জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, May 13, 2020

এটা কাঠৰ পাত্ৰ : ডিম্পী কলিতা

 5:35:00 PM     শিশু শিতান     No comments   



ৰতনপুৰ নামে এখন সৰু গাঁৱত এজন বৃদ্ধলোকে তেওঁৰ পত্নী, পুত্ৰ, বোৱাৰী আৰু নাতিসহ বাস কৰিছিল৷ এই বৃদ্ধজনক গাঁৱৰ প্ৰায়ভাগ মানুহে মূৰুলী ককা বুলিয়েই মাতিছিল আৰু নামাতিবনো কিয়! ককা আছিলেই ইমান মৰমিয়াল৷ কিন্তু পত্নীৰ বিয়োগৰ পিছতেই ককাৰ মন আৰু শৰীৰ একেবাৰেই ভালে নথকা হ’ল৷ হাজাৰ হ’লেও নিজৰ লগৰীজনীক হেৰুওৱাৰ দুখ সদায় লগতেই থাকে৷ ককাৰ আগৰ সেই ধেমেলীয়া স্বভাৱ, গাঁৱৰ চেমনীয়াসকলক দিয়া সেই উপদেশবোৰ আৰু ককাৰ লগত কটোৱা সেই দিনবোৰ গাঁৱৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীৰ বৰকৈ মনত পৰে৷ আজিকালি আৰু ককা বাহিৰলৈ নোলায়৷ ঘৰৰ চোতালতেই চকী এখনত বহি থকাই দেখা যায়৷

এদিনাখনৰ কথা, ঘৰৰ সকলোৱে ৰাতিৰ ভাতসাঁজৰ বাবে একেলগে টেবুলত বহিছিল৷ আটায়ে একেলগে খাদ্য গ্ৰহণ কৰিবলৈ ধৰিছিল৷ সকলোৱে বৰ তৃপ্তিৰে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল৷ কিন্তু ককাইহে খাদ্য গ্ৰহণ কৰিব পৰা নাছিল৷ বয়স বাঢ়ি যোৱাৰ লগে লগে ককাৰ দৃষ্টিশক্তিও একেবাৰে দুৰ্বল হৈ আহিছিল৷ ভাত খাবলৈ লওঁতেই তেখেতৰ হাতখন কঁপিবলৈ আৰম্ভ কৰিছিল৷ যেতিয়া তেখেতে গাখীৰৰ গিলাচটো হাতেৰে তুলি লৈছিল, অকস্মাতে গিলাচটো তেওঁৰ হাতৰ পৰা সৰি পৰিছিল আৰু গোটেই টেবুলখন গাখীৰখিনি পৰি লেতেৰা হৈ গ’ল৷

তাকে দেখি পুতেক আৰু বোৱাৰীৰ অলপ খং উঠিল৷ পুতেকে ক’লে যে আমি দেউতাৰ বাবে খোৱাৰ ব্যৱস্থাটো অলপ বেলেগ কৰিব লাগিব৷ কাৰণ দেউতাৰ খোৱাৰ ধৰণটো একেবাৰেই বেয়া৷ সেয়ে আমি তেওঁৰ বাবে পাকঘৰৰ এটা চুকত এখন সৰু টেবুল বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ পুতেকে ভবামতেই কাম কৰিলে৷ এতিয়া আৰু ককাই অকলেই সেই টেবুলখনত আমন-জিমনকৈ আহাৰখিনি খাই, যেতিয়া তেওঁৰ পুতেক, বোৱাৰীয়েক আৰু চাৰি বছৰীয়া নাতিয়েকক একেলগে আহাৰ খোৱা দেখে তেওঁৰ বৰ দুখ লাগে৷ ককাৰ হাত কঁপনিৰ বাবে দুই এটা বাচনো ভাঙিছে, সেইবাবে বোৱাৰীয়েকে তেওঁক দুই-এটা কথাও শুনাইছে আৰু বাচন-বৰ্তন যাতে নাভাঙে তাৰ বাবে ককাক আজিকালি কাঠৰ বাচনতহে আহাৰ দিয়ে৷ এই সকলোবোৰ ঘটনা সেই আঠ বছৰীয়া ল’ৰাটোৱে লক্ষ্য কৰি আছিল৷

এদিনাখন, সৰু ল’ৰাটোৱে কিছুমান কাঠৰ টুকুৰা গোটাই আছিল৷ তেতিয়া দেউতাকে অতি মৰমেৰে সুধিলে, ‘‘বাবা, তুমি এয়া কি কৰিছা?’’ তেতিয়া ল’ৰাটোৱে ক’লে যে, ‘‘দেউতা, মই এই কাঠৰ টুকুৰাবোৰ জমা কৰিছোঁ৷ মই যেতিয়া ডাঙৰ হ’ম; তেতিয়া তোমাক আৰু মাক ইয়াতেই খাদ্য দিব লাগিব নহয়!’’ এনেদৰে কৈয়েই সৰু ল’ৰাজন তাৰপৰা আঁতৰি গ’ল৷ কিন্তু এই সাধাৰণ কথাটোৱেই দেউতাকৰ মনত বৰ গভীৰ সাঁচ বহুৱালে৷

সেইদিনাখন দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ককা সৰু টেবুলখনতেই বহি আছিল৷ তেতিয়া ককাৰ পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে তেওঁক আকৌ আগৰ দৰেই তেওঁলোকৰ লগতে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰিলে৷ সেই দেখি ককাৰ মনত সেইদিনা কিমান যে আনন্দ, তেওঁৰ চকুৰ পৰা ওলোৱা পানীয়েই তাৰ প্ৰমাণ৷ এতিয়া ককাক পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে আহাৰ খুৱাই দিয়ে আৰু বৰ ভালকৈ চোৱা-চিতা কৰিবলৈ ল’লে৷

নীতিশিক্ষা: যেনে কৰ্ম তেনে ফল৷ অৰ্থাৎ নিজৰ মাক-দেউতাকৰ লগত যেনে ব্যৱহাৰ কৰিবা, এদিন সেই ব্যৱহাৰ তুমিও ভোগ কৰিব লাগিব৷ যেতিয়া তেওঁলোক এই পৃথিৱীৰ পৰা গুচি যায়, তেতিয়াহে তেওঁলোকৰ মহত্ত্ব বুজা যায়৷ সেয়ে তেওঁলোক জীয়াই থাকোঁতেই, তেওঁলোকক যথোচিত সন্মান আৰু শুশ্ৰুষা কৰাটো প্ৰতিজন সন্তানৰেই মূল কৰ্তব্য৷
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, April 5, 2020

এন্ধাৰত গজা পদ্যঃ বৈদ্যুতিন কিতাপ (লক্ষ্য প্ৰহৰ বৰদলৈ)

 1:19:00 PM     বৈদ্যুতিন পুথিভঁৰাল     2 comments   



'এন্ধাৰত গজা পদ্য' মোৰ টুকুৰা-টুকুৰি কিছু অনুভৱক একেলগ কৰি সাঁচি থোৱাৰ এক প্ৰয়াস। ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। কিছুমান কথা হয়তো আপোনাৰ ভাল লাগিব পাৰে। এইখন ছপা কিতাপ নহয়, বৈদ্যুতিন কিতাপহে (Ebook)। এইখন আপুনি আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰতহে পঢ়িব পাৰিব। ইয়াক পঢ়িবলৈ আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰটোত পি.ডি.এফ. ৰিডাৰ থকাটো জৰুৰী।
ই-কিতাপখন ডাউনল'ড কৰিবলৈ তলৰ লিংকটোত ক্লিক্ কৰক -

ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে
অথবা
ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে







Tags : Assamese ebooks, endharot goja podyo, অসমীয়া বৈদ্যুতিন কিতাপ, অসমীয়া ই কিতাপ
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, June 8, 2018

জীৱন হেনো জীৱনৰ দৰেইঃ তুলিকা নিৰ্মলীয়া

 11:31:00 PM     আত্মকথা     2 comments   


কথা অলপ আছিল... ভাবিছিলোঁ ৰাতিপুৱাৰ ফিকা চাহ কাপৰ সৈতে তিয়াই খাম! নতুবা আবেলিৰ ইলাচী দিয়া চাহ কাপৰ সৈতে চোবাই চোবাই খাম! অথবা মাজনিশা আকাশৰ সৈতে চুপতি! ভবাৰ দৰে একোৱেই নহ’ল! ভাবিছিলোঁ কথাবোৰ ভগাই লওঁ। ঘড়ীত গতি আছিল, সময় নাছিল!!

কথাবোৰ! জীৱনৰ কথাবোৰ! খুবেই আমোদ লগা! জীৱনৰ আৰম্ভণি কেতিয়া হয়? সেই অন্ধকাৰ গহ্বৰত থিতাপি লোৱাৰ দিনা নে অন্ধকাৰ গহ্বৰৰপৰা নাড়ীৰ বান্ধ চিঙি পোহৰলৈ ওলাই অহাৰ দিনা?

জীৱন মানে নো আচলতে কি? নোপোৱাৰ হাহাকাৰ নে প্ৰাপ্তিৰ অহংকাৰ? কিমান যে কথা! কথাৰ কথা। স্মৃতিৰ কোলাত কথাবোৰে উমনিত বহে মাজে মাজে! হৰেক ৰকমৰ কথাৰ পোৱালিবোৰৰ জন্ম হয় নতুনকৈ! …… খোজ কাঢ়ে, পাখি গজে…। আৰু এদিন জীৱনক গতি দিয়ে! মনৰ ভিতৰত খলকনি তুলি থকা কথাবোৰ ভগাই ল'ব খুজিলেও শব্দবোৰ শুকাই কঁৰাল মাৰে। কষ্ট হয়, যেতিয়াই তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠা অনুভৱখিনিক শব্দেৰে, কথাৰে আকাৰ এটা দিব নোৱাৰো। 'কিয় নোৱাৰো' বুলি প্ৰশ্ন এটাই গঢ় ল'ব লওঁতেই বিষাদবোৰে বুকুৰ গৰা খহায়, আৱেগৰ নদী বয়! কুঁ কুঁৱাই মাকৰ বুকুত সোমাই আদৰ বিচৰা কুকুৰ পোৱালি এটাৰ দৰে কাৰোবাৰ বুকুত মুখ গুজি শুই পৰিবৰ হেঁপাহ জাগে। সেয়াই তো আছিল মোৰ চিৰন্তন হাবিয়াস- নামহীন আদৰৰ চাদৰে নিজকে মেৰিয়াই আপোন কোনো এক গোন্ধ নাকেৰে টানি টানি বুকুলৈ উজাই লৈ শুই পৰিম…!

এতিয়া দেখোন গভীৰভাৱে কোনো কথাকেই অনুভৱ কৰিবৰ মন নাযায়। ভাবিলেও সকলোবোৰতেই যেন মোৰ খোকোজা! কি বিচাৰো জীৱনৰ পৰা তাকো নাজানো। নিচিনো বাট- কেনি যাম, কেনি যোৱা উচিত! সকলোতে আলি দোমোজা। পুৱাৰ সূৰুযে ভুমুকি মাৰিলেই নিখোজ হ'ব খোজা কোনোবা বিন্দাছ মিচিলত চামিল হ'বলৈ মন যায়। মন যোৱাৰ পিছত আৰু মই নিজৰো অনুমতি নলওঁ! নিয়ন্ত্ৰণহীন সেই গতিময়তা!

এন্ধাৰলৈ বাট চাওঁ। পোহৰ মানেই তো অভিনয়। বগা, নীলা, হালধীয়া… আৰু কেতিয়াবা গুলপীয়া। তেজপিয়াৰ দৰে ৰং সলাই পোহৰে! এন্ধাৰ সত্য আৰু শান্ত। এন্ধাৰতহে পাৰি মিছাৰ পোচাক খুলি সত্যৰ আয়নাত নিজক চাবলৈ, অভিনয়ৰ আচ্ছাদন খহাই থৈ নিজৰ সন্মুখত আবুৰহীন হৈ ঠিয় দিবলৈ, চকুত চকু থবলৈ।

শিল হৈ গজাৰে পৰা কথাবোৰ সহজ হৈ পৰিছে। জটিল বুলি ভবা কথাবোৰো। আবেলিৰ ফাটি পৰা বেলিটোৰ সুমথিৰা ৰং গচকি দৌৰিছে কথাবোৰ। ওভতি আহিব কথাবোৰ! হয়তো অলপ নতুনক লৈ, নতুবা অলপ পুৰণি হৈ! কথাবোৰেই তো জীৱন! কথাবোৰেই গতি… এন্ধাৰৰপৰা পোহৰলৈ, পোহৰৰৰপৰা এন্ধাৰলৈ। উভতি আহিব কথাবোৰ কিছু প্ৰতিশ্ৰুতি, কিছু সম্ভাৱনা লৈ; অলপ প্ৰতাৰণা, অলপ অনিশ্চয়তা হৈ! সকলোবোৰ সামৰি গতি ল'ব জীৱনে! জীৱন জীৱনৰ দৰেই!
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, October 16, 2017

কোনে মোক কি বুলি কয়... : অসমীয়া কবিতাৰ শ্ৰব্য

 8:47:00 PM     Mp3 কবিতা     No comments   


মই কেতিয়াবা কথা নোকোৱাকৈ যদি
আনৰ কথাবোৰ শুনি থাকো,
মানুহে মোক গোমোঠা বুলি কয়!
কেতিয়াবা দুই এটা কথা কওঁ,
মানুহে মোক অহংকাৰী বুলি কয়!
কেতিয়াবা কাৰোবাক ভালপালে অলপ হয়তো বেছিকৈয়ে কথা কওঁ,
মানুহে মোক বহুবল্কী বুলি কয়!
অলপ যদি হাঁহি ধেমালি কৰোঁ,
মানুহে মোক বৰ ফটুৱা বুলিও কয়!
মুঠতে মানুহে মোক কিবা এটা নহয়, কিবা এটা বুলি কয়!
সেইবাবেই মই এন্ধাৰ ভালপাওঁ, ঘোৰ এন্ধাৰ..
তাত থাকিলে মোক কোনেও নেদেখে!
এন্ধাৰৰ সৈতে কথা পাতিবলৈ কোনো শব্দ নালাগে!
মোক কোনেও নুশুনে... কোনেও!

Poem: Kune Muk Ki Buli Koy...
Composer : Lakhya Prohor
Voice : Lakhya Prohor
DOWNLOAD
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, August 23, 2017

জোনাকী মনৰ ছোৱালীজনী : কস্তুৰী বৰঠাকুৰ

 1:18:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

যিকোনো ধুনীয়া বস্তুৰ প্ৰতি মানুহৰ চিৰন্তন হাবিয়াস। মানুহ স্বভাৱগতভাৱে সৌন্দৰ্যৰ উপাসক। ধুনীয়া ফুল এপাহ, ধুনীয়া এটি শিশু, ধুনীয়া চৰাই, ধুনীয়া মানুহ দেখিলে আমাৰ দুচকু জুৰ পৰে। সৌন্দৰ্যপিয়াসী মানুহৰ মন সৌন্দৰ্যসুধা পান কৰি তৃপ্ত হয়।

চাৰিওদিশে ৰূপৰ জয়গান ব্যাপ্ত হৈ থাকিলেও গুণৰ প্ৰভাৱহে যে সবাতোকৈ শক্তিশালী, সেই কথা সময়ে সময়ে প্ৰতীয়মান হৈ আহিছে। এখন ধুনীয়া মুখতকৈ এখন ধুনীয়া হৃদয়েহে মানুহৰ অন্তৰত সাঁচ বহুৱায়। এটা সুন্দৰ মনে প্ৰভাৱিত কৰিব পাৰে আন হেজাৰজনৰ মন। পৃথিৱীৰ আটাইতকৈ কুৎচিত নাৰী হিচাপে অভিহিত হোৱা লিজ্জী ভেলাস্কুৱাজ নামৰ যুৱতীগৰাকীয়ে মানুহৰ মনৰ আন্ধাৰ কোঠাত সিঁচি দিছে মুঠি মুঠি পোহৰ। জীৱন-যাত্ৰাত দুৰ্বল হৈ পৰা মানুহক তেওঁ দেখুৱাইছে সবল আৰু আত্মপ্ৰত্যয়ী হৈ আগবাঢ়ি যোৱাৰ বাট। দেখাত অসুন্দৰ যুৱতীগৰাকীৰ শক্তিশালী আৰু সুন্দৰ মনৰ প্ৰচ্ছায়াত মানুহে শিকিছে জীৱন উদযাপনৰ মন্ত্ৰ।

১৯৮৯ চনৰ ১৩ মাৰ্চত আমেৰিকাৰ অষ্টিনত জন্মগ্ৰহণ কৰা লিজ্জী ভেলাস্কুৱাজ জন্মগতভাৱেই ‘Neonatal progeroid syndrome’ নামৰ জিনৰ এক বিশেষ জটিল আৰু বিৰল ৰোগত আক্ৰান্ত। আন মানুহৰ দৰে নহয় ছোৱালীজনীৰ শৰীৰ, কাৰণ ৰোগটোৱে লিজ্জীৰ শৰীৰত কেতিয়াও চৰ্বি সঞ্চয় হ’বলৈ নিদিয়ে। যাৰ ফলত লিজ্জীৰ শৰীৰত চৰ্বিৰ পৰিমাণ শূন্য আৰু ইয়াৰ ফলত তেওঁৰ শৰীৰৰ ওজন কেতিয়াও বৃদ্ধি নহয়। লিজ্জী ভেলাস্কুৱাজৰ দেহৰ ওজন ২৯ কিল’গ্ৰামতকৈ কেতিয়াও বৃদ্ধি নাপায়। জীয়াই থাকিবৰ বাবে তেওঁ প্ৰতি ১৫ মিনিটৰ অন্তৰে অন্তৰে খাদ্য গ্ৰহণ কৰি থাকিবলগীয়া হয়। তেওঁৰ সোঁ চকুটোত দৃষ্টিশক্তিও একেবাৰে নাই। সময়তকৈ এমাহ আগতে জন্মলাভ কৰা লিজ্জীৰ জন্মৰ সময়তে চিকি
ৎসকে তেওঁৰ পিতৃ-মাতৃক কৈছিল, কণমানিজনীয়ে কেতিয়াও কথা ক’ব নোৱাৰিব। কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। ভগৱানৰ আশিসস্বৰূপে যেনিবা লিজ্জীয়ে সেই অভিশাপ মূৰ পাতি ল’বলগীয়া নহ’ল। লাহে লাহে তাই স্কুললৈ যাব পৰা হ’ল। কিন্তু আন শিশুবোৰে তাইক দেখিলে দূৰতে পলায়। কোনেও তাইৰ কাষ চাপিবলৈ নিবিচাৰে। ঘৰলৈ আহি আইনাত নিজকে চাই কণমানি লিজ্জী উচুপি উঠে। মোক ইমান কুৰূপা কৰি কিয় স্ৰজিলা প্ৰভু? এই প্ৰশ্নটোকেই তাই যেন বাৰে বাৰে কৰে ভগৱানক। গোটেই শৰীৰৰ ছাল কোঁচ খোৱা লিজ্জীৰ। কিন্তু তাইৰ মনোবল অটুট ৰাখিবলৈ অনবৰতে শক্তিশালী মূৰ্তিৰূপে থিয় দিয়ে লিজ্জীৰ মাক-দেউতাক। তেওঁলোকে কয়, ‘‘আমাৰ সোণজনী, তুমি এজনী ধুনীয়া ছোৱালী। তুমি পৰী আমাৰ বাবে। তোমাৰ দেহত এটি বেমাৰ আছে। সেইবাবেহে তোমাক দেখাত আনতকৈ সৰু যেন লাগে। তোমাৰ ভিতৰত এটি ধুনীয়া মন শুই আছে। সেইটোক জগাই তোলা। দেখিবা তুমি সকলোৰে চকুত ধুনীয়া হৈ পৰিছা।’’ মাক-দেউতাকৰ এনে মৰমৰ বাণীত লিজ্জীয়ে শিকিছিল জীৱনটোক অভ্যন্তৰীণ সৌন্দৰ্যৰে চাবলৈ। লিজ্জীৰ ১৭ বছৰ বয়সত ইউটিউবত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল। যিটোৱে লিজ্জী ভেলাস্কুৱাজৰ জীৱনৰ দিশেই সলনি কৰি দিলে। সেইদিনা গান শুনাৰ মনেৰে ইউটিউব জগতত প্ৰৱেশ কৰি লিজ্জীৰ দুচকু হঠাৎ এটা ভিডিঅ’ৰ শিৰোনামত নিবদ্ধ হ’ল। ‘The ugliest woman of the world’। কৌতূহলী মনেৰে ভিডিঅ’টো ক্লিক কৰি তাই বহাতে থৰ লাগিল। সেয়া যে আন কোনো নহয়। খুদ তাই।

লক্ষাধিক মানুহে দৰ্শন কৰা ভিডিঅ’টোত মানুহে কৰা মন্তব্যবোৰ আছিল এনেধৰণৰ—লিজ্জী তুমি এজনী ভূতুনী, তুমি মানুহ হ’বই নোৱাৰা। তুমি দানৱী, তোমাক জন্মতেই মা-দেউতাই মাৰি নেপেলালে কিয়? এই ৰূপেৰে জীয়াই থাকি তুমি কৰিবা কি? তুমি এই পৃথিৱীত জীয়াই থকাৰ যোগ্য নহয়, বন্দুক এটা লোৱা আৰু নিজৰ মূৰত গুলী ফুটাই মৰি যোৱা ইত্যাদি ধৰণৰ নানা নঞৰ্থক মন্তব্যৰে নিকৃষ্ট মনৰ পৰিচয় দি মানুহবোৰে ভিডিঅ’টো মন্তব্যৰে ভৰাই পেলাইছিল। প্ৰত্যেকটো মন্তব্য পঢ়ি লিজ্জীৰ বুকু কঁপি উঠিছিল। সাহস হোৱা নাছিল যদিও এটা এটাকৈ সকলো মন্তব্য পঢ়িছিল তাই। কিজানিবা কোনোবা এজনে তাইৰ পক্ষে মাতেই- ‘‘ছোৱালীজনীক নাহাঁহিবা’’!

নাই সেইদিনা কোনোৱেই তাইৰ হৈ মাত মতা নাছিল। ইতিকিং, তাচ্ছিল্য, ভৰ্ৎসনাৰে থকা-সৰকা কৰিছিল ছোৱালীজনীক সকলোৱে। লিজ্জীৰ দুখ লগাটো স্বাভাৱিক। কিন্তু ত
ৎমুহূৰ্ততে নিজকে কৈছিল তাই, আজি যিখিনি মানুহে মোক লৈ হাঁহিছে, সেইখিনি মানুহেই এদিন মোক লৈ গৌৰৱ কৰিব লাগিব। মানুহৰ বাহ্যিক সৌন্দৰ্যয়েই যে সকলোখিনি নহয় তাৰ প্ৰমাণ মই জীৱিত কালত দি যাবই লাগিব। অভ্যন্তৰীণ সৌন্দৰ্যৰে উজলি উঠিবলৈ বদ্ধপৰিকৰ হোৱা লিজ্জী ভেলাস্কুৱাজে নিজকে গঢ় দিলে এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে। তেওঁৰ প্ৰেৰণাদায়ক বক্তৃতাসমূহে লাহে লাহে মানুহৰ অন্তৰ জয় কৰিবলৈ ধৰিলে। এসময়ত চিকিৎসকে কথা ক’ব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে ঘণ্টা ঘণ্টা ধৰি কথা কৈ মানুহক মোহাচ্ছান্ন কৰি ৰাখিব পৰা হ’ল। খোজ কাঢ়িব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে নিজ গুণৰ বলত অৰ্থাৎ এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে দেশ-বিদেশ ঘূৰিব পৰা হ’ল। প্ৰতিদিনে বাঢ়িবলৈ ধৰিলে লিজ্জী ভেলাস্কুৱাজৰ অনুৰাগীৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখি উলিয়ালে তিনিখনকৈ কিতাপ— Lizzie Beautiful:The Lizzie Velasquez Story, Be Beautiful Be You আৰু Choosing Happiness, এই তিনিওখন কিতাপেই যথেষ্ট জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থকেইখনৰ ফলত লেখিকাৰ সন্মানেৰেও বিভূষিত হ’ল লিজ্জী ভেলাস্কুৱাজৰ জীৱন। বৰ্তমান লিজ্জী এগৰাকী সফল প্ৰেৰণাদায়ক বক্তা আৰু সফল লেখিকা। তেওঁৰ জীৱনভিত্তিক এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে ‘Brave Heart:The Lizzie Velasquez Story’ নামেৰে। এসময়ত মানুহে হঁহা সেইগৰাকী নাৰীয়েই আজি মানুহৰ বাবে আত্মবিশ্বাস, সাহস আৰু প্ৰেৰণাৰ অমল উৎস হৈ জিলিকি উঠিছে।


[আগন্তুক সময়ত ওপৰত উল্লেখিত তিনিওখন কিতাপৰ PDF এই ব্লগতেই উপলব্ধ কৰিবলৈ প্ৰয়াস কৰিম।]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, July 22, 2016

আপোনাৰ সন্তানে কেইটা সাধু জানে? : স্মৃতিৰেখা সোণোৱাল

 3:59:00 PM     অভিজ্ঞতা     No comments   

আপুনি আপোনাৰ সন্তানটি ভৱিষ্যতে কেনে হোৱাটো বিচাৰে? বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞানত এশ শতাংশ পার্গতালি দেখুৱাই বার্ষিক পৰীক্ষাবিলাকত এশৰ ভিতৰত এশ, এশৰ ভিতৰত এশ পাঁচ (ভাল হাতৰ আখৰ আৰু চাফ-চিকুণতাৰ বাবে পাঁচ নম্বৰ) পোৱাটো নে এদিন ডাক্তৰ বা ইঞ্জিনীয়াৰ হৈ মাক-দেউতাকৰ বুকুখন এক ইঞ্চিমান ফুলাই দিয়াটো নে ওপৰৰ দুয়োটাই? বাঞ্ছা কৰাটো বেয়া নহয়; কিন্তু ইয়াৰ লগত সন্তানটোৰ নিজা শক্তি-সামর্থ্যৰ কথা জড়িত হৈ আছে, নিজা ৰুচি-অভিৰুচিৰ কথাও জড়িত হৈ আছে। বাকীবিলাক বাঞ্ছা কৰক বা নকৰক, দুটামান বস্তু বাঞ্ছা কৰাটো প্ৰয়োজনীয়। অন্যথা এইকেইটাৰ বিষয়ে আপুনি শিক্ষা নিদিয়াৰ বাবে এটা দিনত ই আপোনাকেই দহিব প্ৰথমে! এইটো কথা ধ্ৰুৱ সত্য যে অকল ডাক্তৰ, ইঞ্জিনীয়াৰ বা বিয়াগোম বিষয়াবোৰেই মানুহ নহয়; কিন্তু আজি সমাজৰ গৰিষ্ঠসংখ্যক অভিভাৱকেই নিজ সন্তানক এইকেইটাৰ পিছত দৌৰাব লাগিছে। নিজ হাতে জাৰৰপৰা পানী এগিলাচ লৈ খোৱাৰ শিক্ষা নিদিয়া তথা নোখোৱা সন্তানক ৰোগীৰ প্ৰাণ বচোৱাৰ দায়িত্ব ল’বলৈ আগবঢ়াই দিছে। পাৰে যদি সন্তানক কিছু আত্মনির্ভৰশীলতাৰ শিক্ষা দিব লাগে। অলপ দৰদী, অলপ সহানুভূতিশীল, দায়িত্বশীল, অলপ সমাজমুখী হ’বলৈ শিকাব লাগে। এশৰ ভিতৰত এশ পোৱাটোৱেই ডাঙৰ কথা নহয় যদিহে চৰিত্ৰত উজ্জ্বলতৰ দিশ এটা নাথাকে। নিজৰ কথা সকলোৱে ভাবে, অলপ আনৰ কথাও ভাবিবলৈ শিকালে ভাল। ব্যক্তিকেন্দ্ৰিক লোক এজনক সমাজে সময়ত পাহৰি যায়, কিন্তু নিঃস্ব হ’লেও সমাজকেন্দ্ৰিক লোক এজনক সবেই মনত ৰাখে। সমাজৰ বাবে কৰি যোৱা তেওঁৰ অৱদানবোৰক মৃত্যুৰ পিছতো সমাজে শ্ৰদ্ধাৰে সোঁৱৰে। অলপ মৰম, অলপ চেনেহ, অলপ সহানুভূতি প্ৰাণত নাথাকিলে মানুহ কেনেকৈ সমাজমুখী হ’ব পাৰে? সেয়ে ভৰাই দিয়ক শিশুটিৰ জোলোঙাটোত সহানুভূতিৰে জলমল এখন হিয়া, যি আনৰ দুখত দুখী, আনৰ সুখী। দুখবোধ, যন্ত্ৰনাবোধ, পৰিতাপ-অনুতাপৰ শিক্ষা দিবলৈয়ো নাপাহৰিব।
 

এই সমগ্ৰ গুণবিলাকক অতি কাষ চপাই আনে এটা মাত্ৰ কৌশল প্ৰয়োগে আৰু সেয়াই হ’ল—সাধু কথা কোৱা। সাধু শুনিলে ল’ৰা-ছোৱালীৰ মনবোৰ কোমল হয়। আপুনি যিটো ঠাঁচত সন্তানটিক গঢ় দিবলৈ বিচাৰিছে, সাধুৰ জৰিয়তে তাক সেইটো ঠাঁচত গঢ় দিবলৈ উজু হয়। সাধু দুই প্ৰকাৰৰ। এবিধৰ লক্ষ্য মুলতঃ নীতিশিক্ষা দিয়া। উদাহৰণস্বৰূপে পঞ্চতন্ত্ৰৰ সাধুবোৰ, হিতোপদেশ আৰু লা ফাণ্টেনৰ সাধুবোৰ। দ্বিতীয়বিধৰ উদ্দেশ্য মানুহৰ কল্পনাশক্তিক চেঁকুৰিবলৈ এৰি দি সকলো শ্ৰেণীৰ লোকৰ মনত আনন্দ তথা ৰসবোধ জন্মোৱা যদিও ঘাইকৈ শিশু, কিশোৰ-কিশোৰীৰ মনত। পাঁচ-ছয়বছৰ বয়সত শিশুৱে দুই-চাৰিটা মিছা কথা ক’বলৈ আৰম্ভ কৰে যদিওবা সকলো শিশুৱে নকয়। এই মিছা কথা কোৱাৰ গজালিটোক যদি কলিতেই উভালি নেপেলায়, পুলি হোৱালৈ বাট চাই থকা যায়, তেন্তে সময়ত কথা বিষম হ’ব। এটি শিশুৰ মিছা কথা কোৱাৰ বীজটো এই সাধুৰ জৰিয়তেই উভালি পেলাব পৰা যায়। আশ্ৰয় ল’ব পাৰে ‘এটা গৰখীয়া আৰু বাঘ’ৰ সাধুটোৰ। ককা, আইতা তথা সমাজৰ বয়োজ্যেষ্ঠ লোকৰ প্ৰতি আজিৰ অধিকাংশ ল’ৰা-ছোৱালীৰ বিৰাগভাৱ। ককা, আইতা তথা আন আন বয়োজ্যেষ্ঠ লোকৰ প্ৰতি সদয় হ’বলৈ, সহানুভূতিশীল হ’বলৈ ককা-আইতা থকা সাধুবোৰ শুনাব লাগে। ৰজা নাইকিয়া আমাৰ দেশখনত ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ বিষয়ে সম্যক জ্ঞান দিবলৈ ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধুবোৰ শুনাব লাগে। মনোগ্ৰাহীকৈ শুনাব পাৰিলে সিহঁতে সাধুৰ মাজৰ ৰাজকুমাৰ বা ৰাজকুমাৰীজনীৰ মাজত নিজকে বিচাৰি পাব। অসৎ সংগতকৈ নিঃসংগতাই ভাল— এই শিক্ষা দিবলৈ তথা দুষ্ট বন্ধুৰপৰা হ’ব পৰা লটি-ঘটিৰ বিষয়েও সাধুৰ জৰিয়তে আভাস দিব পাৰি। বুদ্ধিত তীখৰ, উপস্থিত বুদ্ধিসম্পন্ন সাধুবোৰ শুনাব পাৰিলে সন্তানৰ ভাবধাৰা বিকাশত সহায়ক হয়। এনেদৰে শিশুক ভিন ভিন অভিপ্ৰায় আগত ৰাখি সাধুবোৰ শুনাব পাৰি। কোনোটো সাধুৱেই অনর্থক কথাৰ চেলবেলনি নহয়। কোনো সাধুৱে দি যায় জীৱনৰ বাবে নীতি শিক্ষা আৰু আন কোনোবাটোৱে দি যায় ৰসাল আনন্দ। মনৰ পাখি উৰি যায় কল্পনাৰ ৰাজ্যলৈ আৰু এনেকৈ এদিন যেতিয়া সন্তানটিয়ে শুবৰ পৰত সদায় সাধু শুনিবৰ বাবে আবদাৰ কৰিব, আপুনি গম পাই যাব আপোনাৰ সাধু কোৱাৰ শ্ৰম আৰু লক্ষ্য দুয়োটাই সার্থক হৈছে।

সৰু সৰু ল’ৰা-ছোৱালী থকা ঘৰ এখনত ‘বুঢ়ী আইৰ সাধু’ কিতাপখন থকাটো যুগুত। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ কিতাপখন ইয়াৰ শতবর্ষত সময়োপযোগী ৰূপত সমুদ্ৰ গুপ্ত কাশ্যপে বৰ সুন্দৰকৈ সম্পাদনা কৰি উলিয়াইছে। ইয়াৰ উপৰি সামর্থ্যৰ ভিতৰত পাৰিলে আন আন দুই-চাৰিখন সাধুৰ কিতাপ ৰখাটো ভাল। আজৰি পৰত শিশুটিক সাধু কোৱাটো এটা ভাল অভ্যাস। বজাৰত ওলোৱা ৰংচঙীয়া কিতাপবোৰে শিশুহঁতক বৰকৈ আকর্ষণ কৰে। আকর্ষণ প্ৰথম কথা, তাৰপিছত শিশুটিয়ে নিজেই সেইখন পঢ়াৰ প্ৰতি ইচ্ছুক হৈ পৰিব।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Posts Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog