জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Thursday, May 22, 2014

প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য

 8:10:00 AM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     1 comment   

মোৰ বুকুত কি জ্বলে!
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে!
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে।
সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে...
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, May 7, 2014

তেজৰ আখৰেৰে: হীৰেন ভট্টাচাৰ্য

 8:15:00 AM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে।
কবি মই নাছিলো কোনোকালে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, May 6, 2014

তৰাটো জ্বলি আছে অকলশৰে: হীৰেন ভট্টাচাৰ্য

 8:21:00 AM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

ৰাতিপুৱাবৰে হ’ল
মোৰ শিতানৰ সিপাৰে
আকাশখনত
তৰা এটা এতিয়াও
সাৰে আছে

টোপনিৰ লাহী বিচনীৰ
বা-লাগি তাৰ তিৰবিৰ শৰীৰ
হেন্দোলি উঠিছে শেষ ৰাতিৰ
বতাহত

চকুৰ পাহিত ৰাতিৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই,
কোনো ক্লান্তি নাই...

তৰাটো জ্বলি আছে
অকলশৰে
বুকুত ভালপোৱাৰ
সহজ প্ৰতিভা।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

অসম্ভৱ অনুবাদ: হীৰেন ভট্টাচাৰ্য

 8:19:00 AM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,
যেনি মন যায়,
তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম,
যি কোনো অজুহাত পালে,
মুক্ত কৰি প্ৰতিভাৰ পথ,
নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ,
জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম,
হাতত সাৰে ভৰিত সাৰে...
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

তেজৰ কোৰ্হাল: হীৰেন ভট্টাচাৰ্য

 8:16:00 AM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

কোনোবা নিজানত বহি
মোৰ হেঁপাহ পলুৱাই
কান্দিবৰ মন গৈছে
জীয়াজুৰিৰ ফটফটীয়া
নিজান পানীয়ে ধুৱাই দিবহি
মোৰ শুকান দুচকু
শিল হৈ যোৱা
জলকা-বুকুত গজিব
ভালপোৱাৰ একোজোপা
গোলাপ
পাহে পাহে গান আৰু
তেজৰ কোৰ্হাল...
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, April 4, 2014

আই: হীৰেন ভট্টাচাৰ্য

 4:05:00 PM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

www.jibonenedorei.blogspot.in
(গৰ্কী শতবাৰ্ষিকী উপলক্ষে)

আই!
তোমাৰ স’তে শেষ দেখা
মোৰ মনত নাই।

আজি হঠাৎ
তোমাৰ আঁচলেৰে ঢাকি অনা
গোপন ইস্তাহাৰখনৰ কথাবোৰে
দাৱনীৰ চোক দিয়া কাচিখনৰ দৰে
মোক চমকাই গ’ল।

আকাশৰ জুয়ে পুৰি নিয়া
বনুৱাৰ হাতৰ তীখাৰ হাতুৰীটোৰ
প্ৰচণ্ড শব্দই মোক সোঁৱৰাই
দিলে: তোৰ আই তোৰ সমুখত।

অতদিনে মই
নিজক লৈয়ে ব্যস্ত আছিলোঁ আই!
আজি তোমাক পালোঁ
তীখাৰ তীক্ষ্নতা আৰু থোৰ মেলা
শস্যৰ মাজত।

মোৰ আই
কোন কাহানিবাই
আহি ৰৈ আছে মোৰ সমুখত।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

শোভাযাত্ৰাত নিহতজনৰ কবিতা: হীৰেন ভট্টাচাৰ্য

 4:02:00 PM     হীৰেন ভট্টাচাৰ্যৰ কবিতা     No comments   

www.jibonenedorei.blogspot.in
এই জুইকুৰা ময়েই জ্বলালোঁ।

জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ।

সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ।

দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নেজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা। তোমাৰ বাবে আই,
বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলোঁ;
এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ।

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালোঁ।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • মনালিছা শইকীয়াৰ আন্দোলিত আকাশ : তুলিকা নিৰ্মলীয়া
    কিতাপৰ পোক নহয়। তথাপিও কিতাপ পঢ়োঁ, যেতিয়াই মন যায়। এই মন যোৱাৰো একো ঠিকনা নাই। মন গ’লে এদিনতে ২০০ পৃষ্ঠাৰ একোখন কিতাপ হজম কৰোঁ; আৰু আৰম্...
  • নিয়মবোৰ কোনোবাই ভাঙিবই লাগিবঃ তুলিকা নিৰ্মলীয়া
    ড° অৰবিন্দ ৰাজখোৱাৰ “নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব” নামৰ সংকলনখনত ইতিমধ্যে বিভিন্ন কাকত আৰু আলোচনীত প্রকাশিত তেখেতৰ মুঠ ৩২ টা প্রৱন্ধক একেলগ ...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog