প্ৰেম হওক অথবা বন্ধুত্ব, ভুল বুজা-বুজিত কেতিয়াবা ভাঙি যায়। তেতিয়া যন্ত্ৰণাত, হতাশাত ভোগাটো স্বাভাৱিক কথা; কিন্তু সেই বুলি নিজৰ জীৱনৰ ক্ষতি কৰাটো জানো উচিত। মই মোৰ জীৱনৰ অভিজ্ঞতাৰে ইয়াকে শিকিলোঁ যে হতাশাই কেৱল মনটোকে অসুস্থ নকৰে শৰীৰো অসুস্থ কৰি তোলে। সেয়ে নিজৰ বাহিৰে আন এজনৰ ওপৰত নিজৰ জীৱনৰ সিদ্ধান্ত এৰি দিয়াটো ভুল। আৰু যি সম্পৰ্ক তথা কথাই আমাক মানসিক কষ্ট দিয়ে সেই মানুহ তথা কথাৰ পৰা নিজক সময় থাকোতেই আঁতৰাই আনা বুদ্ধিমানৰ কাম। অসুখী সম্পৰ্ক এটা জোৰ কৰি জীয়াই ৰাখিব খুজিলে অতি বেছি অসুখী হোৱাৰ বাটহে মুকলি কৰা হয়। সম্পৰ্ক হৈছে একোটা পোছাক কোন সময়ত ফিচিকি পৰে কোনো ভৰসা নাথাকে। কাপোৰখন ফলাৰ পাছত যিদৰে চিলাই ল’লেও পোছাকে আগৰ ৰূপটো ঘূৰাই নাপায়, সেইদৰে সম্পৰ্ক এটাত ঘূণে ধৰাৰ পাছত সেই সম্পৰ্কত জোৰা-টাপলি দিবলৈ চেষ্টা কৰিলেও এটা খুঁত থাকিয়েই যায়। নিজৰ পৃথিৱীত সেয়েহে নিজেই নিজৰ প্ৰেমিক, অভিভাৱক, বন্ধু সকলো। মোৰ বিশৃংখল জীৱন প্ৰণালী নিৰীক্ষণ কৰি বহুতেই কৌতুক কৰে কিন্তু মই তেতিয়া গৌৰৱ কৰো যে মোৰ জীৱন কিছু হ’লেও পৃথক আন দহজনতকৈ। মই আন দহজনে বিচৰা নিজক সজাই তুলি মোৰ নিজস্বতা হেৰুৱালে মোৰ নিজা বুলিবলৈ একোৱেইচোন নাথাকিব। আচলতে যিসকল মানুহে সমাজ তথা আনে বিচৰা দৰে নিজক সজাই ল’ব খোজে তেওঁলোকে নিজক চিনি নাপায় আৰু নিজস্বতা বুলিবলৈ তেওঁলোকৰ একোৱেই নাথাকে। মই মোক গভীৰভাৱে বুজি পাওঁ আৰু নিজক চিনি পাওঁ সেয়েহে মই মোক নিজে বিচৰা ধৰণেই গঢ়ি তুলিছো। সময়ে মোক শিকাইছে কোমল বুকুত হাজাৰটা কঠিন শিল ৰাখি কিদৰে মূৰ তুলি ঠিয় হ’ব লাগে এটা সেউজ পাহাৰৰ দৰে। প্ৰকৃতি মোৰ বাবে প্ৰেৰণা। কেতিয়াবা নিজৰ বাবে নিজে উন্মাদ হৈ সুখ সৃষ্টি কৰি লৈছো। জীৱনত কিছু বলিয়ালি নাথাকিলে জীৱনে যে ছন্দ হেৰুৱাই পেলাব। সেয়েহে মই মোৰ বিফলতাকো উদযাপন কৰোঁ আৰু নিজক কওঁ— শেষ উশাহ পৰ্যন্ত জীৱনক উপলব্ধি কৰিম। মই নিজক আজিও শিশু বুলি ভাবো, সেয়ে উজুটি খালেও মই আগুৱাই দিওঁ মোৰ দ্বিতীয়টো খোজ।
জীৱন, সম্পর্ক, বলিয়ালি ,মৃত্যু ইত্যাদি: মিতালী নাথ

0 comments:
Post a Comment