকৈ মেগাজিন উলিয়াৱ চাম ৰহ্...’’। ইফালে বাকী চিনিয়ৰ কেইজনমানে মানসক ক’লে, ‘‘সম্পাদক দেখাবলৈ আহিছ? আমাক একো নজনোৱাকৈয়ে, আমাক সন্মান নকৰাকৈয়ে মেগাজিন উলিয়াবি? সম্পাদক কোন হ’ব সেয়া আমি নিৰ্ধাৰণ কৰিম। আজিৰ পৰা ৱাল মেগাজিনত হাত দিব নোৱাৰ।’’ একেধৰণেৰে ৰিপুঞ্জয়কো গালি পাৰিলে। সেইদিনা কেন্টিনত আমাৰ খোৱা নহ’ল আৰু। যিটো হলত আমি মেগাজিনৰ কাম কৰিছিলো তাৰ তলাৰ চাবি চিনিয়ৰসকলে লৈ থ’লে। আমিতো আৰু দক্ষিনৰ চিনেমাৰ হিৰ’ নহয় যে সকলো পৰিস্থিতিতে জয়ী হ’ম; মনত আমাৰ বৰ বেজাৰ লাগিল। আমি আলোচনা কৰিলো আমাৰ কাম প্ৰায় হৈছিলেই। গতিকে তেওঁলোকে যি কৰে কৰক। দিপাৰ্টমেন্টৰ ভালৰ কাৰণেহে আমি ইমান কষ্ট কৰিছিলো। এতিয়া এই সময়ত আমি সিহঁতৰ লগত যুঁজ কৰিলে দিপাৰ্টমেন্টৰেই বদনাম হ’ব। ‘‘আমি আঁতৰি দিয়াই ভাল হ’ব’’—চলচলীয়া চকুৰে মানসে ক’লে। পোন্ধৰ বিশদিন ধৰি লালন পালন কৰা সন্তানটি মাহীমাকৰ হাতত তুলি আমি উদাস মনেৰে হোষ্টেলমূৱা হ’লো। এতিয়া আমাৰ হাতত পৰ্যাপ্ত কিবা আছিল যদি, সেয়া সময়। হোষ্টেলত আৰ-তাৰ মুখৰ পৰা গম পালোঁ হোষ্টেলৰ মেগাজিন সম্পূৰ্ণ হৈ গ’ল। মই যিহেতু সহ-সম্পাদিকাৰ নামত একোৱেই নকৰিলো আৰু নাম কাটিবলৈকে কৈছিলো, গতিকে মেগাজিনখন ৱালত লগোৱাৰ আগত নাচালোগৈও।

(৫)
ৰংঘৰত বহি আছো। ৰংঘৰ মানে আমাৰ বিশ্ববিদ্যালয়ৰ অডিট’ৰিয়াম। ৱাল মেগাজিনৰ ৰিজাল্ট ঘোষণা কৰিছে। ৰসায়ন বিজ্ঞান বিভাগ বেটুপাট অংকনত প্ৰথম। ৰসায়ন বিজ্ঞান বিভাগ অলংকৰণত দ্বিতীয়। ৰসায়ন বিজ্ঞান বিভাগ গল্পত দ্বিতীয়। ৰসায়ন বিজ্ঞান বিভাগ ৱাল মেগাজিনত দ্বিতীয় শ্ৰেষ্ঠ। হাত চাপৰিৰ মাজত সম্পাদিকাই হাঁহি হাঁহি পুৰস্কাৰ ল’বলৈ মঞ্চলৈ উঠি গ’ল। আমাৰ কষ্ট সাৰ্থক হ’ল। কিন্তু স্বীকৃতি পালে চিনিয়ৰখিনিয়ে। 

(৬)
হোষ্টেললৈ অহাৰ পাচত নয়নীয়ে আহি কৈছিল, তাইৰ কবিতাটো দ্বিতীয় হ’ল হেনো। আৰু কিবা-কিবিত হোষ্টেলৰ ৱাল মেগাজিনে পুৰস্কাৰ পাইছে। মই তেতিয়াহে গম পালো যে মই বাচি দিয়া নয়নীৰ কবিতাটোক সম্পাদিকাই ৱাল মেগাজিনত স্থান দিলে। তাতোকৈ ডাঙৰ কথা কবিতা নিলিখা ছোৱালী এজনীয়ে জীৱনৰ প্ৰথমটো কবিতা লিখিয়েই পুৰস্কাৰ পালে।
‘‘এতিয়া মই আৰু লিখিম।’’— নয়নীয়ে ক’লে।
নয়নীৰ চকুৰ তিৰবিৰণিয়ে মোৰো মনটো উজলাই পেলালে। তললৈ আহি মেগিজিনখন চালোহি। খুব সুন্দৰকৈ সঁজাই-পৰাই তোলা এখন মেগাজিন। মই বচা প্ৰায়বোৰ লেখাকেই স্থান দিলে। সোঁফালে তললৈ চাই সহ-সম্পাদিকাত যিটো নাম দেখিলো মনটো সেমেকি আহিল। মোৰ নামটো নাকাটিলে। একো নকৰাকৈয়ে মোক স্বীকৃতি দিলে। সেই স্বীকৃতি মোৰ বাবে শাস্তিহে আছিল।

(৭)
দিপাৰ্টমেন্টলৈ গৈ দেখো আমাৰ মেগাজিনখন ওলমি আছে, অথচ তাত আমাৰ কাৰোৰেই নাম নাই। দুদিনৰ পাছত দিপাৰ্টমেন্টৰ সম্পাদিকাই দ্বিতীয় শ্ৰেষ্ঠৰ পুৰস্কাৰটি মোৰ হাতত দি ক’লে যে সেই পুৰস্কাৰৰ আচল দাবিদাৰ মানসহে। গতিকে মই যাতে পুৰস্কাৰটি মানসক দিওঁ। মই মানসক এবাৰলৈও নোসোধাকৈয়ে তাইৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলো। মনে মনে ভাবিলো— ‘‘আপোনাৰ অলপ মান দেৰি হৈ গ’ল...’’। সামাজিকভাৱে স্বীকৃতি নিজে লৈ ব্যক্তিগতভাৱে উপযুক্তজনক প্ৰশংসা কৰি লাভ নাই। 

(৮)
দুটা পৃথক ঘটনা। এটাত আমাৰ কষ্টৰ ফচল আমি খাবলৈ নাপালো। আনটোত মই অকনো কষ্ট নকৰাকৈয়ে এটা ভঁৰালৰ মালিক হ’লো। দুয়োটা ঘটনাৰ অভিজ্ঞতাই দুটা কথাই শিকালে: 
সামূহিক স্বাৰ্থৰ বাবে আত্মস্বাৰ্থ বলিদান দিবলগীয়া হয়। যিমানেই ব্যস্ত নহওঁ লাগে কোনোবাই দায়িত্ব দিলে ব্যস্ততাৰ মাজতে সময় উলিয়াই দায়িত্ব পালন কৰিব লাগে।

(৯)
দুয়োটা ঘটনাই ২০০৭ চনৰ। পাচ-ছয়বছৰ মানৰ পিছত দিপাৰ্টমেন্টৰ সেই বছৰৰ ৱাল মেগাজিনখন নতুন ল’ৰা ছোৱালীখিনিয়ে অলপ চাই দিবলৈ ক’লে। কথা-প্ৰসংগত গৱেষক ছাত্ৰ এজনে ক’লে আমাৰ দিপাৰ্টমেন্টৰ ৱাল মেগাজিনখন এবাৰ হেনো খুব ভাল হৈছিল। বহুত পুৰস্কাৰো পাইছিল। প্ৰথম নে দ্বিতীয় হৈছিল। সম্পাদিকা ‘অমুক’ আছিল। বৰ সুন্দৰকৈ কৰিছিল হেনো। ছাৰ-বাইদেউহঁতে আজিও কয়। সেইদিনা মনটো মোৰ গধূৰ যেন লাগিছিল। সময় পাৰ হৈ গ’ল অথচ সময়ৰ লগতে আমাৰ কষ্টখিনি মানুহৰ অলক্ষিতেই থাকি গ’ল। আমি ম’ম হৈ আনক পোহৰাই নিজে জ্বলি জ্বলি শেষ কৰিলো বুকুৰ বিষাদ! সেইদিনাই ভাবিছিলো এইখিনি কথা মই এদিন নহয় এদিন লিখিবই লাগিব।

স্বীকৃতি অবিহনে মানুহৰ সকলো কষ্ট অসাৰ নেকি?
ওহোঁ, কথাটো আমি বেলেগ ধৰণেৰে ভাবিলো:
পৰিস্থিতিৰ সন্মূখীন হৈ, সামগ্ৰীকভাৱে ভালৰ কাৰণে অন্যায় সহ্য কৰিবলৈ আমি দিপাৰ্টমেন্টৰ ঘটনাটোৰ পৰাই শিকিলো। আমি মানুহক চিনিলো। আমি ইজনে-সিজনৰ প্ৰতিভাক চিনিলো আৰু গম পালো আমাৰ মাজত কিমান সহৃদয়তা, কিমান কষ্ট কৰাৰ শক্তি লুকাই আছে। দিপাৰ্টমেন্টৰ সেই ঘটনাটো আমাৰ কাৰণে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ দুবছৰৰ ক’লা অধ্যায় নহয়। স্বীকৃতি পোৱা হ’লে নিশ্চয় ভাল লাগিলহেঁতেন, কিন্তু সেই ঘটনাই আমাৰ জুনিয়ৰখিনিৰ মাজত একতা বঢ়ালে, আমাৰ মাজৰ বান্ধোন কটকটীয়া কৰিলে। ধুমুহা আহিলে, বিপদ আহিলে এখন ঘৰৰ মানুহখিনি একত্ৰিত হয়। সেয়ে জীৱনত বাধা-বিঘিনিও থাকিব লাগে। নহ’লে ইজনে-সিজনৰ মৰম, ত্যাগ, সহ্য শক্তিৰ উমানেই নাপায়। মানুহে আমাৰ কষ্টখিনি নেদেখিলে সঁচা, কিন্তু আমাৰ কষ্টৰ কাৰণেই সেইবছৰৰ ৰসায়ন বিজ্ঞান বিভাগৰ ৱাল মেগাজিনখন উজলিল আৰু আমাৰ ত্যাগৰ বাবেই আমি ইজনে-সিজনক লৈ আজিও গৰ্বিত।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...
  • জীৱনত সুখ আৰু সফলতা লাভৰ সংকেত: যতীন্দ্ৰ কুমাৰ পাৰৈ
    এটা সুখী আৰু সফল জীৱনৰ কামনা পৃথিৱীত সকলো মানুহেই কৰে। তাৰে কিছুমান সুখী আৰু সফল হয়, আন কিছুমানে আকৌ সুখ আৰু সফলতা বিচাৰি হাহাকাৰ কৰিবলগ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog